অৱন্তিকা বন্দনাপু (ইংৰাজী ভাষা: Avantika Vandanapu; জন্ম: ২৫ জানুৱাৰী, ২০০৫), যাক এককভাৱে অৱন্তিকা বুলিও জনা যায়, এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী। তেওঁ ২০১৬ চনৰ তেলুগু ভাষা ছবি ব্ৰহ্মোৎসৱমৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেলুগু চিনেমাৰ কেইবাটাও প্ৰকল্পত কাম কৰিছিল। ইয়াৰ পিছত তেওঁ আমেৰিকান চিনেমালৈ যাত্ৰা কৰে আৰু ডিজনী চেনেলৰ অৰিজিনেল মুভি স্পিন (২০২১) ত প্ৰথমটো মুখ্য চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ নেটফ্লিক্সৰ ছবি চিনিয়ৰ য়েৰ (২০২২) ত অভিনয় কৰে। ২০২৪ চনত মুক্তি পোৱা মিউজিকেল কমেডী ছবি মিন গাৰ্লছ আৰু ভৌতিক ছবি টেৰ'টত সহযোগী চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰে।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
২০০৫ চনৰ ২৫ জানুৱাৰীত ছান ফ্ৰান্সিস্কো বে এৰিয়াৰ ইউনিয়ন চিটিত এটা তেলুগু পৰিয়ালত অৱন্তিকা বন্দনাপুৰ জন্ম হৈছিল।১২৩ তেওঁৰ পৰিয়ালটো মূলতঃ ভাৰতৰ তেলেংগানাৰ হায়দৰাবাদৰ আছিল। তেওঁ আমেৰিকান কনজাৰ্ভেটৰী থিয়েটাৰত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল।৪
অৱন্তিকা বৰ্তমান নিউয়ৰ্ক চহৰত বসবাস কৰে।৫ তেওঁ ২০২৭ চনৰ বেচৰ শিক্ষাৰ্থী হিচাপে কলম্বিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে।৫৬
কৰ্মজীৱন
ভাৰতীয় চলচ্চিত্ৰত প্ৰাৰম্ভিক কাম (২০১৪–২০১৬)
২০১৪ চনত অৱন্তিকা জি টিভিৰ নৃত্য প্ৰতিযোগিতামূলক ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছ (উত্তৰ আমেৰিকা সংস্কৰণ)ত দ্বিতীয় স্থান লাভ কৰিছিল।৭
২০১৫ চনত অৱন্তিকাই তেলুগু চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে আৰু দুখন ছবিৰ বাবে চুক্তিবদ্ধ হয়। তেওঁক কৃষ্ণ গাডী বীৰ প্ৰেম গাধা (২০১৬) ত চুুটকী চৰিত্ৰত অভিনয় কৰিবলৈ বাছনি কৰা হৈছিল যদিও সময়ৰ নাটনিৰ বাবে তেওঁ ছবিখন এৰিবলগীয়া হয়। মহেশ বাবু অভিনীত ব্ৰহ্মোৎসৱম (২০১৬) ৰ জৰিয়তে অৱন্তিকাই শিশু শিল্পী হিচাপে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ চন্দ্ৰ শেখৰ য়েলেটিৰ ছবি মনমনথাত অভিনয় কৰে। পিছলৈ তেওঁ নাগা চৈতন্য আৰু শ্ৰুতি হাছান অভিনীত প্ৰেমমত চুক্তিবদ্ধ হয়, য’ত তেওঁ মাডোনা চেবাষ্টিয়ানৰ চৰিত্ৰটোৰ সৰুকালৰ সংস্কৰণটো ৰূপায়ণ কৰিছিল।৮ অৱন্তিকাই প্ৰকাশ কৰা মতে, তেলুগু চিনেমা ত্যাগ কৰাৰ মূল কাৰণ আছিল তেওঁক আগবঢ়োৱা চৰিত্ৰসমূহৰ বৈচিত্ৰ্যহীনতা। তেওঁক মূলতঃ অভিনেত্ৰীৰ সৰুকালৰ চৰিত্ৰ বা সহযোগী চৰিত্ৰহে প্ৰদান কৰা হৈছিল।৯
আমেৰিকান চিনেমালৈ যাত্ৰা (২০২১–বৰ্তমান)
২০২১ চনত অৱন্তিকাই ডিজনী চেনেলৰ অৰিজিনেল মুভি স্পিনত ৰিয়া কুমাৰ নামৰ এজনী উচ্চাকাংক্ষী হাইস্কুলীয়া ছাত্ৰীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আমেৰিকান চিনামাত আত্মপ্ৰকাশ কৰে।১০ তেওঁৰ অভিনয়ক লৈ সমালোচকসকলে ইতিবাচক সঁহাৰি দিছিল। ইয়াৰ পিছত তেওঁ নেটফ্লিক্সৰ ছবি মক্সি (২০২১) আৰু চিনিয়ৰ য়েৰ (২০২২) ত সহযোগী চৰিত্ৰত অভিনয় কৰে।১১
