মহম্মদ ৰেজা পাহলৱী (জন্ম,২৬ অক্টোবৰ ১৯১৯ – মৃত্যু,২৭ জুলাই ১৯৮০) ১৯৪১ চনৰপৰা ১৯৭৯ চনলৈকে ইৰাণৰ শেষ শ্বাহ আছিল। তেওঁ পিতৃ ৰেজা শ্বাহৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইৰানৰ ৰুহোল্লাহ খোমেইনীৰ নেতৃত্বত ইছলামিক বিপ্লৱত ৰাজতন্ত্ৰ অন্ত পেলোৱালৈকে ইৰাণ সাম্ৰাজ্যত শাসন কৰিছিল; এই বিপ্লৱে ইৰাণৰ ৰাজতন্ত্ৰ বিলুপ্ত কৰি ইৰাণ ইছলামিক ৰিপাব্লিক প্ৰতিষ্ঠা কৰে। ১৯৬৭ চনত তেওঁ শ্বাহনশ্বাহ যি আক্ষৰিক অৰ্থত: ‘ৰজাসকলৰ ৰজা’ উপাধি গ্ৰহণ কৰে ১ আৰু ইয়াৰ উপৰি আৰ্যমেহৰ (আক্ষৰিক অৰ্থত: ‘আৰ্য্যসকলৰ পোহৰ’) আৰু বজৰ্গ আৰ্টেষ্টৰণ (আক্ষৰিক অৰ্থত: ‘মহান সেনাপতি’)কে ধৰি আন কেইবাটাও উপাধিও লাভ কৰে। তেওঁ আছিল পাহলৱী বংশৰ দ্বিতীয় আৰু শেষ শাসক।
প্ৰাৰম্ভিক জীৱন

মহম্মদ ৰেজাৰ জন্ম হৈছিল ইৰাণৰ তেহৰাণত ৰেজা খান (পিছলৈ ৰেজা শ্বাহ পাহলৱী, পাহলৱী বংশৰ প্ৰথম শ্বাহ) আৰু তেওঁৰ দ্বিতীয় পত্নী তাজ আল-মোলুকৰ ঘৰত। তেওঁ এঘাৰটা সন্তানৰ ভিতৰত তৃতীয়। তেওঁৰ পিতৃ মাজান্দাৰান বংশৰ আছিল আৰু তেওঁৰ জন্ম হৈছিল মাজান্দৰান প্ৰদেশৰ ছাভাডকুহ কাউণ্টিৰ আলাছত।২ তেওঁ পাৰ্চী কছাক ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ জেনেৰেল আছিল, ৭ম ছাভাডকুহ ৰেজিমেণ্টত কমিচন লাভ কৰিছিল আৰু ১৮৫৬ চনৰ এংলো-পাৰ্চিয়ান যুদ্ধত যুঁজিছিল। ৩ মহম্মদ ৰেজাৰ মাতৃ আছিল তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্যৰ অংশ জৰ্জিয়াৰ। ৪ মাতৃৰ পৰিয়াল এগৰাকী মুছলমান অনুপ্ৰৱেশকাৰী আছিল। কেইটামান দশকৰ আগতে ৰাছিয়া-পাৰ্চী যুদ্ধৰ পিছত ইৰাণে ককেছাছৰ সকলো ভূ-খণ্ড এৰি দিবলৈ বাধ্য হোৱাৰ পিছত মূল ভূ-খণ্ড ইৰানত তেওঁলোক বসতি স্থাপন কৰিছিল।৫ তেওঁ আজেৰবাইজান বংশৰ আছিল আৰু তেওঁৰ জন্ম হৈছিল ৰাছিয়া সাম্ৰাজ্যৰ বাকুত (বৰ্তমান আজাৰবাইজান)।
মহম্মদ ৰেজাৰ জন্ম তেওঁৰ যমজ ভগ্নী আশ্ৰাফৰ সৈতে একেলগে হৈছিল। কিন্তু তেওঁ, আশ্ৰফ, তেওঁৰ ভাই-ভনী ছামছ আৰু আলী ৰেজা, আৰু তেওঁৰ ডাঙৰ আঢ়ৈবছৰীয়া ভগ্নী ফাতিমা জন্মৰপৰা ৰাজ পৰিয়ালৰ সদস্য নাছিল, কিয়নো তেওঁলোকৰ পিতৃ ১৯২৫ চনলৈকে শ্বাহ হোৱা নাছিল। সেই সময়ৰ বেছিভাগ ইৰাণী লোকৰ দৰে ৰেজা খানৰ উপাধি নাছিল। ১৯২১ চনত আহমদ শ্বাহ কাজাৰক পদচ্যুত কৰা পাৰ্চী অভ্যুত্থানৰ পিছত ৰেজা খানক কোৱা হৈছিল যে তেওঁৰ পৰিয়ালক উপাধিৰ প্ৰয়োজন হ’ব। ফলত তেওঁ সকলো ইৰাণীৰে উপাধি থকাটো বাধ্যতামূলক কৰি আইন প্ৰণয়ন কৰে; তেওঁ পাহলৱী উপাধি বাছি লৈছিল,৬ যিটো মধ্য পাৰ্চী নাম আৰু প্ৰাচীন পাৰ্চীৰপৰা উদ্ভৱ হৈছে। ১৯২৬ চনৰ ২৪ এপ্ৰিলত পিতৃৰ ৰাজ অভিষেকৰ মাত্ৰ এদিন পূৰ্বে ৬বছৰীয়া মহম্মদ ৰেজাক ক্ৰাউন প্ৰিন্স ঘোষণা কৰা হয়।৭৮৯

