উৎসৱ
৫৮ প্ৰবন্ধ
-
খাৰ্চী পূজা
খাৰ্চী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ। এই পূজাত ত্ৰিপুৰাত থকা হিন্দু-বঙালীসকলৰ পৰম্পৰাৰ প্ৰভাৱ বিদ্যমান। পূজাত যি মূৰ্তি সজা হয়,তাত সম্পূৰ্ণকৈ মূৰ্তি নাসাজি কেৱল মূৰৰ অংশহে সজা হয়। মূৰ্তিত চৌবিশ জনা দেৱতাৰ মুখাৱয়ব সন্নিবিষ্ট হয়।
-
গৰোলস্কি চুইয়েণ্টো
গৰোলস্কি চুইয়েণ্টো (ইংৰাজী: Gorolski Święto; আক্ষৰিক অৰ্থ: গৰোলৰ উৎসৱ; Festiwal Gorolskigo) হ’ল আগষ্ট মাহৰ প্ৰথম সপ্তাহান্তত চেক গণৰাজ্যৰ জাবলুনকভত অনুষ্ঠিত হোৱা এক বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু লোক উৎসৱ। ই শুকুৰবাৰৰ পৰা দেওবাৰলৈকে চলে।
-
চাওমছ
চাওমছ (Chawmos, লগতে cawmōs, ghona chawmos yat, খোৱাৰ ভাষাত "chitrimas", 'চাতুৰ্মাছ্য'ৰপৰা উদ্ভৱ হোৱা) হৈছে পাকিস্তানৰ কালাশ লোকসকলৰ এক উৎসৱ। ইয়াক কেতিয়াবা chaumos বুলিও বানান কৰা হয়। এই উৎসৱ দুই সপ্তাহজুৰি শীতকালীন অয়নান্তৰ (৭-২২ ডিচেম্বৰ) সময়ত চাওমছ মাষ্ট্ৰুক মাহৰ আৰম্ভণিতে উদ্যাপন কৰা হয়।
-
চাপাৰন বেকাকাক
চাপাৰন বেকাকাক (Saparan Bekakak) হ’ল শ্লেমানৰ গাম্পিংৰ আম্বাৰকেটাৱাংত অনুষ্ঠিত হোৱা এটা উৎসৱ। এই অনুষ্ঠানটো গাম্পিং পৰ্বতৰ ৰক্ষকসকলৰ প্ৰতি উৎসৰ্গিত এক বলিদান, কিয়াই ৱিৰাচুতাক স্মৰণ কৰা এক উদযাপন আৰু চুলতান হামেংকুবুৱোনো প্ৰথমৰ প্ৰতি আনুগত্য প্ৰদৰ্শন হিচাপে আৰম্ভ হৈছিল।
-
চিলাম যোশী উৎসৱ
চিলাম যোশী উৎসৱ (ইংৰাজী: Chilam Joshi Festival, যাক চিলিম যোশী বুলিও লিখা হয়) হৈছে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কালাশা উপত্যকাত বাস কৰা কালাশ লোকসকলে উদযাপন কৰা এটা উৎসৱ। ই কালাশা সম্প্ৰদায়ৰ ভিতৰত বসন্তৰ আগমনক সূচায় আৰু প্ৰতি বছৰে ১৩ মে’ৰ পৰা ১৬ মে’লৈকে উদযাপন কৰা হয়।
-
ছংক্ৰান
ছংক্ৰান (Songkran) হৈছে থাইলেণ্ড, লাওচ, কম্বোডিয়া, ম্যানমাৰ, শ্ৰীলংকা, উত্তৰ-পূব ভাৰতৰ কিছু অংশ, ভিয়েটনামৰ কিছু অংশ আৰু চীনৰ জিচুয়াংবান্নাত উদযাপন কৰা পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। ছংক্ৰান শব্দটোৰ মূল হৈছে সংস্কৃত ভাষাৰ সংক্ৰান্তি।
-
ছাপন্ন ভোগ
