ইৰাণৰ ব্যক্তি
৩২ প্ৰবন্ধ
-
মহম্মদ ৰেজা পাহলৱী
মহম্মদ ৰেজা পাহলৱী (জন্ম,২৬ অক্টোবৰ ১৯১৯ – মৃত্যু,২৭ জুলাই ১৯৮০) ১৯৪১ চনৰপৰা ১৯৭৯ চনলৈকে ইৰাণৰ শেষ শ্বাহ আছিল। তেওঁ পিতৃ ৰেজা শ্বাহৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইৰানৰ ৰুহোল্লাহ খোমেইনীৰ নেতৃত্বত ইছলামিক বিপ্লৱত ৰাজতন্ত্ৰ অন্ত পেলোৱালৈকে ইৰাণ সাম্ৰাজ্যত শাসন কৰিছিল; এই বিপ্লৱে ইৰাণৰ…
-
মাহছা আমিনিৰ মৃত্যু
২০২২ চনৰ ১৬ ছেপ্টেম্বৰত ২২বছৰীয়া কুৰ্দি-ইৰাণী মহিলা মাহছা আমিনি,[a] যাক জিনা আমিনি বুলিও জনা যায়,ডেন্স পেট্ৰ’লে চৰকাৰী মানদণ্ড অনুসৰি হিজাব পৰিধান নকৰাৰ অভিযোগত আমিনীক গ্ৰেপ্তাৰ কৰিছিল।
-
ৰুমি
জালাল-উদ্দিন-মহম্মদ ৰুমি (Jalāl al-Dīn Muḥammad Rūmī; জন্ম: ৩০ ছেপ্টেম্বৰ, ১২০৭-মৃত্যু:১৭ ডিচেম্বৰ, ১২৭৩) এগৰাকী ইৰাণীয়ান ৰহস্যবাদী চুফী কবি, যাক সাধাৰণতে ৰুমি নামেৰে জনা যায়। তেওঁ মৌলৱীয়্যা (Mawlawiyya) শীৰ্ষক ইছলামিক চুফীবাদৰ প্ৰতিষ্ঠাতা। তেওঁৰ পৰিয়ালৰ পুৰণি ঘৰ আছিল বালখত।
-
ছাৰিনা ইছমাইলজাদেহৰ মৃত্যু
২০২২ চনৰ ২৩ ছেপ্টেম্বৰত ইৰাণৰ আলবৰ্জ প্ৰদেশৰ কাৰাজত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীয়ে মূৰত কৰা তীব্ৰ প্ৰহাৰত ইৰাণৰ কিশোৰী ছাৰিনা ইছমাইলজাদেহৰ মৃত্যু হয় বুলি মানৱ অধিকাৰ সংস্থাসমূহে প্ৰকাশ কৰে। তেওঁৰ বয়স আছিল ১৬ বছৰ।
-
ফাৰাহ পাহলৱী
ফাৰাহ পাহলৱী ( Farah Pahlavi); (জন্ম: ১৪ অক্টোবৰ, ১৯৩৮) ইৰানৰ পাহলৱী ৰাজবংশৰ এগৰাকী সদস্য। ইৰাণৰ শেষ ৰাণী আৰু সম্ৰাজ্ঞী, আৰু ইৰাণৰ শেষৰ শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ তৃতীয় পত্নী আৰু বিধৱা।
-
অৰ্মিতা গেৰাভাণ্ডৰ মৃত্যু
অৰ্মিতা গেৰাভাণ্ড (Armita Geravand) আছিল এগৰাকী ১৭বছৰীয়া ইৰাণী কিশোৰী ছোৱালী। ২০২৩ চনৰ ১ অক্টোবৰত তেহৰাণ মেট্ৰ'ত ইছলামিক হিজাব বলবৎকাৰী বিষয়াৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাৰ অভিযোগত শাৰীৰিকভাৱে আঘাটপ্ৰাপ্ত হৈ ক'মাত পৰিছিল।
-
আইদা ৰোষ্টামি
আইদা ৰোষ্টামি (জন্ম: সম্ভৱতঃ ১৯৮৬ – সোমবাৰ, মৃত্যু: ১২ ডিচেম্বৰ, ২০২২) মাহছা আমিনিৰ মৃত্যুৰ প্ৰতিবাদৰ সময়ত আহত প্ৰতিবাদকাৰীৰ চিকিৎসাৰ বাবে ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ নিৰাপত্তা বাহিনীয়ে অপহৰণ কৰি নি মাৰাত্মকভাৱে প্ৰহাৰ কৰা আৰু হত্যা কৰা বুলি অভিযোগ উঠিছিল।
