আজিটা ঘানিজাদা (ইংৰাজী ভাষা: Azita Ghanizada; জন্ম: ১৯৭৯ চনৰ আশে-পাশে)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন টেলিভিছন, চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী। তেওঁ মূলতঃ টেলিভিছন ধাৰাবাহিক আলফাচ২ আৰু ব্ৰডৱে মিউজিকেল দ্য কাইট ৰানাৰত কৰা অভিনয়ৰ বাবে জনাজাত। অভিনয়ৰ উপৰি ঘানিজাদা মেনা আৰ্টছ এডভকেচি কোৱালিচনৰ প্ৰতিষ্ঠাপক আৰু সভাপতি।৩
জীৱন আৰু কেৰিয়াৰ
আমেৰিকাত ঘানিজাদাৰ জীৱন এজন ৰাজনৈতিক আশ্ৰয়প্ৰাৰ্থী হিচাপে আৰম্ভ হৈছিল। ইৰাণৰ তেহৰাণত থকা আমেৰিকাৰ দূতাবাসত তেওঁৰ পিতৃয়ে কাম কৰাৰ সুবাদত গঢ়ি উঠা সম্পৰ্কই তেওঁৰ পৰিয়ালক শৈশৱতে আফগানিস্তানৰপৰা পলায়ন কৰাৰ সুযোগ দিছিল। ৱাশ্বিংটন ডি.চি.-ৰ ভাৰ্জিনিয়া উপ চহৰত আমেৰিকান টেলিভিছন চাই তেওঁ ইংৰাজী ভাষা আয়ত্ত কৰিছিল। ইয়াৰ লগতে স্থানীয় চিনেমা হলত নিয়মিতভাৱে বলিউডৰ চিনেমা চোৱা আৰু তেওঁৰ মাতৃৰ ভাৰতীয় তথা আমেৰিকান চিনেমা তাৰকাৰ প্ৰতি থকা ভালপোৱাই ঘানিজাদাক এগৰাকী অভিনেত্ৰী হ’বলৈ অনুপ্ৰাণিত কৰিছিল।৪ তেওঁ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছলৈ স্থানান্তৰিত হয় আৰু টেলিভিছন বিজ্ঞাপন তথা জনপ্ৰিয় টিভি শ্ব’ত অতিথি শিল্পী হিচাপে অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰে।৪ তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য ধাৰাবাহিক হ’ল — হাউ আই মেট ইউৰ মাদাৰ, এণ্টোৰেজ, ভেৰোনিকা মাৰ্চ, দ্য মেণ্টেলিষ্ট, চাইক, ঘোষ্ট হুইছপাৰাৰ, কাচল আৰু আপ অল নাইট।
২০০৮ চনত তেওঁ পোনপ্ৰথমবাৰৰ বাবে টেলিভিছনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তেওঁ 'জেনেৰেল হাস্পতাল'ৰ স্পিন-অফ ধাৰাবাহিক 'জেনেৰেল হাস্পতাল: নাইট চিফট'ৰ দ্বিতীয় ছিজনত ডা° চাইৰা বাত্ৰা হিচাপে যোগদান কৰে।৫ ইয়াৰ পিছত তেওঁ ২০১০ চনত চিফাই চেনেলৰ ধাৰাবাহিক 'আলফাচ'ত ৰাচেল পিৰজাদ নামৰ এটা মুখ্য চৰিত্ৰত অভিনয় কৰে।৬
২০১৬ চনত ঘানিজাদাই 'কমপ্লিট আননোন' নামৰ চলচ্চিত্ৰখনত অভিনয় কৰে। তেওঁৰ অভিনয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁক "জানিবলগীয়া ৭ গৰাকী চানডেন্স ব্ৰেক-আউট অভিনেত্ৰীৰ এগৰাকী" হিচাপে অভিহিত কৰা হয়।৭ ২০১৯ চনত তেওঁ 'বেলাৰ্ছ' আৰু 'গুড ট্ৰাবল' নামৰ ধাৰাবাহিক দুখনত অভিনয় কৰে।
২০২২ চনত তেওঁ 'দ্য কাইট ৰানাৰ'ৰ মঞ্চ অভিযোজনত চোৰায়া নামৰ মুখ্য চৰিত্ৰটোৰ জৰিয়তে ব্ৰডৱেত আত্মপ্ৰকাশ কৰে।৮ শেহতীয়াকৈ তেওঁ 'চুইটছ এলএ' (Suits LA) ধাৰাবাহিকত ৰোজলিন নুৰীৰ চৰিত্ৰত যোগদান কৰাৰ কথা ঘোষণা কৰা হৈছে।৯
ঘানিজাদা হলিউডত মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ (MENA) শিল্পীসকলৰ অধিকাৰৰ এগৰাকী প্ৰবল সমৰ্থক। ২০১৬ চনত তেওঁ মেনা আৰ্টছ এডভকেচি কোৱালিচন (MAAC) প্ৰতিষ্ঠা কৰে। তেওঁৰ প্ৰচেষ্টাতে ৩- বছৰৰ বিৰতিৰ পিছত শ্ৰম চুক্তিত এক নতুন শ্ৰেণী হিচাপে মেনা (MENA) অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ উপৰি তেওঁ "উইমেন ফৰ উইমেন ইণ্টাৰনেশ্যনেল"ৰ গোলকীয় ৰাষ্ট্ৰদূত হিচাপে আফগানিস্তানৰ মহিলাসকলৰ শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে কাম কৰি আছে।১০
তথ্যসূত্ৰ
- ↑ (2008-10-05). UVa, Tech Grads Land Jobs on Soap Opera Spinoffs. The Daily Progress. Washington Post News Service. পৃ. C11
- ↑ Book Azita Ghanizada for Speaking, Events and Appearances. APB Speakers
- ↑ Azita Ghanizada · Women for Women International. www.womenforwomen.org
- ↑ Grundey, Adam. (2011-05-01). Azita Ghanizada's Rise to Alpha Female. Rolling Stone Middle East
- ↑ Krystal, Becky. (2008-10-05). At This Hospital, Virginia Doctors Are In. The Washington Post. WPC
- ↑ Radish, Christina. (2011-07-08). Azita Ghanizada Interview ALPHAS. Collider
- ↑ (January 28, 2016). The 7 Sundance Break-Out Actresses You Need to Know. InsideHook
- ↑ The Kite Runner's Azita Ghanizada Makes Emotional Curtain Call Speech on 1-Year Anniversary of Taliban Takeover
- ↑ (November 25, 2024). 'Suits LA' Casts Rachelle Goulding & Azita Ghanizada in Recurring Roles
- ↑ Azita Ghanizada. www.womenforwomen.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজিটা ঘানিজাদা” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৬৯ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।