এন মেৰী কাঞ্চেলমী (ইংৰাজী ভাষা: Anne Marie Cancelmi; জন্ম: ৩১ জুলাই, ১৯৭৫), পেছাদাৰীভাৱে এনি পেৰিছ নামেৰে পৰিচিত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ ড্ৰামা ধাৰাবাহিক ল এণ্ড অৰ্ডাৰত আলেকজান্দ্ৰা বৰ্জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। পেৰিছই ছোপ অপেৰা এজ দ্য ৱৰ্ল্ড টাৰ্ণছত জুলিয়া স্নাইডাৰ হিচাপেও অভিনয় কৰিছে, যাৰ বাবে তেওঁ ডে-টাইম এমি বঁটাৰ বাবে মনোনীত হৈছিল।
প্ৰাৰম্ভিক জীৱন
পেৰিছৰ জন্ম আলাস্কাৰ এংকৰেজত হৈছিল। তেওঁৰ মাতৃ এনেট এগৰাকী শিক্ষয়িত্ৰী আছিল আৰু পিতৃ লুই জি. কাঞ্চেলমী আলাস্কা এয়াৰলাইনছৰ এজন জ্যেষ্ঠ কাৰ্যবাহী আছিল। তেওঁ ইটালীয়ান, শ্ল’ভাক আৰু চিৰিয়ান বংশধৰ।১২৩৪ তেওঁৰ ভাতৃ লুই কাঞ্চেলমীও এজন অভিনেতা। লুয়ে এলিজাবেথ ৱাটাৰষ্টনক বিবাহ কৰাইছে, যি ল এণ্ড অৰ্ডাৰৰ অভিজ্ঞ অভিনেতা তথা পেৰিছৰ সহ-অভিনেতা চেম ৱাটাৰষ্টনৰ কন্যা।৫
পেৰিছ ৱাশ্বিংটনৰ মাৰ্চাৰ আইলেণ্ডত ডাঙৰ-দীঘল হৈছিল আৰু মাৰ্চাৰ আইলেণ্ড হাইস্কুলত অধ্যয়ন কৰিছিল।৩৬
১৮ বছৰ বয়সত পেৰিছই ফৰ্ডহাম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ নিউয়ৰ্ক চহৰলৈ যায়। তাত তেওঁ থিয়েটাৰত গুৰুত্ব দিছিল আৰু মিডিয়া আৰু এণ্টিগনকে ধৰি অসংখ্য নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।৩
কেৰিয়াৰ
টেলিভিছন আৰু চলচ্চিত্ৰ
পেৰিছ ১৯৯৮ চনৰপৰা ২০০১ চনলৈ চিবিএছৰ ছোপ অপেৰা এজ দ্য ৱৰ্ল্ড টাৰ্ণছত জুলিয়া স্নাইডাৰৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ২০০২ চনত কেইটামান খণ্ডৰ বাবে পুনৰ উভতি আহিছিল।৩ ২০০১ চনত তেওঁ ড্ৰামা ধাৰাবাহিকৰ এগৰাকী উৎকৃষ্ট যুৱ অভিনেত্ৰীৰ শিতানত ডে-টাইম এমি বঁটাৰ বাবে মনোনীত হৈছিল।
কেৰিয়াৰৰ আৰম্ভণিতে পেৰিছই বিগ এপল, থৰ্ড ৱাচ আৰু ফ্ৰেণ্ডছৰ দৰে অনুষ্ঠানত অতিথি শিল্পী হিচাপে অভিনয় কৰিছিল। ২০০২ চনত তেওঁ ল এণ্ড অৰ্ডাৰৰ "এটৰ্নী ক্লায়েণ্ট" নামৰ খণ্ডটোত এগৰাকী নৃত্যশিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ফলত তেওঁ জেৰী অৰবাক, এছ. ইপাথা মাৰ্কাৰছন, মাইকেল ইম্পেৰিওলি, মিলেনা গভীচ আৰু জেৰেমী চিষ্টোৰ দৰে ল এণ্ড অৰ্ডাৰৰ সেইসকল অভিনয় শিল্পীৰ মাজত স্থান পায়, যিসকলে এটা স্থায়ী চৰিত্ৰ লাভ কৰাৰ আগতে ধাৰাবাহিকখনত একক অভিনয় কৰিছিল।
২০০২ চনৰ এখন সহযোগী ছবিত পেৰিছই হাউ টু লুজ এ গাই ইন ১০ ডেইজত জিনি এছক্ৰফটৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০০৪ চনৰ একচন ছবি নেশ্যনেল ট্ৰেজাৰত এজেণ্ট ডজৰ চৰিত্ৰত এটা সৰু ভূমিকা পালন কৰিছিল। ২০০৫ চনৰ ছবি মন্সটাৰ-ইন-লতো তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
২০০৪ চনত পেৰিছই ১৫তম ছিজনৰ মাজভাগত সহকাৰী জিলা এটৰ্নী আলেকজান্দ্ৰা বৰ্জিয়া হিচাপে ল এণ্ড অৰ্ডাৰৰ দলত যোগদান কৰে; ২০০৬ চনৰ ১৭ মে'ত ১৬তম ছিজনৰ সামৰণিত তেওঁৰ অন্তিম উপস্থিতি দেখা যায়, য’ত তেওঁৰ চৰিত্ৰটোক হত্যা কৰা হয়।
