মাৰ্ক এলেন ৰাফেল’ (ইংৰাজী: Mark Alan Ruffalo; জন্ম: ২২ নৱেম্বৰ, ১৯৬৭) এজন আমেৰিকান অভিনেতা। ১৯৯০ চনৰ আৰম্ভণিতে তেওঁ অভিনয় জীৱন আৰম্ভ কৰে আৰু প্ৰথমে কেনেথ ল’নাৰ্গানৰ নাটক ডিছ ইজ আৱাৰ ইউথ (১৯৯৬) আৰু নাটকীয় ছবি ইউ কেন কাউণ্ট অন মিত (২০০০) অভিনয় কৰে। ইয়াৰ পিছত তেওঁ ৰোমাণ্টিক কমেডী ছবি ১৩ গ’ইং অন ৩০ (২০০৪), জাষ্ট লাইক হেভেন (২০০৫) আৰু থ্ৰিলাৰ ইন দ্য কাট (২০০৩), জোডিয়াক (২০০৭), আৰু শ্বাটাৰ আইলেণ্ডত (২০১০) অভিনয় কৰে। ২০১২ চনৰ পৰা “মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ”ৰ অতিনায়ক ছলচ্চিত্ৰত ব্ৰুচ বেনাৰ / হাল্কৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
কমেডী-নাটক দ্য কিডছ আৰ অল ৰাইটত (২০১০) এজন শুক্ৰাণু-দাতাৰ চৰিত্ৰ, জীৱনীমূলক চলচ্চিত্ৰ ফক্সকেচাৰত (২০১৪) ডেভ শ্বাল্টজ, স্পটলাইট নাটকত মাইকেল ৰেজেণ্ডেছ (২০১৫), আৰু কল্পবিজ্ঞানৰ চলচ্চিত্ৰ পৌৰ থিংছত (২০২৩) এজন অশ্লীল উকীলৰ অভিনয় কৰি ৰাফেল’ৱে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে। দূৰদৰ্শন নাটক ছবি দ্য নৰ্মেল হাৰ্টত (২০১৫) সমকামী কৰ্মীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ “শ্ৰেষ্ঠ অভিনেতাৰ স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা” (Screen Actors Guild Award for Best Actor) আৰু মিনিচিৰিজ আই ন' ডিছ মাচ ইজ ট্ৰুত (২০২০) যমজ সন্তানৰ দ্বৈত চৰিত্ৰত অভিনয় কৰাৰ বাবে “প্ৰাইমটাইম এমি এৱাৰ্ড ফৰ আউটষ্টেণ্ডিং লিড এক্টৰ” (Primetime Emmy Award for Outstanding Lead Actor) লাভ কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৬৭ চনৰ ২২ নৱেম্বৰত ৱিছকনছিনৰ কেন’ছাত মাৰ্ক এলেন ৰাফেল’ৰ জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম মেৰী ৰ’জ আৰু তেওঁৰ পিতৃৰ নাম ফ্ৰেংক লৰেন্স ৰাফেল’ জুনিয়ৰ আছিল। তেওঁৰ পিতৃ এজন নিৰ্মাণ চিত্ৰকৰ আছিল।১২ তেওঁৰ পিতৃ কেলাব্ৰিয়াৰ জিৰিফালকোৰ ইটালিয়ান বাহাই ধৰ্মী৩ আৰু মাতৃ ফৰাচী কানাডিয়ান আৰু ইটালিয়ান খ্ৰীষ্টান আছিল।৪৫৬৭
ৰাফেল’ৱে কেথলিক আৰু প্ৰগতিশীল দুয়ো প্ৰকাৰৰ বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিল। ৰাফেল’ৱে নিজকে "সুখী ল'ৰা" বুলি বৰ্ণনা কৰিছে,৮ যদিও তেওঁ শিশু আৰু ডেকা বয়সত পঠনবিকাৰ আৰু মনোযোগ বিকাৰ গ্ৰস্থতাত ভুগিছিল।৯
ৰাফেল’ৱে কিশোৰ কাল ভাৰ্জিনিয়া বিচত কটায়ছিল কাৰণ তেওঁৰ পিতৃ তাক কৰ্মৰত আছিল। তেওঁ ৱিছকনছিন আৰু ভাৰ্জিনিয়াৰ জুনিয়ৰ হাইস্কুল আৰু হাইস্কুলত মল্লযুঁজত অংশগ্ৰহণ কৰিছিল। ১৯৮৬ চনত ভাৰ্জিনিয়া বিচৰ ফাৰ্ষ্ট কলনিয়েল হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ৰাফেল’ৱে পেট্ৰিয়াট প্লেহাউছৰ হৈ অভিনয় কৰিছিল। তেওঁ পৰিয়ালৰ সৈতে কেলিফৰ্ণিয়াৰ ছান ডিয়েগোলৈ আৰু পিছলৈ লছ এঞ্জেলছলৈ যায় আৰু ষ্টেলা এডলাৰ কনজাৰ্ভেটৰীত শিক্ষাগ্ৰহণ কৰে আৰু অৰ্ফিউছ থিয়েটাৰ কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক হয়।১ থিয়েটাৰ কোম্পানীটোৰ বাবে তেওঁ কেইবাখনো নাটক লিখিছিল, পৰিচালনা কৰিছিল আৰু অভিনয় কৰিছিল। তেওঁ প্ৰায় এটা দশক বাৰটেণ্ডাৰ হিচাপেও কাম কৰিছিল।১০
ব্যক্তিগত জীৱন
২০০০ চনত ৰাফেল’ৱে ছানৰাইজ কইগনীক বিয়া কৰায়।তেওঁলোকৰ তিনিটা সন্তান আছে।১১১২
