ৰেজা শ্বাহ পাহলৱী১ ৰ জন্মগত নাম আছিল ৰেজা খান। ( জন্ম,১৫ মাৰ্চ ১৮৭৮ – মৃত্যু,২৬ জুলাই ১৯৪৪) ১৯২৫ চনৰপৰা ১৯৪১ চনলৈকে তেওঁ ইৰাণৰ শ্বাহ আছিল তথা পাহলৱী বংশৰ প্ৰতিষ্ঠাপক আছিল। এজন সামৰিক বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰেজা শ্বাহে পিছলৈ এগৰাকী ৰাজনীতিবিদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে। তেওঁ ইৰানৰ যুদ্ধ মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু শেষৰজন কাজাৰ ৰজা আহমদ শ্বাহক উৎখাত কৰাৰ পাছত ইৰানৰ শ্বাহ বা সম্ৰাট নিৰ্বাচিত হৈছিল।২
১৪ বছৰ বয়সত পাৰ্চী কছাক ব্ৰিগেডত যোগদান কৰি তেওঁ ক্ৰমান্বয়ে ৰেংকসমূহৰ মাজেৰে উন্নীত হয় আৰু ১৯২১ চনৰ ভিতৰত ব্ৰিগেডিয়াৰ জেনেৰেল হয়। ৩ ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত কাজভিন প্ৰদেশত নিয়োজিত সমগ্ৰ কছাক ব্ৰিগেডৰ নেতা হিচাপে তেওঁ তেহৰাণৰফালে আগবাঢ়ি গৈ ৰাজধানী দখল কৰে। চৰকাৰ ভংগ কৰিবলৈ বাধ্য কৰাই জিয়া-উল-দিন টাবাতাবাইক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। নতুন চৰকাৰত ৰেজা খানৰ প্ৰথম ভূমিকা আছিল সেনাবাহিনীৰ প্ৰধান সেনাধ্যক্ষ আৰু যুদ্ধ মন্ত্ৰী হিচাপে। ৪ অভ্যুত্থানৰ দুবছৰৰ পাছত ইৰাণৰ নিষ্ঠাৱান ৰাষ্ট্ৰীয় বিধানসভাৰ সহযোগত ৰেজা পাহলৱী ইৰানৰ প্ৰধানমন্ত্ৰী হয়। ১৯২৫ চনত সংবিধান সভাই আহমদ শ্বাহক পদচ্যুত কৰি ১৯০৬ চনৰ ইৰাণৰ সংবিধান সংশোধন কৰি ৰেজা পাহলৱীক ইৰাণৰ শ্বাহ হিচাপে নিৰ্বাচিত কৰে। তেওঁ পাহলৱী বংশ প্ৰতিষ্ঠা কৰে, ১৯৭৯ চনত ইৰাণী বিপ্লৱৰ ফলত অন্ত হোৱা ৰাজতন্ত্ৰ সময়লৈকে পাহলৱী বংশ তথা তেওঁৰ পুত্ৰ মহম্মদ ৰেজা শ্বাহে শাসন কৰি আছিল।৫
১৯২৫ চনত ব্ৰিটিছ সমৰ্থিত অভ্যুত্থানেৰে কাজাৰ বংশৰ শেষৰজন শ্বাহ আহমদ শ্বাহ কাজাৰক উৎখাত কৰি পাহলৱী বংশ প্ৰতিষ্ঠা কৰা ৰেজা শ্বাহক ১৯৪১ চনৰ ১৬ ছেপ্টেম্বৰত এংলো-ছোভিয়েট বাহিনীয়ে ইৰাণ আক্ৰমণ কৰাৰ সময়ত তেওঁক বলপূৰ্বকভাৱে ক্ষমতাৰপৰা আঁতৰাই দিয়া হৈছিল।
ৰেজা শ্বাহে ইৰানৰ আধুনিকীকৰনৰ ওপৰত গুৰুত্ব দিছিল। সেয়ে ছিয়া ধৰ্মগুৰুসকলৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু তেওঁৰ ৰাজত্বকালত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন কৰে আৰু শেষত আধুনিক ইৰাণী ৰাষ্ট্ৰৰ ভেটি স্থাপন কৰে। সেয়েহে তেওঁক আধুনিক ইৰাণৰ প্ৰতিষ্ঠাপক হিচাপে বহুতে গণ্য কৰে।৪
প্ৰাৰম্ভিক জীৱন