২০১০ চনৰ যুদ্ধভিত্তিক ড্ৰামা দ্য পেচিফিকত পেৰিছই মেৰিন ছাৰ্জেণ্ট লেনা ৰিগি বেচিলোনৰ চৰিত্ৰটো গ্ৰহণ কৰিছিল। তেওঁ চিবিএছৰ পাৰ্চন অফ ইণ্টাৰেষ্টত কাৰা ষ্টেণ্টন হিচাপে এটা চৰ্চিত চৰিত্ৰত অভিনয় কৰিছিল। ২০১২ চনৰ আগষ্ট মাহত পেৰিছক ফক্স ধাৰাবাহিক দ্য ফলোয়িংত এগৰাকী এফবিআই বিশেষজ্ঞৰ নিয়মীয়া চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচন কৰা হয়।৭ ২০১৬ চনত পেৰিছই এইচবিঅ’ৰ ধাৰাবাহিক ভিনাইলত এণ্ড্ৰিয়া জিটো আৰু ২০১৭ চনত নেটফ্লিক্সৰ ধাৰাবাহিক ফ্ৰেণ্ডছ ফ্ৰম কলেজত সামান্থা "চেম" ডেলমনিকো হিচাপে অভিনয় কৰে। ২০১৮ চনত তেওঁ আল পাচিনোৰ বিপৰীতে পাটাৰ্ণোত অভিনয় কৰিছিল।
মঞ্চ
২০০৭ চনৰ ৮ মাৰ্চৰপৰা পেৰিছই ক্ৰেগ লুকাছৰ প্ৰিলুড টু এ কিচত অভিনয় কৰে। ২০০৮ চনত তেওঁ অফ-ব্ৰডৱেত বেকি শ্ব নামৰ নাটকখনত নাম চৰিত্ৰত অভিনয় কৰে।৮ ২০১১ চনৰ গ্ৰীষ্মকালত পেৰিছই নিউয়ৰ্ক পাব্লিক থিয়েটাৰৰ শ্বেইক্সপীয়েৰ ইন দ্য পাৰ্কৰ নিৰ্মাণত মেজাৰ ফৰ মেজাৰ আৰু অল’ছ ৱেল ডেট এণ্ডছ ৱেলত অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
পেৰিছ অভিনেতা পল স্পাৰ্কছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এমেট (জন্ম ২০০৯) নামৰ এজন পুত্ৰ৯ আৰু লিডিয়া (জন্ম ২০১৪) নামৰ এগৰাকী কন্যা সন্তান আছে। তেওঁলোক নিউয়ৰ্ক চহৰৰ মেনহাটানত বাস কৰে।৩
বঁটা আৰু মনোনয়ন
- ২০০১: এজ দ্য ৱৰ্ল্ড টাৰ্ণছৰ বাবে ড্ৰামা ধাৰাবাহিকৰ এগৰাকী উৎকৃষ্ট যুৱ অভিনেত্ৰীৰ শিতানত ডে-টাইম এমি বঁটাৰ বাবে মনোনীত।
তথ্যসূত্ৰ
- ↑ Jr, Miloslav Rechcigl. (November 2, 2021). Notable Americans of Czechoslovak Ancestry in Arts and Letters and in Education. AuthorHouse. ISBN 978-1-6655-4006-3
- ↑ SADIE OWENS Obituary (2013) - Legacy Remembers. Legacy.com
- ↑ (March 5, 2018). BA #219: Annie Parisse. the Box Angeles podcast
- ↑ (May 5, 1982). Harry Cancelmi, state Parole Board retiree. Pittsburgh Post-Gazette. পৃ. 10
- ↑ (March 23, 2015). 'Please Be Normal': Film Review. The Hollywood Reporter
- ↑ About the Actors · Annie Parisse · As The World Turns. Soapcentral.com
- ↑ Andreeva, Nellie. (August 3, 2012). Annie Parisse lands regular role on Kevin Bacon Fox drama 'The Following'. Deadline Hollywood
- ↑ Hernandez, Ernio. (November 11, 2008). Playbill News: Annie Parisse to Head Cast of Second Stage's Becky Shaw. Playbill
- ↑ Simon, Lizzie. (April 2, 2012). Curtain Raisers: The Theater of Discomfort. The Wall Street Journal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনি পেৰিছ” প্ৰবন্ধৰ সংশোধন ৫৯৮০৬৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।