অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

ৱৰ্ল্ড ৱাইড ৱেব

ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) বা ডব্লিউ ডব্লিউ ডব্লিউ (WWW) বা ডব্লিউ থ্ৰী (W3) বা সাধাৰণভাৱে দ্য ৱেব (the Web) হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে (hypertext) সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ (System)।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ৱৰ্ল্ড ৱাইড ৱেব (World Wide Web) বা ডব্লিউ ডব্লিউ ডব্লিউ (WWW) বা ডব্লিউ থ্ৰী (W3) বা সাধাৰণভাৱে দ্য ৱেব (the Web) হ’ল ইণ্টাৰনেটত উপলব্ধ পৰস্পৰৰ লগত হাইপাৰটেক্সটেৰে (hypertext) সংযুক্ত তথ্যৰে গঠিত এটা তথ্য প্ৰযুক্তিগত প্ৰণালী বা তন্ত্ৰ (System)।

ব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ টিম বাৰ্নাৰ্ছ লীয়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনছৰটিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ। ১৯৯০ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত বাৰ্নাৰ্ছ লী আৰু বেলজিয়ামৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউ-এ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।

ইতিহাস

২০১০ চনত '''ডব্লিউ ডব্লিউ ডব্লিউ''' চাৰ্ভাৰ কিছুমানৰ সৈতে চাৰ্ন (CERN) তথ্যকেন্দ্ৰ
২০১০ চনত ডব্লিউ ডব্লিউ ডব্লিউ চাৰ্ভাৰ কিছুমানৰ সৈতে চাৰ্ন (CERN) তথ্যকেন্দ্ৰছবি: Hugovanmeijeren · CC BY-SA 3.0

Popular Science আলোচনীৰ ১৯৭০ চনৰ মে মাহৰ সংখ্যাত আৰ্থাৰ চি ক্লৰ্কে ভৱিষ্যবাণী কৰিছিল "এদিন উপগ্ৰহৰ সহায়ত জেৰ'ক্স, টেলিফ'ন, টেলিভিছন আৰু এটা সৰু কম্পিউটাৰ, আৰু তথ্য সাৰবৰাহ তথা ভিডিঅ' ক'নফাৰেন্স ব্যৱহাৰ কৰি পৃথিৱীৰ সমস্ত জ্ঞানৰ ভাণ্ডাৰ আপোনাৰ আঙুলিৰ মুৰত আনিব পৰা যাব। "

১৯৮৯ চনৰ মাৰ্চ মাহত টিম বাৰ্নাৰ্ছ লীয়ে এক প্ৰস্তাৱ দিয়ে য'ত তেওঁ ১৯৮০ নিজে নিৰ্মাণ কৰা এক ডেটাবেছ আৰু চফ্টৱেৰ প্ৰ্কল্প ENQUIRE ৰ উল্লেখ কৰে। ৰ’বাৰ্ট কাইলিয়াউৰ সহায়ত ১৯৯০ চনৰ ১২ নৱেম্বৰত ক্লায়েণ্ট-ছাৰ্ভাৰ স্থাপত্য (client–server architecture) ব্যৱহাৰ কৰি ব্ৰাউজাৰত "হাইপাৰটেক্সট ডকুমেণ্ট" (hypertext document) "জাল" (web) হিচাপে প্ৰদৰ্শন কৰিব পৰা "ৱৰ্ল্ড ৱাইড ৱেব" নামৰ "হাইপাৰটেক্সট প্ৰকল্প" (Hypertext project) এটাৰ প্ৰাসঙ্গীক প্ৰস্তাৱ দিয়ে।

১৯৯১ চনৰ আগস্ত মাহৰ ৬ তাৰিখে টিম বাৰ্নাৰ্ছ লীয়ে ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে alt.hypertext newsgroup ত এটা চুটি সাৰাংখ লিখে। এই তাৰিখটোকে ইণ্টাৰনেটত ৱেব ৰাজহুৱাভাৱে উপলব্ধ হোৱাৰ প্ৰথম তাৰিখ বুলি চিহ্নিত কৰা হয়। ১৯৯২ বাৰ্নাৰ্ছ লীয়ে প্ৰথম ফ'টো আপল'ড কৰে।

ইউৰোপৰ বাহিৰত SPIRES-HEP ডেটাবেছক হ'ষ্ট কৰিবলৈ SLAC ত প্ৰথমটো ছাৰ্ভাৰ স্থাপন কৰা হয়। ১৯৯৩ চনৰ ৩০ এপ্ৰিলত ৱৰ্ল্ড ৱাইড ৱেব সকলোৰে বাবে বিনমুলীয়া বুলি চাৰ্নে ঘোষণা কৰে। ইলিঅ'নছ ইউনিভাৰ্ছিটিৰ National Center for Supercomputing Applications ত মাৰ্ক এণ্ডাৰছনৰ নেতৃত্বত এদল গবেষকে মোজাইক (Mosaic) নামৰ এটা বাউজাৰ সাজি উলিয়াই। সাধাৰণতে ৱৰ্ল্ড ৱাইড ৱেব আৰু ইণ্টাৰনেট একে যেন লাগিলেও কিন্তু এটা আনটোৰ সমাৰ্থক নহয়।

কৰ্ম পদ্ধতি

ইণ্টাৰনেট হ'ল পৰস্পৰৰ লগত সংযুক্ত কম্পিউটাৰ নেটৱৰ্কৰ এক সৰ্বজনীন তন্ত্ৰ আৰু ৱেব হল ইয়াৰ এটা বিভাগ।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ইণ্টাৰনেটকম্পিউটাৰ বিজ্ঞানতথ্য প্ৰযুক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱৰ্ল্ড ৱাইড ৱেব” প্ৰবন্ধৰ সংশোধন ৬০৩০৪৭ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।