১৮৭৮ চনৰ ১৫ মাৰ্চত মেজৰ আব্বাছ-আলী খান আৰু তেওঁৰ পত্নী নৌছ-আফাৰিনৰ ঘৰত মাজান্দাৰাণ প্ৰদেশৰ সাভাদকুহ কাউণ্টিৰ আলাষ্ট চহৰত ৰেজা খানৰ ৬ জন্ম হয়। ৭৮৯ তেওঁৰ মাতৃ নৌছ-আফাৰিন আইৰ'মলু জৰ্জিয়া বা য়েৰেভান (তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্যৰ অংশ)ৰপৰা অহা অনুপ্ৰৱেশকাৰী আছিল; ১০ ৰেজা শ্বাহৰ জন্মৰ কেইবা দশক আগতে ৰুছ-পাৰ্চী যুদ্ধৰ পিছত ককেছাছৰ সকলো ভূ-খণ্ড এৰি দিবলৈ বাধ্য হোৱাৰ পিছত তেওঁৰ পৰিয়ালে কাজাৰ ইৰাণলৈ প্ৰব্ৰজন কৰিছিল। তেওঁৰ পিতৃ এজন মাজান্দাৰাণী আৰু পালানি বংশৰ সদস্য আছিল, আব্বাছ-আলী খানক ৭ম সাৱদকুহ ৰেজিমেণ্টত কমিচন দিয়া হৈছিল আৰু ১৮৫৬ চনত হেৰাটৰ দ্বিতীয় যুদ্ধত ভাগ লৈছিল।১১১২
১৮৭৮ চনৰ ২৬ নৱেম্বৰত আব্বাছ-আলীৰ হঠাৎ মৃত্যু হয়, তেতিয়া ৰেজাৰ বয়স মাত্ৰ ৮ মাহ আছিল। পিতৃৰ মৃত্যুৰ পাছত ৰেজা আৰু মাক তেহৰাণৰ ভাতৃৰ ঘৰলৈ গুচি যায়। ১৮৭৯ চনত ৰেজাক খুড়াক এজনৰ তত্ত্বাৱধানত এৰি দি পুনৰ বিবাহপাশত আবদ্ধ হয়। ১৮৮২ চনত খুড়াকে ৰেজাক পৰিয়ালৰ বন্ধু আমিৰ তুমান কাজিম খানৰ ওচৰলৈ পঠিয়াইছিল; কাজিম খান পাৰ্চী কছাক ব্ৰিগেডৰ এজন বিষয়া আছিল। ৰেজাৰ ঘৰত এটা সুকীয়া কোঠা আছিল আৰু কাজিম খানৰ সন্তানৰ সৈতে পঢ়াৰ সুযোগ দিয়া হৈছিল, ঘৰুৱা শিক্ষকসকল ঘৰলৈ গৈ পঢ়ুৱাইছিল। ১৩ ৰেজা ষোল্ল বছৰ বয়সত তেওঁ পাৰ্চী কছাক ব্ৰিগেডত যোগদান কৰে। ১৯০৩ চনত যেতিয়া তেওঁৰ বয়স ২৫ বছৰ আছিল, তেতিয়া তেওঁ ডাচ কনছুল জেনেৰেল ফ্ৰিডলিন মেৰিনাছ নোবেলৰ দেহৰক্ষী আৰু ভৃত্য আছিল বুলি কোৱা হয়।১৪ ১৯০৩ চনত তেহৰাণত অনুষ্ঠিত হোৱা "হাজ্জি আখণ্টৰ বাবি চক্ৰ"ৰ এখন বৈঠকত ৰেজাক সাক্ষাৎ কৰি কথা পতা মৰিটছ ৱেগেনভ'ৰ্টে ১৯২৬ চনৰ এটা প্ৰকাশনত তেওঁক "ডাচ কনছুল জেনেৰেলৰ সেৱাৰ দাস" বুলি উল্লেখ কৰিছিল আৰু পশ্চিমীয়া ৰাজনীতিৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহৰ কথা উল্লেখ কৰিছিল। ১৫
ৰেজাই ইম্পেৰিয়েল আৰ্মীত সেৱা আগবঢ়াইছিল। তেওঁৰ প্ৰাৰম্ভিক কেৰিয়াৰ আৰম্ভ হৈছিল কাজাৰ ৰাজকুমাৰ আব্দল-হুছেইন ফাৰ্মান ফাৰ্মাৰ কমাণ্ডত ব্যক্তিগত হিচাপে। ফাৰ্মান ফাৰ্মাই ৰেজাৰ সম্ভাৱনা দেখি তেওঁক সামৰিক বিদ্যালয়লৈ পঠিয়াই দিলে, য’ত তেওঁ আৰ্টিলাৰী চাৰ্জেণ্টৰ পদবী লাভ কৰে। ১৯১১ চনত তেওঁ পৰৱৰ্তী প্ৰচাৰ অভিযানত নিজৰ যোগ্যতা প্ৰমাণ কৰি প্ৰথম লেফটেনেণ্ট পদত পদোন্নতি লাভ কৰে। মেচিনগান চলোৱাত তেওঁৰ দক্ষতাৰ বাবে ১৯১২ চনত তেওঁ কেপ্তেইন পদবী লাভ কৰে। ১৯১৫ চনলৈকে তেওঁ কৰ্ণেল পদত পদোন্নতি লাভ কৰে।