অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

খাৰ্চী পূজা

খাৰ্চী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ। এই পূজাত ত্ৰিপুৰাত থকা হিন্দু-বঙালীসকলৰ পৰম্পৰাৰ প্ৰভাৱ বিদ্যমান। পূজাত যি মূৰ্তি সজা হয়,তাত সম্পূৰ্ণকৈ মূৰ্তি নাসাজি কেৱল মূৰৰ অংশহে সজা হয়। মূৰ্তিত চৌবিশ জনা দেৱতাৰ মুখাৱয়ব সন্নিবিষ্ট হয়।

হালনাগাদ: ২৯ জুলাই ২০২৬ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

খাৰ্চী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ। এই পূজাত ত্ৰিপুৰাত থকা হিন্দু-বঙালীসকলৰ পৰম্পৰাৰ প্ৰভাৱ বিদ্যমান। পূজাত যি মূৰ্তি সজা হয়,তাত সম্পূৰ্ণকৈ মূৰ্তি নাসাজি কেৱল মূৰৰ অংশহে সজা হয়। মূৰ্তিত চৌবিশ জনা দেৱতাৰ মুখাৱয়ব সন্নিবিষ্ট হয়। সেইবোৰ হ'ল- হৰ, উমা, হৰি, মা,বালি, কুমাৰ গণেশ, ব্ৰাহ্মা, পৃথিৱী, গংগা, অৱদি, অগ্নি, কামেশ আৰু হিমাদ্ৰি। এই আটাইবোৰ দেৱ- দেৱীকে দুৰ্গা পূজাত মহামায়া দুৰ্গা আৰু তেওঁৰ পৰিয়ালবৰ্গক যি ভাৱে পূজা কৰা হয়, ঠিক সেইভাৱেই পূজা -অৰ্চনা কৰা হয়। এই পূজাৰ সময়ত ত্ৰিপুৰাত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো মানুহৰ সমাগম হয়। প্ৰায় সাতশ বছৰীয়া পুৰণি এই পূজাৰ পৰম্পৰাই জনজাতি আৰু অজনজাতি সকলো ত্ৰিপুৰাবাসীকে একতাৰ দোলেৰে বান্ধি ৰাখিছে।১

তথ্যসূত্ৰ

  1. ↑ কাৰছি. (২৭মে,১৯৯৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ,পাণবজাৰ,গুৱাহাটী -১

সম্পৰ্কিত শ্ৰেণী

উৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খাৰ্চী পূজা” প্ৰবন্ধৰ সংশোধন ৬২১১৫১ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।