দ্য লাষ্ট কেছল ছবিখনৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰাফেল’ৰ “ভেষ্টিবুলাৰ শ্বৱান’মা” (vestibular schwannoma) নামৰ এক প্ৰকাৰৰ মগজুৰ টিউমাৰ ধৰা পৰে যাক “এক’উষ্টিক নিউৰ’মা” (acoustic neuroma) বুলিও কোৱা হয়। টিউমাৰটো ক্ষতিকাৰক প্ৰকৃতিৰ নহয় নিৰ্ধাৰণ কৰা হয়; কিন্তু টিউমাৰটো আঁতৰাবলৈ কৰা অস্ত্ৰোপচাৰৰ ফলত তেওঁৰ মুখমণ্ডল আংশিক পক্ষাঘাতগ্ৰস্থ হয় আৰু তেওঁৰ শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পৰে।১৩ এবছৰৰ পিছত পক্ষাঘাত কমি গ'ল যদিও ৰাফেল’ বাওঁ কাণৰ বধিৰতা এতিয়াও ভাল নহ’ল।১৪
বঁটা
- এমি বঁটা — ৩টা মনোনয়ন, ২টা পদক লাভ
- ২০১৪ — অসাধাৰণ দূৰদৰ্শন চলচ্চিত্ৰ — দ্য নৰ্মেল হাৰ্ট (বিজয়ী)
- ২০১৪ — সীমিত ধাৰাবাহিক বা চলচ্চিত্ৰৰ অসাধাৰণ মুখ্য অভিনেতা — দ্য নৰ্মেল হাৰ্ট (মনোনয়ন)
- ২০২০ — সীমিত ধাৰাবাহিক বা চলচ্চিত্ৰৰ অসাধাৰণ মুখ্য অভিনেতা — আই ন' ডিছ মাচ ইজ ট্ৰু (বিজয়ী)
- গ্ৰেমী বঁটা — ১ টা মনোনয়ন
- ২০১৮ — শ্ৰেষ্ঠ কথিত শব্দ এলবাম — আৱাৰ ৰিভলিউশ্বন: এ ফিউচাৰ টু বিলিভ ইন (মনোনয়ন)
- একাডেমী বঁটা (অস্কাৰ) — ৪টা মনোনয়ন
- ২০১১ — শ্ৰেষ্ঠ সহযোগী অভিনেতা — দ্য কিডছ আৰ অল ৰাইট (মনোনয়ন)
- ২০১৫ — শ্ৰেষ্ঠ সহযোগী অভিনেতা — ফক্সকেচাৰ (মনোনয়ন)
- ২০১৬ — শ্ৰেষ্ঠ সহযোগী অভিনেতা — স্পটলাইট (মনোনয়ন)
- ২০২৪ — শ্ৰেষ্ঠ সহযোগী অভিনেতা — পৌৰ থিংছ (মনোনয়ন)
- টনি বঁটা — ১ টা মনোনয়ন
- ২০০৬ — নাটকৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ অভিনেতা — এৱেক এণ্ড চিং! (মনোনয়ন)
তথ্যসূত্ৰ
- ↑ Mark Ruffalo. Inside the Actors Studio
- ↑ Rader, Dotson. (May 9, 2004). I Wouldn't Give Any Of It Back. Parade (magazine)
- ↑ Grassi, Giovanna. (June 18, 2015). Mark Ruffalo: intervista con l'attore di Avengers. Elle (magazine)
- ↑ Wloszczyna, Susan. (September 15, 2005). Ruffalo ascends to the next level in 'Heaven'. USA Today
- ↑ (May 29, 2015). Spotlight – Mark Ruffalo. European Independent Film Festival
- ↑ Goldstein, Gregg. (February 4, 2010). Q&A: Mark Ruffalo. The Hollywood Reporter
- ↑ Elisa, Leonelli. (March 22, 2021). Oral History: Mark Ruffalo on Religion. Golden Globe Awards
- ↑ Pearlman, Cindy. (February 25, 2007). Working on a killer movie. Chicago Sun-Times
- ↑ Hiatt, Brian. (May 4, 2015). The Hulk: The Last Angry Man. Rolling Stone (magazine). Wenner Media, Ltd
- ↑ Dumenco, Simon. (March 31, 2003). The Kid Stays In the Pictures. New York (magazine). New York Media, LLC
- ↑ Lee, Esther. (April 14, 2015). Mark Ruffalo Jokes That His Kids Do Not Respect the Hulk: See His Family on the Red Carpet. US Magazine
- ↑ Willis, Jackie. (October 10, 2017). Mark Ruffalo Shares His Kids Shot a Scene for 'Thor: Ragnarok': 'They Had a Great Day' (Exclusive). Entertainment Tonight
- ↑ Aquahoya1. (March 8, 2016). Crazy Dream That Led To The Discovery of Mark Ruffalo Brain Tumor. Flip The Movie Script
- ↑ Williams, Zoe. (June 10, 2005). Out of the Traps. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাৰ্ক ৰাফেল’” প্ৰবন্ধৰ সংশোধন ৪১৬৯৮৮ (৫ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।