অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিছা কাৰ্ছন

এলিছা কাৰ্ছন (ইংৰাজী: Alyssa Carson; জন্ম: ১০ মাৰ্চ, ২০০১) এগৰাকী আমেৰিকান মহাকাশ অনুৰাগী যিয়ে বহুতো মহাকাশ শিবিৰত অংশগ্ৰহণ কৰিছে আৰু নাছাৰ প্ৰতিটো দৰ্শনাৰ্থী কেন্দ্ৰ ভ্ৰমণ কৰিছে।

হালনাগাদ: ২৫ মে’ ২০২৬ ৪৮৩ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

এলিছা কাৰ্ছন (ইংৰাজী: Alyssa Carson; জন্ম: ১০ মাৰ্চ, ২০০১) এগৰাকী আমেৰিকান মহাকাশ অনুৰাগী যিয়ে বহুতো মহাকাশ শিবিৰত অংশগ্ৰহণ কৰিছে আৰু নাছাৰ প্ৰতিটো দৰ্শনাৰ্থী কেন্দ্ৰ ভ্ৰমণ কৰিছে।১ বিভিন্ন বাতৰি কাকত, জনস্বাৰ্থৰ প্ৰকাশন, আৰু সাক্ষাৎকাৰ অনুষ্ঠানে তেওঁক এগৰাকী বেচৰকাৰী মহাকাশচাৰী প্ৰশিক্ষণৰত হিচাপে বৰ্ণনা কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

২০০১ চনৰ ১০ মাৰ্চত লুইজিয়ানাৰ হামোণ্ডত কাৰ্ছনৰ জন্ম হৈছিল।২ ২০১৯ চনত বেটন ৰুজ ইণ্টাৰনেশ্যনেল স্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়লৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।

কাৰ্ছনে সাত বছৰ বয়সত প্ৰথমবাৰৰ বাবে আলাবামাৰ হাণ্টছভিলত অনুষ্ঠিত এটি মহাকাশ শিবিৰত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত আৰু অন্য ছটা মহাকাশ শিবিৰত অংশগ্ৰহণ কৰে।৩৪ তুৰস্ক আৰু কানাডাকে ধৰি নাছাৰ প্ৰতিটো মহাকাশ শিবিৰত অংশগ্ৰহণ কৰা তেওঁ হৈছে একমাত্ৰ ব্যক্তি।৫৬ বষ্টনৰ মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰ চেলি ৰাইড গ্ৰীষ্মকালীন শিবিৰতো তেওঁ অংশ লৈছিল।৭

তেওঁৰ ৱেবছাইট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ব্যৱহৃত তেওঁৰ "নাছা ব্লুবেৰী" ব্ৰেণ্ডিং মহাকাশ শিবিৰত তেওঁ নিৰ্বাচন কৰা কল চাইনৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।৩৮

১৬ বছৰ বয়সত তেওঁ এডভান্সড PoSSUM (Project Polar Suborbital Science in the Upper Mesosphere) মহাকাশ একাডেমীত অংশগ্ৰহণ কৰে।৯ ১৮ বছৰ বয়সত কাৰ্ছনে পাইলটৰ অনুজ্ঞাপত্ৰ লাভ কৰে।১০ তেখেতৰ প্ৰশিক্ষণত পানীত জীয়াই থকা, জি বল প্ৰশিক্ষণ, মাইক্ৰ' গ্ৰেভিটি ফ্লাইট, স্কুবা প্ৰমাণপত্ৰ লাভ আৰু ডিকম্প্ৰেছন প্ৰশিক্ষণ আদিও অন্তৰ্ভুক্ত কৰা হৈছে।১১১২

কাৰ্ছনে এম্ব্ৰি-ৰিডল এৰ'নটিকেল ইউনিভাৰ্চিটিত মহাকাশ শৰীৰবিজ্ঞানৰ ওপৰত কেন্দ্ৰিত শ্ৰেণীত অংশগ্ৰহণ কৰিছিল।১৩ ২০২৩ চনৰ হিচাপত তেওঁ ফ্ল'ৰিডা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা জ্যোতিৰ্জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।১৪