ছাপন্ন ভোগ হৈছে ৫৬ বিধ ব্যঞ্জনৰ এক সংহতি। সাধাৰণতে বিভিন্ন উৎসৱ উদযাপনৰ সময়ত আৰাধ্যক এই ভোগ অৰ্পণ কৰা হয়। কাতি মাহৰ পূৰ্ণিমা তিথিত বিশেষকৈ এই ভোগ দিয়াৰ নিয়ম ভাৰতীয় সমাজত প্ৰচলিত আছে। কৃষ্ণ জন্মাষ্টমীৰ সময়ত হিন্দু লোক সকলে ৫৬ ভোগ গোটাই।
-
ছোৱালী দিৱস (গাৰ্লচ ডে)
ছোৱালী দিৱস চীনৰ এটা কেম্পাছ উৎসৱ। বেছিভাগ বিদ্যালয়েই আন্তৰ্জাতিক মহিলা দিৱসৰ আগদিনা ৭ মাৰ্চ তাৰিখটো ইয়াৰ বাবে নিৰ্ধাৰণ কৰে। সাধাৰণতে বিশ্বাস কৰা হয় যে ২০ শতিকাৰ শেষৰফালে চীনৰ বিশ্ববিদ্যালয়ৰপৰা ইয়াৰ বিকাশ ঘটি একবিংশ শতিকাৰ আৰম্ভণিতে ক্ৰমান্বয়ে সমগ্ৰ দেশতে বিয়পি পৰে।
-
ডংজি উৎসৱ
ডংজি উৎসৱ ( Dongzhi Festival) বা শীতকালীন অনন্তকাল উৎসৱ হৈছে ডংজি সৌৰকালত (শীতকালীন অনন্তকাল) পালন কৰা চীনৰ পৰম্পৰাগত উৎসৱ, যিটো ২১ ডিচেম্বৰৰপৰা ২৩ ডিচেম্বৰৰ ভিতৰত পৰে। এই উৎসৱৰ উৎপত্তি বিশ্বব্ৰহ্মাণ্ডৰ ভৰসাম্য আৰু সমন্বয়ৰ য়িন আৰু ইয়াং দৰ্শনৰ সৈতে জড়িত।
-
নৱৰেহ (কাশ্মিৰী নৱবৰ্ষ)
নৱৰেহ বা কাশ্মীৰী নৱবৰ্ষ কাশ্মিৰী হিন্দুসকলে তথা কাশ্মীৰৰ হিন্দুসকলৰ ভিতৰৰ আটাইতকৈ বেছি কাশ্মীৰী পণ্ডিতসকলে পালন কৰা কাশ্মিৰী নৱবৰ্ষৰ প্ৰথম দিনটোৰ উদ্যাপন।
-
পচোৱা
পচোৱা শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্যাপন কৰা হয়। অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে জনা যায়।
-
পট্টানাজে
পট্টানাজে ভাৰতৰ তুলুনাডুত উৎসৱৰ বতৰ শেষ হোৱাৰ এদিনীয়া উদযাপন। তুলুনাডুৰ জনসাধাৰণৰ সকলো ধৰণৰ উৎসৱৰ বাবে নিজস্ব ধৰ্মীয় আৰু সামাজিক সময়সীমা থাকে। ই এটা নিৰ্দিষ্ট দিনৰ উদযাপন যিটো তুলুভাৰ আঞ্চলিক পঞ্জিকাত বেছা (বেছা পাঠ) নামৰ দ্বিতীয় সৌৰ মাহৰ দশম দিনত সাধাৰণতে প্ৰতি বছৰৰ ২৪ বা ২৫ মে’ত পৰে।
-
পয় পি মাও
পয় পি মাও হৈছে অৰুণাচল প্ৰদেশ আৰু অসমত বসবাস কৰা টাই খামটিসকলে উদযাপন কৰা নৱবৰ্ষ উৎসৱ। টাই খামটি চন্দ্ৰ বৰ্ষপঞ্জী অনুসৰি নিৰ্ধাৰিত দিনত প্ৰতি বছৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়। গ্ৰেগৰিয়ান দিনপঞ্জী মতে এই উৎসৱৰ দিন নৱেম্বৰ আৰু/বা ডিচেম্বৰ মাহত পৰে।
-
পয়লেং
পয়-লেং (ইংৰাজী: Poi-Leng) অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।
-
পুষনা
