আৰতী মজুমদাৰ (জন্ম: ৩ মাৰ্চ, ১৯৭৮), পেছাদাৰীভাৱে আৰতী মান (ইংৰাজী ভাষা: Aarti Mann; জন্ম: ৩ মাৰ্চ, ১৯৭৮) নামেৰে পৰিচিত এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। চিবিএছ কমেডী ধাৰাবাহিক দা বিগ বেং থিয়ৰীত প্ৰিয়া কুথ্ৰাপ্পালীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ নেটফ্লিক্সৰ স্পাই-এডভেঞ্চাৰ ধাৰাবাহিক দা ৰিক্ৰুটত চিআইএৰ অধিবক্তা ভায়োলেট ইবনাৰৰ চৰিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৭৮ চনৰ ৩ মাৰ্চত কানেকটিকাটত এক গুজৰাটী হিন্দু পৰিয়ালত আৰতী মজুমদাৰৰ জন্ম হৈছিল।১ তেওঁলোকৰ পৰিয়ালটো গুজৰাটৰ জুনাগড়ৰ আছিল।২ তেওঁৰ বৈবাহিক নামটো চুটি কৰি তেওঁ 'মান' বুলি লিখে।
আৰতী সৰু হৈ থাকোঁতেই তেওঁৰ পিতৃ-মাতৃ, জ্যেষ্ঠ ভগ্নী কৃতি আৰু কনিষ্ঠ ভাতৃ নিষাদৰ সৈতে পেনচিলভেনিয়াৰ কেইবাখনো ঠাইলৈ স্থানান্তৰিত হৈছিল।১ শৈশৱত তেওঁ পিটচবাৰ্গ, মাউণ্ট লেবানন আৰু ৱেক্সফৰ্ডত বাস কৰিছিল আৰু অৱশেষত ফক্স চেপেলত নিগাজিকৈ থাকিবলৈ লৈছিল।১ তেওঁৰ মাতৃ বাসন্তী মজুমদাৰ পিটচবাৰ্গ বিশ্ববিদ্যালয় চিকিৎসা কেন্দ্ৰৰ (UPMC) এগৰাকী স্নাতক আৰু বৰ্তমান ফক্স চেপেলত এগৰাকী ধাই আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে কৰ্মৰত।১ আৰতীৰ পিতৃও এজন চিকিৎসক আছিল,২ কিন্তু আৰতী হাইস্কুলত পঢ়ি থকা অৱস্থাতে তেওঁৰ মৃত্যু হয়।১
ফক্স চেপেলৰ চেডী চাইড একাডেমীত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰোঁতে আৰতীয়ে কেতিয়াও নাটক কৰা নাছিল। তথাপি তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰপৰা চলচ্চিত্ৰ লেখন আৰু পৰিচালনা বিষয়ত ডিগ্ৰী লাভ কৰে আৰু তাত তেওঁ অভিনয়ৰ চৰ্চা কৰিছিল।১
কেৰিয়াৰ
মানে ২০০০ চনৰ মাজভাগত অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু প্ৰথম অৱস্থাত সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ পেছাদাৰী নাম হিচাপে আৰতী মজুমদাৰ আৰু আৰতী মান — এই দুয়োটা নামেই ব্যৱহাৰ কৰে।১২
মানৰ ভাতৃ নিষাদ এজন সাংবাদিক আৰু তেওঁৰ ভগ্নী কৃতিয়ে তেওঁক অভিনয়লৈ অহাৰ সিদ্ধান্তত প্ৰভাৱ পেলাইছিল। কৃতিয়ে কিছুসময়ৰ বাবে চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কাম কৰিছিল আৰু তেওঁৰ একমাত্ৰ প্ৰযোজনা তথা পৰিচালনাৰ কাম দ্য মেমচাহেবত আৰতীক অভিনয় কৰাইছিল। ২০০৬ চনত বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত এই ছবিখন প্ৰদৰ্শিত হৈছিল। নিজৰ দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে আৰতীয়ে অভিনয়ৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰে আৰু লছ এঞ্জেলছত অভিনয়ৰ ক্লাছত নাম ভৰ্তি কৰে।১
মানে ভলভোৰ এটা বিজ্ঞাপনত অভিনয় কৰিছিল আৰু ইয়াৰ পিছত আন কেইবাটাও চৰিত্ৰ লাভ কৰিছিল। ইয়াৰ ভিতৰত ২০০৮ চনত প্ৰচাৰিত হোৱা ৱেব/টিভি ধাৰাবাহিক কুৱাৰ্টাৰলাইফৰ এটা খণ্ডত কৰা অতিথি অভিনয়ো অন্যতম। ২০০৯ চনত তেওঁ হিৰোছ ধাৰাবাহিকৰ এটা খণ্ডত আৰু ২০১০ চনত দ্য ইয়ং এণ্ড দ্য ৰেষ্টলেছৰ এটা খণ্ডত অতিথি শিল্পী হিচাপে অভিনয় কৰে। ইউএচএ নেটৱৰ্কে বিবেচনা কৰি থকা ধাৰাবাহিক পেজিং ডা° ফ্ৰীডত তেওঁক ষ্টিফেনিৰ চৰিত্ৰত নিৰ্বাচিত কৰা হৈছিল যদিও প্ৰডাকচনৰ সময়ত নেটৱৰ্কে তেওঁৰ চৰিত্ৰটো সলনি কৰে আৰু পিছলৈ ধাৰাবাহিকখনৰ কাম আগবঢ়াই নিয়াত বাধা দিয়ে।১
বিভিন্ন টেলিভিছন ধাৰাবাহিকৰ একক খণ্ডত অভিনয় কৰাৰ পাছত মানে ২০১০ আৰু ২০১১ চনত দা বিগ বেং থিয়ৰীত প্ৰিয়া কুথ্ৰাপ্পালীৰ চৰিত্ৰত অভিনয় কৰি প্ৰথমটো ৰিকাৰিং ৰোল (recurring role) লাভ কৰে। ২০২২ চনলৈকে তেওঁ আন ধাৰাবাহিকসমূহত অতিথি শিল্পী হিচাপে অভিনয় কৰি থাকে। ইয়াৰ পিছত তেওঁ নেটফ্লিক্সৰ চোৰাংচোৱা ধাৰাবাহিক দা ৰিক্ৰুটত চিআইএৰ অধিবক্তা ভায়োলেট ইবনাৰ হিচাপে মূল অভিনয় শিল্পীৰ গোটত স্থান লাভ কৰে। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ তথ্য অনুসৰি ধাৰাবাহিকখনৰ দ্বিতীয়টো ছিজনৰ নিৰ্মাণ কাৰ্য চলি আছে।৩
ব্যক্তিগত জীৱন
২০১১ চনৰ তথ্য অনুসৰি, আৰতী মান তেওঁৰ স্বামী পুৰ্বেশ মানকদ আৰু তেওঁলোকৰ কন্যাৰ সৈতে লছ এঞ্জেলছত বাস কৰিছিল। তেওঁৰ স্বামী বিত্তীয় খণ্ডৰ সৈতে জড়িত।১
তথ্যসূত্ৰ
- ↑ Owen, Rob. (May 11, 2011). Former Pittsburgher's role in 'The Big Bang Theory' comes to a head in finale. Pittsburgh Post-Gazette
- ↑ Cohn, Paulette. (13 May 2013). What Ethnicity is Aarti Mann?. American Profile
- ↑ Bitran, Tara. (2024-01-25). Everything You Need to Know About The Recruit Season 2. Tudum. Netflix
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰতী মান” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৩০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।