মহাকাশচাৰী হোৱাৰ ইচ্ছা

২০১৩ চনত কাৰ্ছনে ৯ খন ৰাজ্যৰ নাছাৰ চৈধ্যটা দৰ্শনাৰ্থী কেন্দ্ৰৰ প্ৰতিটো ভ্ৰমণ কৰি "নাছা পাছপ'ৰ্ট প্ৰগ্ৰেম" সম্পূৰ্ণ কৰা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়। তাৰ পিছত তেওঁক ৱাশ্বিংটন ডিচিৰ স্মিথছ'নিয়ান নেচনেল এয়াৰ এণ্ড স্পেচ মিউজিয়ামৰ ১০ জনীয়া “এম. ই. আৰ.” (MER; Mars Exploration Rover) পেনেলৰ পেনেলিষ্ট হিচাপে আমন্ত্ৰণ জনোৱা হয়।১৫ ষ্টিভ হাৰ্ভিৰ টক শ্ব'ত তেওঁক আটাইতকৈ কম বয়সীয়া মহিলা গ্ৰাউণ্ডব্ৰেকাৰ হিচাপে বৰ্ণনা কৰা হৈছিল। ২০১৭ চনৰ তথ্যচিত্ৰ “দ্য মাৰ্চ জেনেৰেচন”ত তেওঁক চিত্ৰিত কৰা হৈছিল।১৬১৭

কাৰ্ছনে মহাকাশ উৰণৰ প্ৰতি থকা প্ৰৱল ইচ্ছাৰ বিষয়ে তেওঁৰ গ্ৰন্থ “ছ’ ইউ ৱাণ্ট টু বি এন এষ্ট্ৰ’নাট”ত (২০১৮)১৮ প্ৰকাশ কৰিছে আৰু তেওঁ “দ্য ইণ্ডিপেণ্ডেণ্ট”ত লিখা-মেলা কৰে।১৯

সংবাদ মাধ্যমে সঘনাই কাৰ্ছনক "প্ৰশিক্ষণৰত মহাকাশচাৰী" বুলি বৰ্ণনা কৰে২০১০ যদিও কাৰ্ছন কোনো ৰাষ্ট্ৰীয় মহাকাশ কাৰ্যসূচীৰ সৈতে জড়িত নহয়।২১২২ নাছাই ৰাজহুৱাভাৱে উল্লেখ কৰিছে যে সংস্থাটোৰ "এলিছা কাৰ্ছনৰ সৈতে কোনো আনুষ্ঠানিক সম্পৰ্ক নাই",২২ আৰু ইয়াকো কৈছে যে "শ্ৰীমতী কাৰ্ছনে তেওঁৰ ৱেবছাইটৰ নাম আৰু টুইটাৰ আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত 'নাছা' শব্দৰ ব্যৱহাৰ কৰে যদিও আমি তেওঁৰ সৈতে একেবাৰেই সংযুক্ত নহয়।"২৩ ২০১৯ চনত নিউজউইকে কাৰ্ছনৰ প্ৰশিক্ষণ নাছাৰ সৈতে জড়িত বুলি প্ৰকাশিত বাতৰি এটাৰ শিৰোনাম সংশোধন কৰিছিল।৯ স্নোপছ ডট কমে এনে দাবীসমূহ স্পষ্ট কৰিবলৈ এটা পৃষ্ঠাও উচৰ্গা কৰিছে, য'ত কোৱা হৈছে: "কাৰ্ছন মহাকাশচাৰী হ'বলৈ বা মংগল গ্ৰহলৈ কৰা প্ৰথম মানৱ অভিযানত অংশগ্ৰহণ কৰিবলৈ নাছাৰ সৈতে প্ৰশিক্ষণ লোৱা নাই—বা নাছাৰ দ্বাৰা প্ৰস্তুতো কৰা হোৱা নাই।"২৪

