অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এমি মেডিগান

এমি মেৰী মেডিগান (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০) এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৪৯
সংশোধনৰ পৰামৰ্শ

এমি মেৰী মেডিগান১ (জন্ম ১১ ছেপ্তেম্বৰ, ১৯৫০)২ এগৰাকী আমেৰিকীয় অভিনয়-শিল্পী৷ মঞ্চ আৰু পৰ্দাত -উভয় মঞ্চতে কৰা কামৰ বাবে পৰিচিত মেডিগানে প্ৰাইমটাইম এমি বঁটাৰ মনোনয়নৰ উপৰি একাডেমী বঁটা, অভিনেত্ৰী বঁটা আৰু গোল্ডেন গ্ল’ব বঁটা লাভ কৰিছে।

মেডিগানে লাভ চাইল্ড (১৯৮২) নামৰ চিনেমাখনৰ জৰিয়তে চলচ্চিত্ৰীয় জীৱনত অভিষেক ঘটায়, যাৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে। টোৱাইচ ইন এ লাইফটাইম (১৯৮৫) ছবিখনত কঠিন বিবাহত আবদ্ধ এগৰাকী মহিলাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে একাডেমী বঁটাৰ মনোনয়ন লাভ কৰে আৰু ৪০ বছৰৰ পিছত ৱেপনছ (২০২৫) ছবিত অভিনয় কৰাৰ বাবে তেওঁ অস্কাৰ জয়ী হয়৷ এয়া হৈছে এগৰাকী অভিনেত্ৰীৰ দুটা মনোনয়নৰ মাজৰ সবাতোকৈ দীঘলীয়া ব্যৱধান।৩ তেওঁৰ আন আন চলচ্চিত্ৰৰ ভিতৰত হ’ল লাভ লেটাৰ্ছ (১৯৮৪), আলামো বে (১৯৮৫), ন’ৱেৰ টু হাইড (১৯৮৭), আংকল বাক (১৯৮৯), ফিল্ড অৱ ড্ৰিমছ (১৯৮৯), ফিমেল পাৰ্ভাৰ্চনছ (১৯৯৬), পলক (২০০০), গ’ন বেবী গ’ন (২০০৭), আৰু দ্য হাণ্ট (২০২০) ৷

টেলিভিছনত মেডিগানে টেলিভিছন ছবি ৰ' বনাম ৱেড (১৯৮৯)ত চাৰা ৱেডিংটনৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ ছিৰিজ, মিনিচিৰিজ বা টেলিভিছন ফিল্মৰ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বাবে গোল্ডেন গ্ল'ব লাভ কৰিছিল আৰু প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনীত হৈছিল। এইচ বি অ'ৰ ধাৰাবাহিক কাৰ্নিভালে (২০০৩–২০০৫), গ্ৰে'ছ এনাটমী (২০০৮–২০০৯), আৰু ফ্ৰিঞ্জ (২০০৯)ত তেওঁ চৰিত্ৰ ৰূপায়ন কৰে। মঞ্চত তেওঁ অফ-ব্ৰডৱে প্ৰযোজনাৰ দ্য লাকি স্পট (১৯৮৭)ত অভিনয় কৰিছে, যাৰ বাবে তেওঁ ড্ৰামাৰ অসাধাৰণ অভিনেত্ৰীৰ ড্ৰামা ডেস্ক বঁটাৰ বাবে মনোনীত হৈছিল৷ ১৯৯২ চনত ব্ৰডৱে প্ৰডাকচনত তেওঁ ষ্টেলা কোৱালস্কিৰ চৰিত্ৰত এ ষ্ট্ৰীটকাৰ নেমড ডিজায়াৰত অভিনয় কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Amy Madigan Actor, Musician. TV Guide
  2. ↑ Willis, John. (1993). Screen World 1993, Volume 44. Applause Books. পৃ. 250. ISBN 978-1-557-83175-0
  3. ↑ Davis, Clayton. (2026-02-20). Amy Madigan on Falling in Love With Aunt Gladys in ‘Weapons,’ Becoming Wagner Moura’s Smoking Buddy and Cranking Bad Bunny’s Halftime Show to 11. Variety

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিএকাডেমী বঁটা বিজয়ীঅভিনেত্ৰীআমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমি মেডিগান” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৮৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।