অনিশা নাগৰাজন (ইংৰাজী ভাষা: Anisha Nagarajan) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু গায়িকা। এণ্ড্ৰু লয়ড ৱেবাৰৰ থিয়েটাৰ মিউজিকেল বম্বে ড্ৰিমছ্ত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।১২ ইয়াৰ উপৰি ২০১০ চনৰ এনবিচি টেলিভিছন ধাৰাবাহিক আউটচ’ৰ্চড্ত মাধুৰী চৰিত্ৰত কৰা অভিনয়ৰ বাবেও তেওঁ জনাজাত।৩
প্ৰাৰম্ভিক জীৱন
নাগৰাজনৰ পিতৃ-মাতৃ ভাৰতৰপৰা অহা প্ৰব্ৰজনকাৰী।৩ তেওঁৰ মাতৃ গীতা নাগৰাজন ৱেষ্টাৰ্ণ চাইকিয়াট্ৰিক ইনষ্টিটিউট এণ্ড ক্লিনিকৰ এগৰাকী প্ৰাক্তন উন্নয়ন বিশেষজ্ঞ।৩ পিতৃ নন্দু নাগৰাজন পিটচবাৰ্গ বিশ্ববিদ্যালয়ৰ জোচেফ এম কাটজ গ্ৰেজুয়েট স্কুল অৱ বিজনেছৰ এজন অধ্যাপক।৩
অনিশাৰ জন্ম হৈছিল ইলেনয়ৰ ইভানষ্টনত। তেওঁ পেনচিলভেনিয়াৰ পিটচবাৰ্গৰ স্কুইৰেল হিল চুবুৰিত ডাঙৰ-দীঘল হৈছিল আৰু পিছলৈ পৰিয়ালৰ সৈতে ফক্স চেপেল নামৰ উপনগৰলৈ গুচি গৈছিল।৩ অনিশাই নাতাশা স্নিতকভস্কিৰ তত্ত্বাৱধানত পিয়ানো বজাবলৈ শিকিছিল। মাত্ৰ দহ বছৰ বয়সতে তেওঁ কাৰ্নেগী হলত অনুষ্ঠান পৰিৱেশন কৰিছিল। ইয়াৰ উপৰি তেওঁ কৰ্ণাটকী শাস্ত্ৰীয় সংগীত অধ্যয়ন কৰিছিল। পোন্ধৰ বছৰ বয়সত নাগৰাজনে ভাৰতৰ এখন আৱাসিক বিদ্যালয়ত এবছৰ কটাইছিল, য’ত তেওঁ জোচেফ এণ্ড দা আমেজিং টেকনিকলাৰ ড্ৰিমকোট নামৰ নাটকখনৰ কৰিঅ’গ্ৰাফী কৰিছিল।৪
তেওঁ ফক্স চেপেল এৰিয়া হাইস্কুলৰ গায়ক দলৰো সদস্য আছিল।৫ ২০০১ চনত টেক্সাছৰ ছান এণ্টনিঅ’ত অনুষ্ঠিত হ’বলগীয়া মাল্টিকালচাৰেল নেচনেল অনাৰ কয়ৰৰ বাবে নিৰ্বাচিত হোৱা পেনচিলভেনিয়াৰ দহজন শিক্ষাৰ্থীৰ ভিতৰত নাগৰাজন অন্যতম আছিল। সেই সময়ত তেওঁ হাইস্কুলৰ অন্তিম বৰ্ষৰ ছাত্ৰী আছিল।৬
২০০২ চনত তেওঁ ফক্স চেপেল এৰিয়া হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। বিদ্যালয়ত পঢ়ি থকা দিনতে তেওঁ বিখ্যাত নাট্যকাৰ তথা সুৰকাৰ মাইকেল মিটনিকৰ সৈতে মিউজিকেল নাটকসমূহত অভিনয় কৰিছিল।৩ হাইস্কুলীয়া শিক্ষা শেষ কৰি তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ টিছ স্কুল অৱ আৰ্টছ ড্ৰামা বিভাগত অভিনয় অধ্যয়ন কৰে। নিউয়ৰ্ক বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দ্বিতীয় বৰ্ষতে তেওঁ ব্ৰডৱে মিউজিকেল বম্বে ড্ৰিমছ্ত প্ৰিয়াৰ নাম ভূমিকাটোৰ বাবে নিৰ্বাচিত হৈছিল। তেওঁ অভিনেতা আলোক মেহতাৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিয়ে একেখন মিউজিকেলতে তেওঁৰ সৈতে অভিনয় কৰিছিল।৩
কেৰিয়াৰ
বম্বে ড্ৰিমছ্ৰ পিছত নাগৰাজনে কেইবাখনো আঞ্চলিক থিয়েটাৰ প্ৰযোজনাত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত আছিল নিউয়ৰ্কৰ ইথাকাৰ হেংগাৰ থিয়েটাৰৰ প্ৰযোজনা ৰেণ্ট আৰু কেলিফৰ্ণিয়াৰ ছান ডিয়েগোৰ লা জোল্লা প্লেহাউচত মঞ্চস্থ হোৱা দ্য ৱিজ।৩ ২০০৬ চনত তেওঁ লছ এঞ্জেলছৰ হলিউড বোলত এ. আৰ. ৰহমানৰ "বলিউড নাইট"ত অনুষ্ঠান পৰিৱেশন কৰিছিল।৭
তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়লৈ ঘূৰি আহে আৰু তাৰপৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।৩
নাগৰাজনে এনবিচিৰ ধাৰাবাহিক আউটচ’ৰ্চড্ত এজনী লাজকুৰীয়া আৰু মৃদুভাষী কল চেণ্টাৰ কৰ্মচাৰী মাধুৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৩ ইয়াৰ উপৰি তেওঁ গ্ৰে'ছ এনাটমী, ক’ড ব্লেক, স্ক্যেণ্ডেল আৰু আলি বেটিত অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।৩ তেওঁ বাৰ্কলে ৰিপাৰ্টৰী থিয়েটাৰত প্ৰিমিয়াৰ হোৱা মীৰা নায়াৰৰ মনচুন ৱেডিংৰ সংগীতমক সংস্কৰণত এলিচৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।
নাগৰাজনে বৰ্তমান ব্ৰডৱেত ষ্টিফেন চণ্ডহেইমৰ কোম্পানীত অভিনয় কৰি আছে।৮ তেওঁ ইয়াত এনচেম্বল গোটৰ অংশ হোৱাৰ লগতে জোয়ান আৰু চুজান চৰিত্ৰৰ বাবে আণ্ডাৰষ্টাডী হিচাপে কাম কৰিছে।৯
তথ্যসূত্ৰ
- ↑ Rawson, Christopher: "A 'dream' duo: Two Pittsburgh actors star in musical about Bombay films" and "'Bombay' Dreams' bubbles with energy." Pittsburgh, Pennsylvania: Pittsburgh Post-Gazette, May 4, 2004, p.B1 (subscription required)
- ↑ Cox. Gordon. "A Bollywood of Bubblegum." New York, New York: Newsday, April 30, 2004, p. B6 (subscription required)
- ↑ Owen, Rob. (September 22, 2010). Anisha Nagarajan, gets 'Outsourced'. Pittsburgh Post-Gazette
- ↑ Randall, Reese. (March 8, 2011). Anisha Nagarajan. Pittsburgh Magazine
- ↑ Ganster, Kathleen. "Retiring choral director gets his own musical send-off." Pittsburgh, Pennsylvania: Pittsburgh Post-Gazette, June 27, 2013, p. N-2 (subscription required)
- ↑ "Student News." Pittsburgh, Pennsylvania: Pittsburgh Post-Gazette, August 8, 2001, p. 80 (subscription required)
- ↑ Heckman, Don. "It's Bollywood, no doubt about it." Los Angeles, California: The Los Angeles Times, July 18, 2006, p. E2 (subscription required)
- ↑ Gordon, David. (February 28, 2020). Full Cast Announced for Broadway's Company, Starring Katrina Lenk and Patti LuPone. TheaterMania
- ↑ Anisha Nagarajan. Playbill
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনিশা নাগৰাজন” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৫৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।