১৬ তেওঁৰ সামৰিক সেৱাৰ অভিলেখৰ বাবেই অৱশেষত তেওঁক পাৰ্চী কছাক ব্ৰিগেডত ব্ৰিগেডিয়াৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়। ১৯১৯ চনৰ নৱেম্বৰ মাহত তেওঁ ‘পাহলৱী’ উপাধি বাছি লৈছিল, যিটো পিছলৈ তেওঁ প্ৰতিষ্ঠা কৰা বংশৰ নাম হৈ পৰিছিল।১৭
কৰ্মজীৱন
১৯১৮ চনত তেওঁ পাৰ্চী কছাক ব্ৰিগেডৰ জেনেৰেল পদত পদোন্নতি লাভ কৰে। ১৯২৫ চনত কাজাৰ ৰাজতন্ত্ৰৰ পতনৰ পূৰ্বে তেওঁ নিশান-ই-আকদান বঁটা লাভ কৰা শেষ বিষয়া আছিল।১৮
ৰাছিয়ান বিপ্লৱৰ পিছত পাৰস্য যুদ্ধক্ষেত্ৰত পৰিণত হয়। ১৯১৭ চনত ব্ৰিটেইনে ইৰাণৰ ব্যৱহাৰ কৰি ৰাছিয়া আক্ৰমণ আৰম্ভ কৰে। কিন্তু ব্ৰিটেইনৰ বিফলতাৰ ফলত ছোভিয়েট ইউনিয়নে উত্তৰ পাৰস্য দখল কৰি পাৰ্চী ছোভিয়েট ছ’চিয়েলিষ্ট ৰিপাব্লিক প্ৰতিষ্ঠা কৰে। ১৯২০ চনত জাংগালী, কুৰ্দ, আৰ্মেনিয়ান আৰু আজাৰবাইজানৰ ১৫০০ জনীয়া গেৰিলা বাহিনীয়ে তেহৰাণৰ দিশে যাত্ৰা কৰে আৰু ৰাজধানীত গভীৰ ৰাজনৈতিক সংকটৰ সৃষ্টি কৰে।১৯
১৯২১ চনৰ ১৪ জানুৱাৰীত ইৰানত থকা ব্ৰিটিছ জেনেৰেল আইৰনছাইডে ৰেজা খানক তাব্ৰিজ বেটেলিয়নৰ কমাণ্ডাৰ হিচাপে নিযুক্তি দিয়ে।২০ এমাহৰ পাছত ব্ৰিটিছৰ নিৰ্দেশনাত ৰেজা খানে তিনিৰপৰা চাৰি হাজাৰ সৈনিক লৈ ৰাজধানী তেহৰাণ দখল কৰে। তেওঁ পূৰ্বৰ চৰকাৰক উৎখাত কৰি ছেইয়দ জিয়াউদ্দিন টাবাতাবাইক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।২১ ইৰাণৰ সংবিধান অনুসৰি ১৯২৫ চনৰ ১২ ডিচেম্বৰত মাজলিছে তেওঁক ইৰাণৰ শ্বাহ ঘোষণা কৰে। ১৯২৬ চনৰ ২৫ এপ্ৰিলত শপত গ্ৰহণ কৰা তেখেতৰ পুত্ৰ মহম্মদ ৰেজা পাহলৱী পিছলৈ পাৰস্যৰ মুকুট ৰাজকুমাৰ হয়।
১৯৩২ চনৰ ৮ জুনত ব্ৰিটিছ দূতাবাসৰপৰা প্ৰকাশিত এক প্ৰতিৱেদনত কোৱা হৈছে যে ব্ৰিটিছ চৰকাৰে ৰেজাক ক্ষমতা সুদৃঢ় কৰাত সহায় কৰিবলৈ সাজু আছিল।

ৰেজা শ্বাহৰ ষোল্লবছৰীয়া শাসন কালত ইৰানৰ বহুতো উন্নয়ন ঘটিছিল, যেনে বৃহৎ পথ নিৰ্মাণ প্ৰকল্প আৰু ট্ৰেন্স-ইৰান ৰেলৱে নিৰ্মাণ; আধুনিক শিক্ষাৰ প্ৰৱৰ্তন কৰা হয় আৰু ইৰাণৰ প্ৰথম বিশ্ববিদ্যালয় তেহৰাণ বিশ্ববিদ্যালয় স্থাপন কৰা হয়।২২ ৰেজা শ্বাহৰ শাসনত আধুনিক ঔদ্যোগিক উদ্যোগৰ সংখ্যা (তেল উদ্যোগ বাদ দি) ১৭গুণ বৃদ্ধি পায় আৰু ঘাইপথৰ দৈৰ্ঘ্য ২০০০ মাইলৰপৰা ১৪,০০০ মাইললৈ বৃদ্ধি পায়।