পুষনা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ উপৰিও মেঘালয়ৰ গাৰোপাহাৰৰ সমতল ভূমিত বসবাস কৰা দেশী মুছলমানসকলে পুহ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এক পৰ্ব। ইয়াক পুষনে বুলিও কোৱা হয়। এই পৰ্ব মাঘ বিহুৰ সমপৰ্যায়ৰ যদিও এই পৰ্ব পালনৰ সুকীয়া ৰীতি নীতি আছে। পুষনাৰ আগদিনা গাঁৱৰ বিলত সমূহীয়াকৈ গঞা ৰাইজে মাছ মাৰে।
-
পোলেণ্ডত খ্ৰীষ্টমাচ
পোলেণ্ডত খ্ৰীষ্টমাচ বিশ্বৰ বেছিভাগ খ্ৰীষ্টান দেশৰ দৰেই এক বছৰেকীয়া প্ৰধান উৎসৱ। প্ৰাচীন কালৰ পৰা আৰম্ভ কৰি শতিকাজুৰি ধীৰে ধীৰে খ্ৰীষ্টমাছ পালন পৰম্পৰাৰ বিকাশ হৈছিল; কেথলিক গীৰ্জাই পোলেণ্ডক খ্ৰীষ্টানীকৰণ কৰাৰ পিছত পোলেণ্ডৰ পুৰণি পৰম্পৰাগত ৰীতি-নীতিৰ সৈতে প্ৰৱৰ্তন কৰা ধৰ্মীয় ৰীতি-নীতিৰ সংমিশ্ৰণ…
-
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা
পৰ্ণ ফিল্ম ফেষ্টিভেল ভিয়েনা (PFFV) হৈছে অট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা এক বাৰ্ষিক পৰ্ণগ্ৰাফী চলচ্চিত্ৰ মহোৎসৱ। ইয়াৰ লক্ষ্য হৈছে অট্ৰিয়া আৰু তাৰ বাহিৰৰ নৱাগত কামোদ্দীপক চলচ্চিত্ৰ নিৰ্মাতাসকলক স্থানীয় দৰ্শকৰ মাজত প্ৰসাৰিত কৰা। এই মহোৎসৱ পোনপ্ৰথমে ২০১৮ চনত অনুষ্ঠিত হৈছিল।
-
ভল্লা সাদ্যা
ভল্লা সাদ্যা (ইংৰাজী: Valla Sadya) হৈছে ভাৰতৰ কেৰালাৰ আৰনমুলাত অৱস্থিত হিন্দু মন্দিৰত উদ্যাপন কৰা এটা উৎসৱ। এই উৎসৱৰ সময়ত গাঁৱৰ লোকসকলে পাম্পা নদীত সৰ্প নৌকা দৌৰ আয়োজন কৰে আৰু মন্দিৰত এক ভোজৰ ব্যৱস্থা কৰা হয়। অষ্টমীৰোহিণীৰদিনা এই ভল্লা সাদ্যা অনুষ্ঠিত হয়।
-
মধুশ্ৰাৱনী
মধুশ্ৰাৱনী ( Modhushravani ) হৈছে মিথিলা অঞ্চলত নৱবিবাহিত মৈথিল মহিলাৰদ্বাৰা পালন কৰা এক হিন্দু উৎসৱ। ই জনপ্ৰিয় বিশ্বাস আৰু স্বামীৰ দীৰ্ঘায়ু আৰু মৈথিল ব্ৰাহ্মণ মহিলাৰ সুখী বিবাহিত জীৱনৰ বাবে বিখ্যাত।.
-
মন্তি ফেষ্ট
মন্তি ফেষ্ট হৈছে প্ৰতি বছৰে ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা কেথলিক খ্ৰীষ্টান উৎসৱ, ভাৰতৰ কোংকণ অঞ্চলৰ কোংকণী জনগোষ্ঠীৰ লেটিন খ্ৰীষ্টান সম্প্ৰদায় আৰু ভাৰতৰ কৰ্ণাটক কানাৰা উপ-অঞ্চলৰ কোংকণী খ্ৰীষ্টান প্ৰব্ৰজনকাৰীসকলে পালন কৰে। এই উৎসৱত পৱিত্ৰ কুমাৰী মেৰীৰ জন্মদিন উদ্যাপন কৰা হয়।
-
মাঙোন
মাঙোন গাৰো সমাজৰ প্ৰচলিত লোক উৎসৱ সমূহৰ ভিতৰত অন্যতম। এই উৎসৱ মৃত্যু ক্ৰিয়াৰ লগত জড়িত। গাৰো সমাজ এখনত এটা বছৰৰ ভিতৰত মৃত্যু হোৱা লোকসকলৰ সমূহীয়া শ্ৰাদ্ধ বছৰটোৰ শেষত নিৰ্দিষ্ট কোনো এটা দিনত পতা হয়, ইয়েই মাঙোন উৎসৱ। গাৰো সমাজত কোনো ব্যক্তিৰ মৃত্যু ঘটিলে শিঙা বজাই গাঁৱত জাননী দিয়ে।