-
আজম টেলিঘানী
আজম তালেঘানী (Azam Taleghani; (১৯৪৩ – ৩০ অক্টোবৰ ২০১৯) ইৰাণৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক আছিল যি ইৰাণৰ ছ'চাইটি অৱ ইছলামিক ৰিভল্যুচন ৱমেনৰ মুৰব্বী, পায়াম-ই-হাজাৰ সাপ্তাহিক কাকতৰ সম্পাদক, ইৰাণৰ সংসদৰ সদস্য আছিল।
-
আতাউল্লা খোছৰাৱানী
আতাউল্লা খোছৰাৱানী ( Ataollah Khosravani ) (জন্ম, ১৯১৯ –মৃত্যু, ছেপ্টেম্বৰ ২০০৫) আছিল এজন ইৰাণী ৰাজনীতিবিদ। ইৰাণ নভিন পাৰ্টিৰ সচিব প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ১৯৬০ চনত কেইবাটাও কেবিনেট পদত কাৰ্যনিৰ্বাহ কৰিছিল।
-
আব্বাছ আব্দি
আব্বাছ আব্দি (Abbas Abdi) ( ( জন্ম ১ অক্টোবৰ ১৯৫৬) এজন ইৰাণী সংস্কাৰবাদী। তেখেত এজন সাংবাদিক, স্ব-শিক্ষিত সমাজবিজ্ঞানী, সমাজ কৰ্মী ব্যক্তি।
-
আমানোল্লাহ জাহানবানী
সৰু আখৰ আমানোল্লাহ জাহানবাণী (Amanullah Jahanbani) ; জন্ম, ১৮৯১ – ১ ফেব্ৰুৱাৰী ১৯৭৪) ইৰাণৰ কাজাৰ বংশৰ সদস্য আৰু ৰেজা শ্বাহ পাহলৱীৰ জ্যেষ্ঠ জেনেৰেল আছিল।
-
আমীৰ হাছান ছেহেলতান
আমিৰ হাছান চেহেলতান ( Amir Hassan Cheheltan); (জন্ম ১৯৫৬) এজন ইৰাণী লেখক। তেওঁৰ ১২খন উপন্যাস, ছটা খণ্ডৰ চুটিগল্প আৰু ইয়াৰ এখন চিত্ৰনাট্য ইৰাণত নিষিদ্ধ। তেওঁৰ বহুতো গ্ৰন্থ ইংৰাজী, জাৰ্মান, ইটালীয়, নৰৱেজিয়ান, লিথুৱেনিয়ান, আৰবী আৰু হিব্ৰুলৈ অনুবাদ কৰা হৈছে।
-
আয়লাৰ হাঘী
আয়লাৰ হাঘী (Aylar Haghi); (১৯৯৯ – ১৬ নৱেম্বৰ ২০২২) ইৰাণৰ তাব্ৰিজত মাহছা আমিনিৰ প্ৰতিবাদৰ সময়ত ইৰাণৰ নিৰাপত্তা বাহিনীৰদ্বাৰা নিহত হোৱা এগৰাকী ইৰাণী ছাত্ৰী। চৰকাৰী বিষয়া আৰু সংবাদ মাধ্যমে তেওঁৰ হত্যাকাণ্ডক অস্বীকাৰ কৰিলে; তেওঁলোকে দাবী কৰিছিল যে তেওঁ পৰি মৃত্যুমুখত পৰিছিল।
-
ইব্ৰাহিম ৰাইছি
ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি (১৪ ডিচেম্বৰ ১৯৬০ – ১৯ মে' ২০২৪) আছিল এজন ইৰাণী ৰাজনীতিবিদ আৰু ন্যায়াধীশ। ২০২১ চনৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল আৰু ৩ আগষ্ট ২০২১ৰ পৰা ১৯ মে’ ২০২৪লৈ মৃত্যুৰ পূৰ্বলৈকে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
এলাহেহ মহম্মদী
এলাহেহ মহম্মদী ( Elahe Mohammadi) জন্ম: ৯ মে' ১৯৮৭) এগৰাকী ইৰাণী মহিলা সাংবাদিক। তেওঁ দৈনিক কাকত হাম-মিহানত সামাজিক আৰু মহিলা বিষয়ৰ ওপৰত প্ৰতিৱেদন প্ৰকাশ কৰিছিল। তেওঁ বহু বছৰ ধৰি ৰাজ্য নিয়ন্ত্ৰিত সংবাদ মাধ্যম যেনে শ্বাহৰবান্দ, খবৰ অনলাইন, ইতমাদ অনলাইনত কাম কৰি আহিছে।
