অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভল্লা সাদ্যা

ভল্লা সাদ্যা (ইংৰাজী: Valla Sadya) হৈছে ভাৰতৰ কেৰালাৰ আৰনমুলাত অৱস্থিত হিন্দু মন্দিৰত উদ্‌যাপন কৰা এটা উৎসৱ। এই উৎসৱৰ সময়ত গাঁৱৰ লোকসকলে পাম্পা নদীত সৰ্প নৌকা দৌৰ আয়োজন কৰে আৰু মন্দিৰত এক ভোজৰ ব্যৱস্থা কৰা হয়। অষ্টমীৰোহিণীৰদিনা এই ভল্লা সাদ্যা অনুষ্ঠিত হয়।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ২৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

, তিতা কেৰালাৰ থোৰান, আভিয়াল, কালান, নেমুৰ আচাৰ, চাম্বাৰ; মাজত উতলা চাউলৰ ভাতৰ সৈতে মলিঘা বা ঘোল (buttermilk)]]

ভল্লা সাদ্যা (ইংৰাজী ভাষা: Valla Sadya) হৈছে ভাৰতৰ কেৰালাৰ আৰনমুলাত অৱস্থিত হিন্দু মন্দিৰত উদ্‌যাপন কৰা এটা উৎসৱ। এই উৎসৱৰ সময়ত গাঁৱৰ লোকসকলে পাম্পা নদীত সৰ্প নৌকা দৌৰ আয়োজন কৰে আৰু মন্দিৰত এক ভোজৰ ব্যৱস্থা কৰা হয়। অষ্টমীৰোহিণীৰদিনা এই ভল্লা সাদ্যা অনুষ্ঠিত হয়। বিশ্বাস কৰা হয় যে ভল্লা সাদ্যাৰ সময়ত মন্দিৰৰ প্ৰধান উপাস্য দেৱতা কৃষ্ণই নিজেই ভক্তসকলৰপৰা নৈৱেদ্য গ্ৰহণ কৰিবলৈ আহে। প্ৰবাদ অনুসৰি, ভগৱানক সন্তুষ্ট কৰিবলৈ ভল্লা সাদ্যাত মানুহে বিচৰা সকলো ধৰণৰ ব্যঞ্জন পৰিৱেশন কৰিব লাগে।

সাধাৰণ নৈৱেদ্যসমূহ

সাদ্যা হৈছে আয়ুৰ্বেদিক পৰম্পৰাৰ ওপৰত আধাৰিত এবিধ নিৰামিষ ভোজ। প্ৰতি সাঁজ খাদ্যত কলপাতত পৰিৱেশন কৰা ১০ৰপৰা ২০ বিধলৈকে ব্যঞ্জন থাকে। কৃষ্ণৰ জন্মজয়ন্তী অৰ্থাৎ অষ্টমী ৰোহিণীৰদিনা ইয়াত সৰ্বাধিক ৬৪বিধ পৰ্যন্ত ব্যঞ্জন প্ৰস্তুত কৰা হয়।১

ইয়াৰে কিছুমান উল্লেখযোগ্য ব্যঞ্জন আৰু খাদ্য তলত উল্লেখ কৰা হ'ল:

  • পাৰিপ্পু - ভাত, পাপড় আৰু ঘিউৰ সৈতে খোৱা এবিধ ডাঠ দাইলৰ ব্যঞ্জন।২
  • পুলিচেৰী - ডাঠ আৰু টেঙা মলিঘা বা ঘোল (buttermilk) দি প্ৰস্তুত কৰা তৰকাৰী।২
  • কলৰ চিপচ২
  • শৰ্কৰা বৰাট্টি আৰু পুভান পালাম২
  • আৰাভানা পায়সম - চাউল, গুড় আৰু ঘিউৰে প্ৰস্তুত কৰা খিৰ বা পায়স।২
  • কালিপাঝাম পায়সম - কলেৰে প্ৰস্তুত কৰা পায়স।৩
  • উন্নীআপ্পম৩
  • চাম্বাৰ
  • ৰচম
  • আভিয়াল৩
  • কালান
  • ওলান
  • কুত্তুকাৰী
  • কিচ্চাড়ী
  • পাচাড়ী৩
  • ইঞ্জিগুলি
  • থোৰান
  • আচৰণ - মচলাযুক্ত কেঁচা আম, নেমু বা জৰা নেমুৰ আচাৰ।

