এমি ৰীডাৰ (জন্ম ২৫ আগষ্ট, ১৯৮০), পূৰ্বতে এমি ৰীডাৰ হেডলী নামেৰে পৰিচিত এগৰাকী আমেৰিকান কমিক গ্ৰন্থৰ শিল্পী আৰু লেখিকা যিয়ে ফুলছ গোল্ড, মেডাম ছানাডু, বেটউমেন, আৰু মুন গাৰ্ল এণ্ড ডেভিল ডাইনোছৰৰ দৰে শিৰোনামৰ কামৰ বাবে পৰিচিত।
প্ৰাথমিক জীৱন
১৯৮০ চনৰ ২৫ আগষ্টত জন্মগ্ৰহণ কৰা এমি ৰীডাৰৰ ঘৰ মূলতঃ ক’লৰাডোৰ ডেনভাৰত আৰু তেওঁ সমাজ বিজ্ঞানৰ স্কুলত বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।১
কেৰিয়াৰ
এমি ৰীডাৰক প্ৰথমে চতুৰ্থ টকিঅ’পপৰ ৰাইজিং ষ্টাৰছ অৱ মাংগা প্ৰতিযোগিতাৰ জৰিয়তে আৱিষ্কাৰ কৰা হৈছিল২ আৰু পিছলৈ তেওঁ অ'ইএল মাংগা ফুলছ গোল্ড লিখিছিল আৰু চিত্ৰিত কৰিছিল।৩
ৰীডাৰ লেখক মেট ৱেগনাৰৰ সৈতে ডিচি কমিক্সৰ ভাৰ্টিগো ইম্প্ৰিণ্টৰ মেডাম ছানাডু ছিৰিজৰ মুখ্য শিল্পী হৈছিল।৪ ২০০৭ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ সম্পাদক ব্ৰেণ্ডন মণ্টক্লেয়াৰক কমিকছ উদ্যোগত আৰম্ভণি কৰাত সহায় কৰাৰ বাবে কৃতিত্ব দিয়ে।৫ ২০১০ চনত ডিচিয়ে ঘোষণা কৰে যে, তেওঁ জে এইচ উইলিয়ামছ তৃতীয়ৰ সৈতে বেটউমেন ছিৰিজৰ বিকল্প কলাৰ দায়িত্ব গ্ৰহণ কৰিব,৬ ইয়াৰ উপৰিও সেই শিৰোনাম আৰু ছুপাৰগাৰ্লৰ ভেৰিয়েণ্ট কভাৰ প্ৰদান কৰে,৭ যাৰ পিছৰটো তেওঁ ৫৫ সংখ্যাৰ পৰা আৰম্ভ কৰে।৮ তাৰ পিছত পৰৱৰ্তী কাহিনী চাপৰ মাজত "সৃষ্টিশীল পাৰ্থক্য"ৰ বাবে তেওঁ বেট ৱ’মেন কিতাপখন এৰি থৈ যায়।৯১০ ৰীডাৰ ইমেজ কমিক্সলৈ গুচি যায় আৰু লেখক ব্ৰেণ্ডন মণ্টক্লেয়াৰৰ সৈতে ৰকেট গাৰ্ল সৃষ্টি কৰে।১১ ২০১৫ চনত তেওঁ আৰু মণ্টক্লেয়াৰে মাৰ্ভেল কমিক্সৰ বাবে মুন গাৰ্ল এণ্ড ডেভিল ডাইনোছৰৰ সহ-লেখক আৰম্ভ কৰে।১২১৩
কৌশল আৰু বিষয়বস্তু
পেঞ্চিল আৰু বৈদ্যুতিক ইৰেজাৰৰ উপৰিও ৰীডাৰে হাতেৰে ৰং কৰা কামৰ বাবে কপিক মাল্টিলাইনাৰ আৰু কপিক মাৰ্কাৰ ব্যৱহাৰ কৰে।১ ৰীডাৰ বাওঁহতীয়া, আৰু কভাৰৰ চিত্ৰ অংকন কৰাৰ সময়ত তেওঁ অংকন কৰা পৃষ্ঠৰ তলৰ সোঁফালৰ পৰা আৰম্ভ কৰি ওপৰৰ বাওঁফালে কাম কৰে, যাতে স্মিয়ৰ নহয়।৮ ডিজিটেল কামৰ বাবে ড্ৰয়িং টেবলেট এটাও নিয়োগ কৰে। তেওঁ ব্যৱহাৰ কৰা কম্পিউটাৰ প্ৰগ্ৰেমসমূহৰ ভিতৰত এড'ব ফটোশ্বপ, ক'ৰেল পেইণ্টাৰ আৰু কমিকৱৰ্কছ আদি অন্তৰ্ভুক্ত।১
ব্যক্তিগত জীৱন
ৰীডাৰে সংগীত লিখা, গান গোৱা আৰু চিলাই কৰি ভাল পায়।১ তেওঁ মানহাটানৰ গ্ৰীণউইচ ভিলেজ চুবুৰীত বাস কৰে।১৪
তথ্যসূত্ৰ
- ↑ Reeder, Amy. About Amy Reeder. Tentopet.com
- ↑ (n.d.). Tokyopop Rising Stars of Manga Winners' Webring. Tokyopop
- ↑ and
- ↑ Alan Cowsill. (2010). DC Comics Year By Year A Visual Chronicle. Dorling Kindersley. পৃ. 334. ISBN 978-0-7566-6742-9
- ↑ McGuirk, Brendan. (August 23, 2007). Talking Madame Xanadu with Amy Hadley. Newsarama
- ↑ Segura, Alex. (April 14, 2010). It's Official: Batwoman Ongoing Series. The Source. DC Comics
- ↑ Rogers, Vaneta. (May 28, 2010). Artist Amy Reeder Faces Challenge of Batwoman, Supergirl. Newsarama
- ↑ (April 23, 2011). WC11: The Art of the Cover. CBR.com
- ↑ Khouri, Andy. (March 12, 2012). Batwoman Artists Amy Reeder and J.H. Williams III Comment on Creative Changes. ComicsAlliance
- ↑ Reeder, Amy. (March 10, 2012). RE: Batwoman. The Reeder Ship
- ↑ Lehoczky, Etelka. (July 23, 2014). Rocket Girl Is A Jetpack-Powered 21st Century Angel. NPR
- ↑ Towers, Andrea. (August 12, 2015). Marvel's newest female superhero in Moon Girl and Devil Dinosaur. Entertainment Weekly
- ↑ Whitbrook, James. (October 29, 2015). How Moon Girl and Devil Dinosaur Became One Of Marvel's Biggest (And Cutest) New Comics. Io9
- ↑ Gustines, George Gene. (February 20, 2015). From Rocket Girl to Karaoke Superstar: How Amy Reeder, a Comic Book Artist, Spends Her Sunday. The New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমি ৰীডাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১১৩৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।