-
কমল খাৰাজী
ছৈয়দ কমল খাৰাজী (Sayed Kamal Kharazi) (জন্ম, ১ ডিচেম্বৰ ১৯৪৪ – মৃত্যু, ৯ এপ্ৰিল ২০২৬) আছিল এজন ইৰাণী সংস্কাৰবাদী ৰাজনীতিবিদ আৰু কূটনীতিবিদ যিয়ে ১৯৯৭ চনৰ ২০ আগষ্টৰপৰা ২০০৫ চনৰ ২৪ আগষ্টলৈকে ইৰাণৰ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
গৰ্ডিয়া
গৰ্ডিয়া (গুৰদিয়া আৰু কুৰ্দিয়াহ বুলিও বানান কৰা হয়) হাউচ অৱ মিহৰাণৰ এগৰাকী প্ৰভাৱশালী ইৰাণী সম্ভ্ৰান্ত মহিলা আছিল, যি প্ৰথমে বিশিষ্ট সামৰিক নেতা বাহৰাম চোবিনৰ এগৰাকী পত্নী, তাৰ পিছত ইছপাহবুধান বংশ ভিষ্টাহমৰ পত্নী আৰু শেষত বিশিষ্ট ছাছানিয়ান সম্ৰাট দ্বিতীয় খোছৰোৰ পত্নী আছিল।
-
গ’লনাৰ আদিলি
গ'লনাৰ আদিলি ( Golnar Adili) তেওঁৰ জন্ম হৈছিল, ১৯৭৬ চনত, ভাৰ্জিনিয়াত। গ’লনাৰে নিউয়ৰ্কৰ ব্ৰুকলিনত বাস কৰা এটা ইৰাণী পৰিয়ালত জন্মগ্ৰহণ কৰা এগৰাকী আমেৰিকান বহুবিষয়ক শিল্পী। তেওঁৰ বহু কামেই তেহৰাণত ইৰাণৰ পিছৰ বিপ্লৱ আৰু স্থানচ্যুতিৰ বিষয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
-
চহৰ দোলাতচাহী
চহৰ দোলাতচাহী (ফাৰ্চী: سحر دولتشاهی; জন্ম: ৮ অক্টোবৰ ১৯৭৯) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ মূলতঃ আইচ এজ (২০১৫), ইস্তানবুল জংচন (২০১৮), দা ফ্ৰগ (২০২০-২০২১), আই ৱাণ্ট টু লাইভ (২০২১) আৰু ভাইপাৰ অৱ তেহৰান (২০২৪) আদি ছবি আৰু ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
জালেহ আমৌজগাৰ
জালেহ আমৌজগাৰ এল.ডি.এইচ. ৪ ডিচেম্বৰ, ১৯৩৯ চনত জন্মা এগৰাকী ইৰাণোলোজিষ্ট, মধ্য পাৰ্চী ভাষাৰ বিশেষজ্ঞ, আৰু এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।
-
নাছৰিন চেৰাজী
নাছৰিন চেৰাজী-বজৰ্গজাদ Nasrine Seraji-Bozorgzad) এ এ দেপল ফ্ৰিবা, ইৰাণী বংশৰ এজন ফৰাচী-ব্ৰিটিছ স্থপতি। ২০১১ চনত লিজিয়ন অৱ অনাৰৰ নাইট, অৰ্ডে নেচনেল ডু মেৰিটৰ বিষয়া আৰু অৰ্ডে ডেছ আৰ্টছ এট ডেছ লেট্ৰেছৰ বিষয়া।
-
নাজিলা মাৰুফিয়ান
নাজিলা মাৰুফিয়ান ( Nazila Maroufian) (জন্ম: ২০ মে' ২০০০) এগৰাকী ইৰাণ নাগৰিক কৰ্মী, ৰাজনৈতিক বন্দী আৰু সাংবাদিক। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহছা আমিনিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰেপৰা কেইবাবাৰো গ্ৰেপ্তাৰ কৰি মুকলি কৰি দিয়া হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে ইভিন কাৰাগাৰত বন্দী হৈ আছিল।
