অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিক্স আৰ্ল

এলিক্স এশ্লী আৰ্ল (জন্ম: ১৬ ডিচেম্বৰ ২০০০) এগৰাকী আমেৰিকান ছচিয়েল মিডিয়া ব্যক্তিত্ব। তেওঁ টিকটকত "গেট ৰেডী উইথ মি" ভিডিঅ' পোষ্ট কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল, য'ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সবিশেষ শ্বেয়াৰ কৰে।

হালনাগাদ: ১৭ মাৰ্চ ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

এলিক্স এশ্লী আৰ্ল (জন্ম: ১৬ ডিচেম্বৰ ২০০০) এগৰাকী আমেৰিকান ছচিয়েল মিডিয়া ব্যক্তিত্ব। তেওঁ টিকটকত "গেট ৰেডী উইথ মি" ভিডিঅ' পোষ্ট কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল, য'ত তেওঁ নিজৰ ব্যক্তিগত জীৱনৰ সবিশেষ শ্বেয়াৰ কৰে। অনলাইন জগতত তেওঁ যিবোৰ সামগ্ৰীৰ সমৰ্থন কৰে সেইবোৰ অতি সোনকালে বিক্ৰী হৈ যোৱাৰ বাবে জনাজাত, যাক ব্যৱহাৰকাৰীসকলে "এলিক্স আৰ্ল ইফেক্ট" বুলি অভিহিত কৰিছে।১২৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

২০০০ চনৰ ১৬ ডিচেম্বৰত নিউ জাৰ্ছিৰ মনমাউথ কাউণ্টিত আৰ্লৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃ থমাছ "টিজে" আৰ্ল নিউ জাৰ্ছিৰ ৱাল টাউনশ্বিপৰ এজন নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত উদ্যোগী আৰু মাতৃ আলিছা মানিয়াচি আছিল ইটালীয় মূলৰ।৫ তেওঁৰ পিতৃ-মাতৃৰ চিনাকি ফ্লৰিডাৰ বোকা ৰাটনৰ লিন ইউনিভাৰ্ছিটীত হৈছিল।৬

২০০৮ চনৰ জুলাই মাহত নিউয়ৰ্ক পোষ্ট-এ প্ৰকাশ কৰিছিল যে আৰ্লৰ পিতৃৰ এচলি আলেকজেণ্ড্ৰা ডুপ্ৰেৰ সৈতে এক গোপন সম্পৰ্ক আছিল। ডুপ্ৰে আছিল এলিয়ট স্পিটজাৰ বেশ্যাবৃত্তি কেলেংকাৰীৰ সৈতে জড়িত এগৰাকী মহিলা, যাৰ পৰিণতিত স্পিটজাৰে নিউয়ৰ্কৰ গভৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিছিল।৭ ২০১৩ চনত আৰ্লৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু সেই বছৰৰে অক্টোবৰ মাহত তেওঁৰ পিতৃয়ে ডুপ্ৰেক বিয়া কৰায়।৬ আৰ্লৰ এশ্টিন আৰ্ল নামৰ এগৰাকী সৰু ভনীয়েক আছে আৰু পিতৃৰ দ্বিতীয় বিবাহৰ পৰা তেওঁৰ তিনিজন সতীয়া ভাই-ভনী আছে।৮

আৰ্লে ২০১৯ চনত ৰেড বেংক কেথলিক হাইস্কুলৰ পৰা উত্তীৰ্ণ হয় আৰু মায়ামী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। ২০২৩ চনত তেওঁ তাৰ পৰা মাৰ্কেটিং বিষয়ত ডিগ্ৰী লাভ কৰে।৫৯

ব্যক্তিগত জীৱন

আৰ্লে ২০২২ চনৰ শেষৰ ফালে ছান ডিয়েগো পাড্ৰেছৰ পেছাদাৰী বেছবল খেলুৱৈ টাইলাৰ ৱেডৰ সৈতে তিনি মাহৰ বাবে ডেটিং কৰিছিল। ২০২৩ চনৰ নৱেম্বৰত আৰ্লে হিউষ্টন টেক্সানছৰ ৱাইড ৰিচিভাৰ ব্ৰেক্সটন বেৰিঅ’ৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰে।১০১১১২ কেইবাটাও সূত্ৰৰ তথ্য অনুসৰি ২০২৫ চনৰ ডিচেম্বৰ মাহত আৰ্ল আৰু বেৰিঅ’ৰ বিচ্ছেদ ঘটে।১৩

২০২২ চনৰ ডিচেম্বৰত আৰ্লে এটা ভিডিঅ’ৰ জৰিয়তে হাইস্কুলীয়া দিনৰ পৰাই তেওঁ ভোগা উদ্বিগ্নতা (anxiety) জনিত সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ লেক্সাপ্ৰ’ নামৰ দৰব ব্যৱহাৰ কৰাৰ কথা প্ৰকাশ কৰে।১৪ ২০২৩ চনৰ অক্টোবৰত আৰ্লে হাইস্কুলত পঢ়ি থকা সময়ত তেওঁৰ খোৱা-বোৱাৰ বিকাৰ (eating disorder) আৰু বডী ডিচম’ৰ্ফিয়াৰৰ সৈতে কৰা সংগ্ৰামৰ বিষয়ে মুকলিকৈ কয়।১৫

তথ্যসূত্ৰ

  1. ↑ Tietz, Kendall. (January 23, 2023). How TikTok's 'hot best friend' Alix Earle earns lucrative brand deals, causes product sales to skyrocket. FoxNews.com
  2. ↑ Panchal, Ananya. (March 20, 2023). TikTok Star and University of Miami Student Alix Earle Signs With United Talent Agency. Sports Illustrated
  3. ↑ O’Brien, Sara Ashley. How TikTok's 'Get Ready With Me' Queen Starts the Week. WSJ
  4. ↑ Alix Ashley Earle (@alix_earle) • Instagram photos and videos. www.instagram.com
  5. ↑ Moore, Julia. Who Is Alix Earle? All About the Viral TikTok Sensation. People Magazine
  6. ↑ (2024-02-23). Alix Earle's parents: What she's shared about mom Alisa, dad Tom and stepmom Ashley Dupre. TODAY.com
  7. ↑ Chiaramonte, Perry. (2008-07-26). Ho-Broken! Shamed NJ BIG 'Fesses to Kristen Tryst. New York Post
  8. ↑ Meet Alix Earle's 4 Siblings: All About Her Younger Sisters and Brother. Peoplemag
  9. ↑ Keller, Ilana. (2023-10-03). From Sea Girt to TikTok famous: Red Bank Catholic grad Alix Earle hobnobbing with celebs. Asbury Park Press
  10. ↑ Braxton Berrios and Alix Earle's Relationship Timeline. Peoplemag
  11. ↑ (2023-11-05). Alix Earle and Taylor Swift: the NFL star girlfriends who took over Chiefs-Dolphins game in Germany. MARCA
  12. ↑ (2024-06-06). All About Alix Earle's Boyfriend, Braxton Berrios. ELLE
  13. ↑ people.com/alix-earle-braxton-berrios-break-up-a
  14. ↑ Valbuena, Betsy McKay, Shalini Ramachandran and John West · Design by Audrey. (2025-10-19). ‘Girl, Take Your Crazy Pills!’ Antidepressants Recast as a Hot Lifestyle Accessory. The Wall Street Journal
  15. ↑ Santino, Catherine. (2023-10-06). Alix Earle Opens Up About Eating Disorder Battle. Us Weekly

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিক্স আৰ্ল” প্ৰবন্ধৰ সংশোধন ৫৮৯৩৫১ (১৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।