শিক্ষা

মহম্মদ ৰেজাৰ বয়স যেতিয়া ১১ বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃয়ে ৰাজকীয় মন্ত্ৰী আব্দলহোছেইন টেইমৌৰতাছৰ পৰামৰ্শ অনুসৰি তেওঁৰ পুত্ৰক উচ্চ শিক্ষাৰ বাবে ছুইজাৰলেণ্ডৰ বৰ্ডিং স্কুল ইনষ্টিটিউট লে ৰোজলৈ পঠিয়াইছিল। ১৯৩১ চনৰ ৭ ছেপ্টেম্বৰত মহম্মদ ৰেজাই ইৰাণ এৰি চুইজাৰলেণ্ডলৈ যায়। ১০ লে ৰোজত ছাত্ৰ হিচাপে প্ৰথমদিনাই ৰাজকুমাৰে সহপাঠী কেইজনমানক ক্ষুব্ধ কৰি তুলিছিল। তেওঁ পাছ কৰাৰ সময়ত সকলো ছাত্ৰ-ছাত্ৰীকে থিয় হৈ চেলুট দিবলৈ দাবী জনায়—যেনেকৈ ইৰাণৰ সকলোৱে কৰিছিল। ইয়াৰ উত্তৰত এজন আমেৰিকান ছাত্ৰই তেওঁক মাৰপিট কৰে। এই কাণ্ডই তেওঁক সোনকালে উপলব্ধি কৰাত সহায় কৰিলে যে ছুইজাৰলেণ্ডৰ জনসাধাৰণে তেওঁক তেওঁৰ গৃহ দেশৰ দৰে সন্মান নকৰে। ১১ ছাত্ৰ হিচাপে মহম্মদ ৰেজাই প্ৰতিযোগিতামূলক ফুটবল খেলিছিল। কিন্তু স্কুলৰ ৰেকৰ্ডসমূহে ইংগিত দিয়ে যে এজন খেলুৱৈ হিচাপে তেওঁৰ মূল সমস্যা আছিল তেওঁৰ "দ্বিধাদ্বন্দ্ব", কিয়নো ৰাজকুমাৰে ৰিস্ক ল'বলৈ ভয় কৰিছিল।১২ লে ৰোজত তেওঁৰ অধ্যয়ন ফৰাচী ভাষাত হৈছিল আৰু তাত থকা সময়খিনিয়ে মহম্মদ ৰেজাৰ মনত ফৰাচী সকলো বস্তুৰ প্ৰতি আজীৱন প্ৰেমৰ সৃষ্টি কৰিছিল।১৩ ১৯৩৫ আৰু ১৯৩৬ চনত ছাত্ৰ কাকতখনৰ বাবে ফৰাচী ভাষাত লিখা প্ৰবন্ধত মহম্মদ ৰেজাই লে ৰোজক প্ৰশংসা কৰিছিল আৰু কৈছিল যে বিদ্যালয়খনে তেওঁৰ দিগন্ত বহল কৰি ইউৰোপীয় সভ্যতাৰ সৈতে পৰিচয় কৰাই দিছে।১৪
সিংহাসনৰ উত্তৰাধিকাৰী হোৱাৰ পিছতো মহম্মদ ৰেজা আছিল শিক্ষাৰ বাবে বিদেশলৈ পঠোৱা প্ৰথমজন ইৰাণী ৰাজকুমাৰ। পৰৱৰ্তী চাৰি বছৰ তাতেই থাকি ১৯৩৬ চনত ইৰাণলৈ উভতি আহি হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে। উভতি অহাৰ লগে লগে ৰাজকুমাৰজনে তেহৰাণৰ স্থানীয় সামৰিক একাডেমীত নামভৰ্তি কৰে। ১৯৩৮ চনলৈকে তাত অধ্যয়ন কৰি দ্বিতীয় লেফটেনেণ্ট পদবীৰে স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ কিছুসময়ৰ পাছতে মহম্মদ ৰেজাক অধিনায়ক পদত পদোন্নতি দিয়া হয়, যিটো পদত তেওঁ শ্বাহ (সম্ৰাট) হোৱালৈকে আছিল। কলেজীয়া জীৱনত ডেকা ৰাজকুমাৰক সেনাৰ পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁ তিনি বছৰ ধৰি সমগ্ৰ দেশৰ অসামৰিক আৰু সামৰিক প্ৰতিষ্ঠান আৰু ইনষ্টলেশ্যনসমূহ পৰিদৰ্শন কৰিছিল।৮১৫ মহম্মদ ৰেজাই নিজৰ স্থানীয় পাৰ্চী ভাষাৰ উপৰি ইংৰাজী, ফৰাচী আৰু জাৰ্মান ভাষাও সাৱলীলভাৱে কব পাৰিছিল। ১৬