-
নেদা হাছানী
নেদা হাছানী ( Neda Hassani) ( জন্ম,১৯৭৭ – মৃত্যু,২৩ জুন ২০০৩ ) এগৰাকী ইৰানৰ বিদ্ৰোহী আছিল।
-
ফাৰাংগিছ য়েগানেগী
ফাৰাংগিছ য়েগানেগী (শ্বাহৰোখ) Farangis Yeganegi (Shahrokh)(১১ মে' ১৯১৬ তেহৰাণ – ১৩ ফেব্ৰুৱাৰী ২০১০, কেলিফৰ্ণিয়া) ইৰাণী হস্তশিল্প সংস্থাৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল।
-
বাহাৰা আলৱী
বেহাৰে এলেৱি বা বাহাৰা আলাৱী (Bahara Alavi) (১৯৮৯ – ২০১১) এগৰাকী ইৰানৰ মানৱ অধিকাৰ কৰ্মী, মহিলা অধিকাৰ ৰক্ষাকাৰী আৰু ব্লগাৰ (লেখক) আছিল। বাহাৰা আলৱীয়ে ১৯৮৯ চনত ইৰাণৰ ছাককেজ চহৰত কুৰ্দি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।
-
মিনু মাজিদি
মিনু মাজিদি, জন্ম: ১৯৬০ চন – মৃত্যু: ২০ ছেপ্টেম্বৰ ২০২২ চন; ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ইৰাণৰ প্ৰতিবাদৰ সময়ত ইৰাণী কৰ্তৃপক্ষই হত্যা কৰা এগৰাকী ৬২ বছৰ বয়সীয়া ইৰাণী মহিলা।
-
মেহৰংগিজ মনোচেহৰিয়ান
মেহৰাংগিজ মানুচেহৰিয়ান ( Mehrangiz Manuchehrian); (জন্ম,১৯০৬ – ৫ জুলাই ২০০০) এগৰাকী মহিলা ইৰাণী অধিবক্তা,সংগীতজ্ঞ, নাৰীবাদী আৰু নিৰ্বাচিত চিনেটৰ আছিল। ইৰাণৰ মহিলা সংগঠনৰ কাৰ্যকলাপৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ ইৰানৰ পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰাত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
লেইলা পহ্লৱী
লেইলা পহ্লৱী (ইংৰাজী: Leila Pahlavi; ফাৰ্চী ভাষা: لیلا پهلوی; ২৭ মাৰ্চ ১৯৭০ – ১০ জুন ২০০১) আছিল ইৰানৰ এগৰাকী ৰাজকুমাৰী। তেওঁ মহম্মদ ৰেজা শ্বাহ আৰু তেওঁৰ তৃতীয়া পত্নী শ্বাহবানু ফাৰাহ পহ্লৱীৰ কনিষ্ঠ কন্যা আছিল।
-
লেইলা হোছেইনজাদেহ
লেইলা হোছেইনজাদেহ (Leila Hosseinzadeh; (জন্ম: ১৯৯১) এগৰাকী ইৰাণী ছাত্ৰ কৰ্মী আৰু এগৰাকী ৰাজনৈতিক বন্দী।
-
শ্বিফায় ইছফাহানী
শ্বিফায় ইছফাহানী (Shifa'i Isfahani) (জন্ম, ১৫৪৯ বা ১৫৫৮/৫৯ – মৃত্যু,৯ মে' ১৬২৮) ১৬ আৰু ১৭ শতিকাত ছাফাৱী ইৰাণৰ এজন চিকিৎসক আৰু কবি আছিল আৰু প্ৰথম শ্বাহ আব্বাছ (১৫৮৭–১৬২৯ চনত ৰাজত্ব কৰিছিল)ৰ কবি বঁটা বিজয়ী আছিল।