২০১৯ চনত কাৰ্ছনে “ৰিয়ানছ মিষ্ট্ৰী প্লেডেট”ৰ (Ryan's Mystery Playdate) এটা খণ্ডত অভিনয় কৰিছিল।২৫ তেওঁৰ শৈশৱৰ মহাকাশচাৰী হোৱাৰ সপোন আৰু মংগল গ্ৰহ ভ্ৰমণৰ লক্ষ্যৰ বিষয়ে আলোচনা কৰিবলৈ সঘনাই তেওঁৰ সাক্ষাৎকাৰ লোৱা হয়।২০১০ তেওঁ হৰিজন ষ্টুডিঅ'ৰ দ্বাৰা ডিজাইন কৰা "স্পেচ লাগেজ"কে ধৰি কেইবাটাও মহাকাশ সম্পৰ্কীয় সামগ্ৰীৰ সৈতে জড়িত আৰু কানাডাৰ মহাকাশ সংস্থাৰ মুখ্য কাৰ্যালয়ৰ বাবে “ফাইনেল ফ্ৰণ্টিয়াৰ ডিজাইন”ৰ মহাকাশ চুট পৰীক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।২৬২৭ তেওঁ নাইকীৰ জোতা আৰু ছ'ডাষ্ট্ৰিমৰ ঘৰুৱা সঁজুলিৰ প্ৰচাৰ কাৰ্যৰ সৈতে জড়িত।২৮

বঁটা

২০১৭ চনত কাৰ্ছনক লুইজিয়ানা পাব্লিক ব্ৰডকাষ্টিঙে ব্যতিক্ৰমী হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা বঁটা লুইজিয়ানাৰ নগৰাকী যুৱ নায়কৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰে।২৯ ২০১৯ চনত তেওঁ এল. এছ. ইউ. মহিলা কেন্দ্ৰৰ “এস্প্ৰিট ডি. ফেম বঁটা” লাভ কৰে, আৰু তেওঁ হৈছে বৰ্তমানলৈকে এই বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি।৩০ লুইজিয়ানা লাইফ আলোচনীয়ে তেওঁক বিজ্ঞান শাখাত “২০২০ চনৰ বছৰটোৰ লুইজিয়ান” হিচাপে সন্মানিত কৰে।৩১ ২০২২ চনত তেওঁ ফ্ল'ৰিডা ইনষ্টিটিউট অৱ টেকন'লজিৰ “ছাত্ৰ অনুঘটক বঁটা” (Student Catalyst Award) লাভ কৰে, যিয়ে বিদ্যালয়খনৰ সমাজত মহিলাৰ অংশগ্ৰহণ আৰু বিকাশৰ ওপৰত আলোকপাত কৰে।৩২

