লাল লৈ (Lal Loi) হৈছে সিন্ধী ভাষাৰ এটি শব্দ যিয়ে পঞ্জাবী শীতকালীন লোক উৎসৱ লহৰীক বুজায়।১২ ভাৰত আৰু পাকিস্তানৰ সিন্ধু প্ৰদেশৰ কিছু অঞ্চলত বসবাসকাৰী হিন্দু ধৰ্মাৱলম্বী সিন্ধীসকলে এই উৎসৱ পালন কৰে। লাল লৈৰ দিনা শিশুসকলে তেওঁলোকৰ ককা-আইতা, খুড়ী-পেহীসকলৰ পৰা কাঠ-খৰি আদি মাগি আনে। ৰাতি সেই খৰিৰে জুই জ্বলাই জুইৰ চাৰিওফালে সকলোৱে গীত-নৃত্য, খেল-ধেমালি আদি কৰি আনন্দ-উপভোগ কৰে।
সিন্ধিসকলে বিশ্বাস কৰে যে লাল লৈৰ উদ্দেশ্য হʼব লাগে পুৰণি বস্তুবোৰৰ পৰা পৰিত্ৰাণ পোৱা আৰু তিৰমুৰ উৎসৱৰ প্ৰস্তুতিৰ বাবে আত্মশুদ্ধি কৰা। সিন্ধীসকলে লাল লৈৰ পিছদিনাখন তিৰমুৰ উৎসৱ উদযাপন কৰে। তিৰমুৰ হৈছে মকৰ সংক্ৰান্তিৰ সিন্ধি নাম।৩ সিন্ধিসকলৰ বাবে, মকৰ সংক্ৰান্তিৰ অৰ্থ হৈছে ভগৱান সূৰ্যক পূজা কৰা আৰু চিলা উৰোৱা।৪
কিছুমানৰ মতে সকলো সিন্ধীলোকে লাল লৈ উৎসৱ পালন নকৰে৫ আৰু এই উৎসৱটো হয়তো উজনি সিন্ধু প্ৰদেশৰ লোকসকলে পালন কৰিছিল য’ত ঐতিহাসিকভাৱেই পঞ্জাবৰ পৰা অভ্যন্তৰীণ প্ৰব্ৰজন ঘটি আছে।৬ সিন্ধু প্ৰদেশৰ ক’ত লাল লৈ পালন কৰা হৈছিল বা এতিয়া তাত পালন কৰা হয় নে নহয় সেয়া নিৰ্ণয় কৰাটো অৱশ্যে কঠিন। কিন্তু ভাৰতৰ সিন্ধী সম্প্ৰদায়ৰ লোকে প্ৰতি বছৰে লাল লৈ পালন কৰে। সিন্ধু সভাৰ৭ পৃষ্ঠপোষকতাত ইন্দোৰ, মুম্বাই আৰু উদয়পুৰৰ দৰে চহৰসমূহতো এই উৎসৱৰ আয়োজন কৰা হয়।৮
যিবোৰ চহৰত সিন্ধী আৰু পঞ্জাবীসকল একেলগে বসবাস কৰে সেইবোৰ ঠাইত যৌথভাৱে লাল লৈ/লহৰী উৎসৱৰ আয়োজন কৰা হয়।৯
লগতে চাওক
- মকৰ সংক্ৰান্তি
- পোংগল
- অহীৰ
- মাঘ বিহু
- সংক্ৰান্তি
- শীতকালীন অয়নান্ত
- লহৰী
তথ্যসূত্ৰ
- ↑ Mandir Events Jhuelel Mandir
- ↑ Sindhi Rasoi
- ↑ J P Vaswani: Destination Happiness
- ↑ Nidhin Singhi "Lohri gaiety warms all" Times of India 13 01 2012
- ↑ Nidhin Singhi "Lohri gaiety warms all" Times of India 13 01 2012
- ↑ Kumar, P. Pratap (2014) Contemporary Hinduism
- ↑ Hindustan Times: 12 01 2014
- ↑ Udaipur Times, Gaurav Bhandari 13 01 2013
- ↑ Merinews: Dr Lalit Kishore 08 01 2014
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাল লৈ” প্ৰবন্ধৰ সংশোধন ৫০৯৫৭৮ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।