চুইজাৰলেণ্ডত থকা সময়ছোৱাত মহম্মদ ৰেজাই তেওঁৰ শিক্ষক আৰ্নেষ্ট পেৰনৰ সৈতে বন্ধুত্ববোধ গঢ়ি উঠিছিল আৰু পেৰনেই তেওঁক ফৰাচী কবিতাৰ সৈতে পৰিচয় কৰাই দিছিল; আৰু তেওঁৰ প্ৰভাৱত চেট'ব্ৰিয়াণ্ড আৰু ৰাবেলেই তেওঁৰ "প্ৰিয় ফৰাচী লেখক" হৈ পৰে। authors".১৭ ৰাজকুমাৰে পেৰনক ইমানেই ভাল পাইছিল যে ১৯৩৬ চনত ইৰাণলৈ উভতি অহাৰ সময়ত তেওঁ পেৰনক লগত লৈ আহিছিল আৰু নিজৰ প্ৰিয় বন্ধুক মাৰ্বল পেলেচত ৰাখিছিল।১৮ ১৯৬১ চনত মৃত্যুৰ আগলৈকে পেৰন ইৰাণতে আছিল আৰু মহম্মদ ৰেজাৰ প্ৰিয় বন্ধু হিচাপে তেওঁ পৰ্দাৰ আঁৰত যথেষ্ট ক্ষমতা ব্যৱহাৰ কৰিছিল। ১৯
ৰাজনৈতিক জীৱন
১৯৪১ চনৰ ১৬ ছেপ্টেম্বৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ক্ষমতালৈ আহে। সেই সময়ত এংলো-ছোভিয়েট বাহিনীয়ে তেওঁৰ পিতৃ ৰেজা শ্বাহক বলপূৰ্বকভাৱে ক্ষমতাৰপৰা আঁতৰাই পেলায়।২০ তেওঁৰ ৰাজত্বকালত ইৰাণৰ তেল উদ্যোগটো চমুকৈ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। শাসক হিচাপে তেওঁ শ্বেত বিপ্লৱৰ সূচনা কৰিছিল, য’ত অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক পুনৰ্গঠন জড়িত আছিল। ইয়াৰ উপৰি তেওঁ ইৰাণক বিশ্ব শক্তিলৈ ৰূপান্তৰিত কৰি ৰাষ্ট্ৰ নিয়ন্ত্ৰিত উদ্যোগসমূহ আধুনিকীকৰণ কৰি মহিলাসকলক ভোটাধিকাৰ প্ৰদান কৰে।
ৰাজনৈতিক মূল্যায়ন
তেওঁৰ প্ৰতিচ্ছবি আছিল এজন ধৰ্মনিৰপেক্ষ মুছলমানৰ দৰে। নীতি আৰু কেতিয়াবা একনায়কত্ববাদী আচৰণৰ বাবে তেওঁ ছিয়াসকলৰ মাজত জনপ্ৰিয়তা হেৰুৱাইছিল, শ্ৰমিক শ্ৰেণীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল, বজাৰ নামেৰে পৰিচিত ব্যৱসায়ীসকলৰ সৈতে হাত মিলাই ইজৰাইলৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল আৰু শাসক শ্ৰেণীক দুৰ্নীতিৰ মাজত আঁকোৱালি লৈছিল। তদুপৰি বিভিন্ন বিতৰ্কিত নীতিৰ বাবে সমাজবাদী পাৰ্টিয়ে টুডা পাৰ্টিক নিষিদ্ধ কৰিছিল,ৰাজনৈতিক বিৰোধীক দমন কৰিবলৈ ৰাজকীয় চোৰাংচোৱা সংস্থা সাৱাক ব্যৱহাৰ কৰা হৈছিল। ৰাজ্যিক পৰিসংখ্যা অনুসৰি ১৯৭৮ চনত ২২০৫ জন ৰাজনৈতিক কৰ্মীক কাৰাগাৰত ভৰোৱা হৈছিল। ফলত ইছলামিক অভ্যুত্থান ঘটিছিল। ইছলামিকসকলৰ সৈতে তেওঁৰ মতানৈক্যৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যই তেওঁক সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল, আৰু কমিউনিষ্ট কাৰ্যকলাপ বৃদ্ধি কৰিছিল। ৭ জানুৱাৰীত ৰাজনৈতিক অশান্তিৰ ফলত বিপ্লৱৰ সৃষ্টি হয় আৰু তেওঁ ইৰাণ এৰি যাবলৈ বাধ্য হয়। ইৰাণৰ ৰাজতন্ত্ৰ আনুষ্ঠানিকভাৱে বিলুপ্ত কৰি আয়াতুল্লাহ ৰুহোল্লাহ খোমেইনীৰ নেতৃত্বত ইৰাণক ইছলামিক ৰিপাব্লিকলৈ ৰূপান্তৰিত কৰা হয়।