ভল্লা সাদ্যাৰ নীতি-নিয়ম

ভল্লা সাদ্যা ভক্তসকলে পাৰ্থসাৰথিৰ (ভগৱান কৃষ্ণৰ আন এটা নাম) নামত এক "বজিপাড়ু" (অৰ্থাৎ মানসী বা বিশেষ নৈৱেদ্য) হিচাপে আয়োজন কৰে। এই ভল্লা সাদ্যা যিকোনো এখন নৌকা বা নাওৰ বাবে উৎসৰ্গা কৰা হয়। ভল্লা সাদ্যাৰদিনা নাৱৰীয়াসকলে নাৱেৰে নদীৰ বুকুৱেদি মন্দিৰলৈ আহে। তেওঁলোকে সোণৰ প্ৰলেপ থকা মন্দিৰৰ ধ্বজস্তম্ভৰ সন্মুখত থকা নাদাপ্পান্থালত মুখ্য দেৱতাৰ উদ্দেশ্যে নিৰাপাৰা (শস্যৰে ভৰ্তি পৰম্পৰাগত পাত্ৰ) অৰ্পণ কৰে আৰু কৃষ্ণ ভজন (ভাঞ্চি পাত্তু) গাই গাই মন্দিৰটো প্ৰদক্ষিণ কৰে। সমগ্ৰ পৰিৱেশটো পাৰ্থসাৰথিৰ প্ৰশংসাসূচক ছন্দময় ভাঞ্চি পাত্তু গীতৰ ধ্বনিৰে মুখৰিত হৈ পৰে। মন্দিৰত দুপৰীয়াৰ পূজা (উচ্চ পূজা) সমাপ্ত হোৱাৰ পিছতেই ভল্লা সাদ্যা আৰম্ভ হয়। ভোজ গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকে কৃষ্ণৰ মহিমা কীৰ্তন কৰি ভাঞ্চি পাত্তু গাই গাই মন্দিৰটো প্ৰদক্ষিণ কৰে।৪

কৃষ্ণৰ জন্মজয়ন্তী অৰ্থাৎ অষ্টমী ৰোহিণীৰদিনা পাৰ্থসাৰথিৰ সকলো ভক্তৰ বাবে ভল্লা সাদ্যাৰ আয়োজন কৰা হয়। প্ৰতি বছৰে প্ৰায় একৰপৰা দুই লাখ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বেছিভাগ পাল্লিয়োদাম (সৰ্প নৌকা) এই ভোজত সন্মিলিত হয়।৫

ভক্তসকলৰ নৈৱেদ্য গ্ৰহণ কৰিবলৈ আৰু ভল্লা সাদ্যাত অংশ ল'বলৈ পাম্পা নদীৰ বুকুৱেদি আৰনমুলা পাৰ্থসাৰথি মন্দিৰৰ দিশে অগ্ৰসৰ হোৱা মেলুক্কাৰাৰ এখন পাল্লিয়োদাম (সৰ্প নৌকা)।
ভক্তসকলৰ নৈৱেদ্য গ্ৰহণ কৰিবলৈ আৰু ভল্লা সাদ্যাত অংশ ল'বলৈ পাম্পা নদীৰ বুকুৱেদি আৰনমুলা পাৰ্থসাৰথি মন্দিৰৰ দিশে অগ্ৰসৰ হোৱা মেলুক্কাৰাৰ এখন পাল্লিয়োদাম (সৰ্প নৌকা)।ছবি: Alenalexp · CC BY-SA 4.0

বিভিন্ন ঘটনাৱলী

২০১৮ চনৰ কেৰালাৰ ভয়াবহ বানপানীৰ সময়তো মন্দিৰটো এই উৎসৱ উদ্‌যাপনৰ বাবে খোলা ৰখা হৈছিল আৰু ৯২টা নৈৱেদ্য অৰ্পণ কৰা হৈছিল। ২০২০ আৰু ২০২১ চনত ক'ভিড-১৯ মহামাৰীৰ বাবে জাপি দিয়া বিভিন্ন বাধা-নিষেধৰ ফলত এই উৎসৱটি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছিল।৬

আৰু চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Griffiths, Chris. An Indian meal with more than 60 dishes
  2. ↑ Paitandy, Priyadarshini. (2020-08-26). Want a traditional Onam sadhya? Here's what you can order this year. The Hindu
  3. ↑ In search of Sadhya. The New Indian Express
  4. ↑ Aranmula Valla Sadya. Kerala Tourism
  5. ↑ (9 July 2025). Kerala's famed Aranmula Vallasadya feast, the largest in India, begins on July 13: What's it all about?. Onmanorama
  6. ↑ Uncertainty looms over 'Valla Sadhya' at Aranmula temple due to COVID crisis. Mathrubhumi

সম্পৰ্কিত শ্ৰেণী

কেৰালাউৎসৱ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভল্লা সাদ্যা” প্ৰবন্ধৰ সংশোধন ৬২৯০১৮ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।