-
মেলা চিৰাঘন
মেলা চিৰাঘন বা মেলা শ্বালিমাৰ অথবা "পোহৰৰ উৎসৱ" হৈছে ষোড়শ শতিকাত লাহোৰত বাস কৰা পাঞ্জাবী কবি আৰু চুফী সন্ত শ্বাহ হুছেইন (১৫৩৮ – ১৫৯৯)ৰ উৰুচ (মৃত্যুৰ বাৰ্ষিকী) উপলক্ষ্যে পালন কৰা তিনিদিনীয়া বাৰ্ষিক উৎসৱ।
-
লাল লৈ
লাল লৈ (Lal Loi) হৈছে সিন্ধী ভাষাৰ এটি শব্দ যিয়ে পঞ্জাবী শীতকালীন লোক উৎসৱ লহৰীক বুজায়। ভাৰত আৰু পাকিস্তানৰ সিন্ধু প্ৰদেশৰ কিছু অঞ্চলত বসবাসকাৰী হিন্দু ধৰ্মাৱলম্বী সিন্ধীসকলে এই উৎসৱ পালন কৰে। লাল লৈৰ দিনা শিশুসকলে তেওঁলোকৰ ককা-আইতা, খুড়ী-পেহীসকলৰ পৰা কাঠ-খৰি আদি মাগি আনে।
-
শাঙ্গো উৎসৱ
শাঙ্গো উৎসৱ হৈছে য়োৰুবা জনগোষ্ঠীৰ মাজত বছৰি উদ্যাপন কৰা এটা ধৰ্মীয়-সাংস্কৃতিক উৎসৱ। এই উৎসৱ শাঙ্গোৰ সন্মানত পালন কৰা হয়, যি আছিল বজ্ৰ আৰু অগ্নিৰ দেৱতা তথা অয়ো সাম্ৰাজ্যৰ তৃতীয় ৰজা। তেওঁ নিজৰ জ্যেষ্ঠ ভাতৃ আজাকাৰ পাছত সিংহাসনত আৰোহণ কৰিছিল।
-
শ্বাক্ৰেইন
শ্বাক্ৰেইন উৎসৱ বা চিলা উৎসৱ বাংলাদেশৰ ঢাকাত চিলা বা বাংলা ভাষাত ঘূৰি উৰুৱাই পালন কৰা বাৰ্ষিক উদ্যাপন। পুৰণি ঢাকা আধাৰিত বঙালী মুছলমান ঢাকাইয়া জনগোষ্ঠীয়ে এই উৎসৱ অনন্যভাৱে উদ্যাপন কৰে। বাংলা পঞ্জিকাৰ নৱম মাহ পুহ মাহৰ শেষত (গ্ৰেগ’ৰিয়ান পঞ্জিকা অনুসৰি ১৪ বা ১৫ জানুৱাৰী) ই উদযাপিত হয়।
-
হিষ্টেৰিয়া: এ ফেষ্টিভেল অৱ উইমেন
হিষ্টেৰিয়া: এ ফেষ্টিভেল অৱ উইমেন আছিল টৰণ্টোত পুনৰাবৃত্তিমূলক কলা উৎসৱ। ২০০৩ চনত নাইটউড থিয়েটাৰৰ সহযোগত বেড টাইমছ থিয়েটাৰ কোম্পানীত বাড্ডিজৰ ময়নান কিঙে ইয়াক প্ৰতিষ্ঠা কৰে।
-
হ্যালোইন
হ্যালোইন বা হ্যালোৱেন(ইংৰাজী:Halloween) সাধাৰণভাৱে অলহেল'ৱিন, অল হ্যালোৱেন, বা অল চেন্টছ ইভ নামেৰে জনাজাত) হৈছে বহু দেশত ৩১ অক্টোবৰত পালন কৰা এক উদযাপন, দ্য... অল হেল’ছ ডে’ৰ পশ্চিমীয়া খ্ৰীষ্টান উৎসৱ।
-
ৰজা ফাকুৱা
ৰজা ফাকুৱা হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰতিবছৰে অনুষ্ঠিত কৰা দৌল উৎসৱ। এই উৎসৱ আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰে পৰা পালিত হৈ আহিছে। প্ৰতি বছৰ চ’ত মাহৰ শুক্লা দ্বিতীয়া তিথিত ৰজা ফাকুৱা বা ৰজা দৌল পালন কৰা হয়।