মৃত্যু
ইৰাণলৈ উভতি আহিলে তেওঁৰ মৃত্যুদণ্ডৰ সন্মুখীন হ’বলগীয়া হৈছিল; সেয়েহে তেওঁ মিচৰত নিৰ্বাসিত হৈ থাকিল। কাইৰোত তেওঁৰ মৃত্যু হয়। তেতিয়াৰ ইজিপ্তৰ ৰাষ্ট্ৰপতি আনোৱাৰ সাদাতে তেওঁক ৰাষ্ট্ৰীয় সন্মানেৰে সমাধিস্থ কৰে। ২১ পাহলৱী পৰিয়াল আনোৱাৰ সাদাত, ৰিচাৰ্ড নিক্সন আৰু গ্ৰীচৰ দ্বিতীয় কনষ্টেণ্টাইন আদিও অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে।২২
বাহ্যিক সংযোগ
- "The Shah's Photo Gallery", TheShah.org
- | 60 Minutes Archive
তথ্যসূত্ৰ
- ↑ D. N. MacKenzie. A Concise Pahlavi Dictionary. Routledge Curzon, 2005
- ↑ www.britannica.com/biography/Reza-Shah-Pahlavi
- ↑ Nahai 2000, পৃ. 180–181
- ↑ Afkhami 2009, পৃ. 4
- ↑ Katouzian 2006, পৃ. 269
- ↑ Milani 2011, পৃ. 25
- ↑ Milani 2011, পৃ. 25
- ↑ Inlow, E. Burke. (1979). Shahanshah: The Study of Monarchy of Iran. Motilal Banarsidass. পৃ. 90. ISBN 9788120822924
- ↑ Amrullah. (2026-02-03). Kronologi Runtuhnya Dinasti Qajar dan Berdirinya Dinasti Pahlavi. Tinta Emas
- ↑ Afkhami 2009, পৃ. 29–31
- ↑ Milani 2011, পৃ. 46
- ↑ Milani 2011, পৃ. 47
- ↑ Milani 2011, পৃ. 48
- ↑ Milani 2011, পৃ. 47
- ↑ Fardust, Hossein; Dareini, Ali. (April 1999). The rise and fall of the Pahlavi dynasty: memoirs of former General Hussein Fardust. Motilal Banarsidass Publ. পৃ. 15–16. ISBN 978-8120816428
- ↑ Curtis, Charlotte. (13 October 1971). First Party of Iran's 2,500-Year Celebration. The New York Times
- ↑ Milani 2011, পৃ. 50
- ↑ Zonis, Marvin. Majestic Failure: The Fall of the Shah, University of Chicago Press, 1991, p. 116 f
- ↑ Zonis, Marvin. Majestic Failure: The Fall of the Shah, University of Chicago Press, 1991, p. 117
- ↑ Sorenson, David S. (2013). An Introduction to the Modern Middle East: History, Religion, Political Economy, Politics. Avalon Publishing. পৃ. 206. ISBN 978-0-8133-4922-0
- ↑ Shah's Flight. Time. 31 March 1980
- ↑ (6 November 1988). SOMEONE ELSE'S PROBLEM. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ ৰেজা পাহলৱী” প্ৰবন্ধৰ সংশোধন ৬০৮০৬২ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।