২৩ তেওঁ এক লাখ সৈনিকৰ সেনাবাহিনী গঠন কৰিছিল (পূৰ্বতে শ্বাহে জনজাতীয় বাহিনীৰ ওপৰত নিৰ্ভৰ কৰিছিল, যিসকলক শত্ৰুৰপৰা বন্দী কৰা লুট-পাতৰদ্বাৰা পুৰস্কৃত কৰা হৈছিল)২৪ আৰু ৯০,০০০ কৰ্মচাৰীৰ অসামৰিক সেৱা স্থাপন কৰিছিল। তেওঁ পুৰুষ-মহিলা উভয়ৰে বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা স্থাপন কৰিছিল আৰু ব্যক্তিগত ধৰ্মীয় বিদ্যালয়—ইছলামিক, খ্ৰীষ্টান, ইহুদী আদি বন্ধ কৰিছিল।২৫ তেওঁ মাছহাদ আৰু ক’মৰ দৰে চহৰৰ ধনী ধৰ্মগুৰুসকলৰ মাটি আৰু ৰিয়েল এষ্টেট জব্দ কৰিছিল। মাছহাদত ইমাম ৰেজাৰ মন্দিৰৰপৰা পোৱা আয় ধৰ্মনিৰপেক্ষ শিক্ষাৰ বিত্তীয় সাহায্য, আধুনিক চিকিৎসালয় নিৰ্মাণ, চহৰৰ পানী যোগানৰ উন্নতি, উদ্যোগিক উদ্যোগসমূহক ৰাজসাহায্য প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল।২৬
নিৰ্বাসন
১৯৪১ চনৰ আগষ্ট মাহত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ হৈ যুক্তৰাজ্য আৰু ছোভিয়েট ইউনিয়নে ইৰাণ আক্ৰমণ কৰে। ব্ৰিটিছ আৰু ছোভিয়েটৰ তীব্ৰ আক্ৰমণৰ সন্মুখত ইৰাণৰ সশস্ত্ৰ বাহিনী সহজেই পৰাস্ত হৈছিল। উইন্সটন চাৰ্চিলে ইৰাণক মিত্ৰশক্তিৰ বিজয়ৰ বাবে এখন দলঙৰ মূৰ হিচাপে বৰ্ণনা কৰিছিল। ১৯৪১ চনৰ ১৬ ছেপ্টেম্বৰত মিত্ৰশক্তিয়ে ৰেজা শ্বাহক তেওঁৰ পুত্ৰ মহম্মদ ৰেজা পাহলৱীৰ হাতত ক্ষমতা অৰ্পণ কৰিবলৈ বাধ্য কৰে।
ইৰাণ ব্ৰিটিছ আৰু ছোভিয়েটৰ নিয়ন্ত্ৰণত থকাৰ বাবে ব্ৰিটিছে ৰেজা শ্বাহক নিৰ্বাসনলৈ পঠিয়াবলৈ সন্মত হয়। তেওঁৰ সন্মতি সাপেক্ষে ব্ৰিটিছ সেনাই তেওঁৰ সমগ্ৰ পৰিয়ালটোক মৰিছাছলৈ লৈ যায়।২৭ ইয়াৰ পিছত তেওঁ দক্ষিণ আফ্ৰিকাৰ ডাৰবানৰপৰা জোহান্সবাৰ্গলৈ গুচি যায়। কেইবাবছৰ ধৰি হাৰ্ট এটেকত আক্ৰান্ত হৈ ১৯৪৪ চনৰ ২৬ জুলাইত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ পাছত তেওঁৰ মৃতদেহ ইজিপ্তৰ কাইৰোৰ আল-ৰিফাই মছজিদলৈ লৈ যোৱা হয় আৰু তাতেই সমাধিস্থ কৰা হয়।
বাহ্যিক সংযোগ
- IRANNOTES.com — High quality Iranian banknotes and coins
তথ্যসূত্ৰ
- ↑ Historic Personalities of Iran: Reza Shah Pahlavi. iranchamber.com
- ↑ SINCONA Auction 49: The Kian Collection (Machine Struck Coins and Medals of the Qajar and Pahlavi Dynasties. SINCONA Swiss International Coin Auction AG
- ↑ Reza Shah Pahlavi. Encyclopedia Britannica
- ↑ Ghani, Cyrus. (1998), Iran and the rise of Reza Shah: from Qajar collapse to Pahlavi rule. Tauris publisher, London.