প্ৰকাশিত গ্ৰন্থ

  • ছ’ ইউ ৱাণ্ট টু বি এন এষ্ট্ৰ’নাট (২০১৮)৩৩

তথ্যসূত্ৰ

  1. ↑ Branton, Vicky. Back to school and beyond. The Daily Iberian
  2. ↑ Puterman, Shari. (July 12, 2018). Louisiana teen might be flying to Mars. The Daily Advertiser
  3. ↑ Krueger, Alyson. (March 21, 2018). This 17-Year-Old Is Already Training for a Trip to Mars. Teen Vogue
  4. ↑ CBS News. (October 3, 2014). Teen trying to make an out-of-this-world dream a reality. www.cbsnews.com
  5. ↑ Secon, Holly. A 19-year-old aspiring astronaut is the only person who's attended every space camp. She's already positioning herself for a mission to Mars.. Business Insider
  6. ↑ Curtis, Cara. (July 26, 2019). (Best of 2019) Meet Alyssa Carson, the 18-year-old training to become the first human on Mars. The Next Web
  7. ↑ Alyssa Carson – Ambassadors – About Mars One. Mars One
  8. ↑ DeMoss, Nick. (March 12, 2020). Future Mars Astronaut Visits Engineering Class. University of Arkansas News
  9. ↑ McCall, Rosie. (October 17, 2019). Alyssa Carson, the 18-year-old astronaut-in-training, would "consider" permanently relocating to Mars. Newsweek
  10. ↑ McLellan, Shannon. (January 31, 2020). World's youngest astronaut-in-training is part of Super Bowl ad. Good Morning America
  11. ↑ Q&A with Alyssa Carson. The Design Museum
  12. ↑ Davidson, Emma Elizabeth. (July 23, 2019). Alyssa Carson is the 18-year-old astronaut making Mars her mission. Dazed
  13. ↑ Lowery, Chris. (February 23, 2018). Could Baton Rouge teen Alyssa Carson end up on the first human mission to Mars?. The Advocate
  14. ↑ (2022-09-26). Alyssa Carson: Student-Astronaut in Training. The Florida Tech Crimson
  15. ↑ Biddlecombe, Sarah. (October 16, 2019). Mars mission: astronaut Alyssa Carson on flying to Mars. Stylist
  16. ↑ Petski, Denise. (June 25, 2015). Morgan Neville And Znak&Jones Partner On 'The Mars Generation'. Deadline
  17. ↑ (July 20, 2018). The First Human On Mars: Who Is 17 Year-Old Alyssa Carson? - Page 7. buzznet
  18. ↑ McCord, Brooke. (September 25, 2019). Meet your martian. The Face
  19. ↑ Carson, Alyssa. (July 21, 2019). The moon landing means everything to me as someone who wants to be the first person on Mars. The Independent
  20. ↑ Krueger, Alyson. (March 21, 2018). This 17-Year-Old Is Already Training for a Trip to Mars. Teen Vogue
  21. ↑ Is NASA Training a 17-Year-Old Girl to Be an Astronaut?. Snopes.com
  22. ↑ Passaro, Passaro. (July 20, 2018). Is NASA prepping a 17 year old to become first human on Mars?. PolitiFact
  23. ↑ Lybrand, Holmes. (July 23, 2018). Fact Check: Is NASA 'Preparing This (Teenage) Girl To Become The First Human On Mars'?. Washington Examiner
  24. ↑ Is NASA Training a 17-Year-Old Girl to Be an Astronaut?. Snopes.com
  25. ↑ Knox, David. (September 15, 2019). Airdate: Ryan's Mystery Playdate · TV Tonight. tvtonight.com.au
  26. ↑ Santora, Sara. (December 1, 2019). Life on Mars? An interview with Alyssa Carson. Space Coast Living Magazine
  27. ↑ Jaramillo, Antonia. (November 26, 2019). The girl who dreams to live on Mars. Florida Today
  28. ↑ Stanley, T.L. (January 30, 2020). Inside SodaStream's Epic Super Bowl Ad About Water on Mars. Adweek
  29. ↑ (March 19, 2018). 2017 Young Heroes. Louisiana Public Broadcasting
  30. ↑ Frost, Peter. (March 29, 2019). Alyssa Carson Receives the LSU Women's Center Esprit De Femme Award. Dig Baton Rouge
  31. ↑ DiPiazza, Dana. (February 7, 2020). Joe Burrow makes 2020 'Louisianians of the Year' list. WBRZ
  32. ↑ Lowenstein, Adam. (February 26, 2022). Florida Tech to Honor Amazing Women During Inspiring Success & Excellence Awards March 3. Space Coast Daily
  33. ↑ Carson, Alyssa. (2018). So You Want to Be an Astronaut. ISBN 978-1-73135-794-6

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছা কাৰ্ছন” প্ৰবন্ধৰ সংশোধন ৬০৮৬০০ (২৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।