অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পচোৱা

পচোৱা শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্‌যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্‌যাপন কৰা হয়। অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে জনা যায়।

হালনাগাদ: ১১ মে’ ২০২৫ ১৯২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ
২০১৩ চনৰ পচোৱাত ৰঞ্জিত গগৈৰ অনুষ্ঠান
২০১৩ চনৰ পচোৱাত ৰঞ্জিত গগৈৰ অনুষ্ঠানছবি: Nitu Das NK · CC BY-SA 4.0
২০১৪ চনৰ পচোৱাত সীমান্ত শেখৰৰ অনুষ্ঠান
২০১৪ চনৰ পচোৱাত সীমান্ত শেখৰৰ অনুষ্ঠানছবি: Nitu Das NK · CC BY-SA 4.0
বিহু হুচঁৰি,২০১৪ চন
বিহু হুচঁৰি,২০১৪ চনছবি: Nitu Das NK · CC BY-SA 4.0
চিত্ৰাংকন প্ৰতিযোগিতা, ২০১৪ চন
চিত্ৰাংকন প্ৰতিযোগিতা, ২০১৪ চনছবি: Nitu Das NK · CC BY-SA 4.0

পচোৱা ১ শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত অনুষ্ঠিত ৰঙালী বিহু উদ্‌যাপনৰ বাৰ্ষিক উৎসৱ। সাধাৰণতে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বসন্তৰ আগমনৰ প্ৰাকক্ষণতে এই অনুষ্ঠান উদ্‌যাপন কৰা হয়। অসমীয়া সমাজত বʼহাগ মাহত বলা বতাহজাকক পচোৱা বতাহ হিচাপে জনা যায়। এদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱটিত বিভিন্ন ধৰণৰ খেল-ধেমালি,চিত্ৰাংকন প্ৰতিযোগিতা,হুঁচৰি প্ৰতিযোগিতা,আধুনিক নৃত্য প্ৰতিযোগিতা, আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ২০১২ চনত কেইজনমান ছাত্ৰ আৰু প্ৰবক্তাৰ সহযোগিতাত প্ৰথমবাৰৰ বাবে পচোৱা উদ্‌যাপন কৰা হৈছিল আৰু তেতিয়াৰে পৰা প্ৰত্যেক বছৰে সকলোৱে মিলি এই অনুষ্ঠানটি সফল কৰি আহিছে। তদুপৰি বিহুৰ লগত সংগতি ৰাখি বৰ্হমথুৰি নামেৰে এখন আলোচনীও প্ৰকাশ কৰা হয়।২

ইতিহাস

সম্পূৰ্ণৰূপে আৱাসিক এই প্ৰতিষ্ঠান খনত অধ্যয়নৰত আৰু শিক্ষকতা কৰি থকা অসমীয়া ছাত্ৰ আৰু অধ্যাপক সকলে শিক্ষায়তনিক বাধ্যবাধকতাৰ বাবে ব'হাগ বিহুৰ সময়ত নিজৰ পৰিয়ালৰ সৈতে উপভোগ কৰিবলৈ সাধাৰণতে আঁহৰি নাপায়। সেয়ে ২০১২ চনত কিছু ছাত্ৰ আৰু অধ্যাপকৰ প্ৰচেষ্টাত পচোৱাৰ জন্ম হয়। বৰাক উপত্যকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা ভাষা আৰু সংস্কৃতিৰ দিশৰে ভালেখিনি পৃথক। অসমৰ ভৌগোলিক অৱস্থানৰ ভিতৰতে যদিও এই অঞ্চলত বিহু জাতীয় উৎসৱ হিচাপে পালন কৰা নহয়। সেয়ে বৰাক উপত্যকাবাসী অসমীয়াসকলক একত্ৰিত কৰা আৰু আন অন্য প্ৰদেশ আৰু আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ সকলৰ জৰিয়তে অসমীয়া সভ্যতা-সংস্কৃতি জগতবাসীক পৰিচয় কৰাই দিয়া ইয়াৰ জন্মলগ্নৰে উদ্দেশ্য আছিল। ইতিমধ্যে তৃতীয় সংস্কৰণ পাৰ কৰা পচোৱা এই দিশত ভালেখিনি সফল হ'বলৈ সক্ষম হৈছে।

তথ্যসূত্ৰ

  1. ↑ www.nits.ac.in/campuslife/festivals.php{{Dead link|date=May 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ www.scribd.com/doc/236428998/Borhomthuri#scribd

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পচোৱা” প্ৰবন্ধৰ সংশোধন ৫০৭৮০৬ (১১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।