- ↑ SINCONA Auction 49: The Kian Collection (Machine Struck Coins and Medals of the Qajar and Pahlavi Dynasties. SINCONA Swiss International Coin Auction AG
- ↑ Abate, Frank R. (1999). The Oxford Desk Dictionary of People and Places. Oxford University Press. পৃ. 290. ISBN 978-0-19-513872-6
- ↑ Gholam Reza Afkhami. (27 October 2008). The Life and Times of the Shah. University of California Press. পৃ. 4. ISBN 978-0-520-25328-5
- ↑ Zirinsky, Michael P. (1992). Imperial power and dictatorship: Britain and the rise of Reza Shah, 1921–1926. International Journal of Middle East Studies. পৃ. 639–663
- ↑ Reza Shah Pahlavi. Encyclopedia Britannica
- ↑ Afkhami, Gholam Reza. (2009). The Life and Times of the Shah. University of California Press. পৃ. 4. ISBN 9780520253285
- ↑ Ghani, Cyrus. (1998). Iran and the Rise of Reza Shah. I.B.Tauris. পৃ. 161. ISBN 978-1-86064-258-6
- ↑ Niazmand, Seyed Reza. (2002). Reza Shah az Tavalod ta Saltanat. Hekayat Ghalam Novin. পৃ. 31. ISBN 9789645925466
- ↑ Nahai, Gina B. (2000). Cry of the Peacock. Simon and Schuster. পৃ. 180–181. ISBN 0-7434-0337-1
- ↑ Martine Gosselink and Dirk J. Tang. (2009). Iran and the Netherlands; interwoven through the ages. Barjesteh van Waalwijk van Doorn & Co's Uitgeversmaatschappij. Initiated by the Royal Netherlands Embassy, Tehran. পৃ. 254–256. ISBN 9789056130985
- ↑ Maurits Wagenvoort. (1926). Karavaanreis door Zuid-Perzië. C.A. Mees. পৃ. 84
- ↑ History of Iran: Reza Shah Pahlavi – Reza Shah Kabir (Reza Shah The Great). Iran Chamber Society
- ↑ Chehabi, H. E. (2020). Onomastic Reforms: Family Names and State-Building in Iran. Harvard University Press. ISBN 9780674248199
- ↑ Christopher Buyers, Persia, The Qajar Dynasty: Orders & Decorations Royal Ark
- ↑ Abrahamian, Ervand, Iran Between Two Revolutions, (1982), pp. 116–7
- ↑ Cyrus Ghani; Sīrūs Ghanī. (2001). Iran and the Rise of the Reza Shah: From Qajar Collapse to Pahlavi Power. I.B. Tauris. পৃ. 147–. ISBN 978-1-86064-629-4
- ↑ The Pahlavi Era of Iran para. 2, 3
- ↑ Iran : Recent History, The Education System
- ↑ Abrahamian, Ervand, Iran Between Two Revolutions, 1982, p. 146
- ↑ Ervand Abrahamian. Iran Between Two Revolutions. পৃ. 51
- ↑ Mackey, The Iranians, (1996) p. 179
- ↑ Mackey, Sandra The Iranians: Persia, Islam and the Soul of a Nation, New York: Dutton, c 1996. p. 180
- ↑ Mohammad Gholi Majd, August 1941: The Anglo-Russian Occupation of Iran and Change of Shahs, University Press of America, 2012, p. 12
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰেজা শ্বাহ পাহলৱী” প্ৰবন্ধৰ সংশোধন ৬৩৩৭২১ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।