২০২৪ চনত অৱন্তিকাই ব্ৰডৱে মিউজিকেলৰ ওপৰত আধাৰিত ছবি মিন গাৰ্লছত কেৰেন শেঠীৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে তেওঁ বিশ্ববিদ্যালয়ৰপৰা সাময়িক ছুটি ল’বলগীয়া হৈছিল। অৱন্তিকাই ছবিখনত এগৰাকী ভাৰতীয় আমেৰিকান মহিলা হিচাপে এই ধৰণৰ চৰিত্ৰত অভিনয় কৰিবলৈ পাই আনন্দিত হোৱা বুলি প্ৰকাশ কৰিছে। ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰিলেও তেওঁৰ অভিনয়ে বিশেষ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।১৩
২০২৪ চনত অৱন্তিকাই ২০০৪ চনৰ একে নামৰ ছবিখনৰ ওপৰত আধাৰিত ব্ৰডৱে মিউজিকেল মিন গাৰ্লছৰ চলচ্চিত্ৰ অভিযোজনত কেৰেন শেঠীৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজনীয় সময় মিলাবলৈ তেওঁ বিশ্ববিদ্যালয়ৰপৰা "সাময়িক ছুটি" ল’বলগীয়া হৈছিল।১৪ অৱন্তিকাই মূল ছবিখনৰ তুলনাত কেৰেনৰ চৰিত্ৰটোৰ নৃগোষ্ঠীয় পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰি কয় যে "এগৰাকী ভাৰতীয় আমেৰিকান মহিলা হিচাপে তেনে চৰিত্ৰত অভিনয় কৰাটো সঁচাকৈয়ে এক আচৰিত অভিজ্ঞতা।" তেওঁ লগতে কয় যে তেওঁ "অৱশেষত এনে এটা দক্ষিণ এছীয় চৰিত্ৰত অভিনয় কৰিবলৈ পাই উৎসাহিত যিটো কোনো গতানুগতিক ধাৰাৰ (stereotype) মাজত আবদ্ধ নহয়।" ১৫ ছবিখনে সমালোচকৰপৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল, যদিও তেওঁৰ অভিনয় প্ৰশংসিত হৈছিল।১৬ দ্য গাৰ্ডিয়ানত লিখা পিটাৰ ব্ৰেডশ্ব’ৱে অৱন্তিকাক "মিন গাৰ্লছৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয়" বুলি অভিহিত কৰিছে।১৭ মিন গাৰ্লছ ব্যাৱসায়িকভাৱে সফল হিচাপে পৰিগণিত হৈছিল, যাৰ বাবে দ্য টাইমছ অফ ইণ্ডিয়াই ছবিখনক আমেৰিকান চিনামাত তেওঁৰ উপস্থিতি সুদৃঢ় কৰাত সহায় কৰা বুলি কৃতিত্ব দিয়ে।১৮১৯
তেওঁ আমাজন প্ৰাইম ভিডিঅ'ৰ অৰিজিনেল ছিৰিজ বিগ গাৰ্লছ ডণ্ট ক্ৰাইৰ জৰিয়তে ভাৰতীয় প্ৰকল্পলৈ ঘূৰি আহে। ইয়াত তেওঁ লুডু নামৰ এগৰাকী ছদ্মবেশী সমকামী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে নিজৰ যৌন পৰিচয়ৰ সৈতে মোকাবিলা কৰি বাস্কেটবলৰ অধিনায়কত্ব বজাই ৰাখিবলৈ সংগ্ৰাম কৰে।২০ ইয়াৰ পিছৰ মাহত অৱন্তিকাই আন্না হালবাৰ্গ আৰু স্পেন্সাৰ কোহেনৰ পৰিচালনাত নিৰ্মিত ভৌতিক ছবি টেৰ'টত অভিনয় কৰে।২১ এই চৰিত্ৰটো গ্ৰহণ কৰাৰ আঁৰত তেওঁৰ মাতৃৰ জ্যোতিষশাস্ত্ৰৰ প্ৰতি থকা বিশ্বাস আৰু তন্ত্ৰ-মন্ত্ৰৰ প্ৰতি থকা নিজৰ আগ্ৰহৰ প্ৰভাৱ আছিল। ছবিখনে সাধাৰণতে নেতিবাচক সমালোচনা লাভ কৰিছিল যদিও অতি কম বাজেটত নিৰ্মিত টেৰ'ট এক বৃহৎ ব্যাৱসায়িক সফলতা হিচাপে পৰিগণিত হয়।২২
অৱন্তিকাই অনাগত দিনত ডিজনী+ অৰিজিনেল ছিৰিজ এ ক্ৰাউন অৱ উইচেছ আৰু মিণ্ডী কেলিংৰ কমেডী ছিৰিজ নট চুইটেবল ফৰ ৱৰ্কত মুখ্য চৰিত্ৰত অভিনয় কৰিব।২৩
অভিনয় তালিকা
চলচ্চিত্ৰ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা | Ref. |
|---|---|---|---|---|---|
| ২০১৬ | ব্ৰহ্মোৎসৱম | বাবুৰ সম্পৰ্কীয় ভগ্নী | তেলুগু | শিশু শিল্পী | ২৪ |
| মনমনথা | স্বাতী | ২৫ | |||
| প্ৰেমম | সৰুকালৰ সিন্ধু | ২৪ | |||
| ২০১৭ | বাবু বাগা বিজি | অনিতা | ২৬ | ||
| ৰাৰাণ্ডোই ভেডুকা চুধাম | সৰুকালৰ ভ্ৰমৰাম্ভা | ||||
| বালকৃষ্ণুডু | সৰুকালৰ আধ্যা | ||||
| অক্সিজেন | অৱন্তিকা | ২৬ | |||
| ২০১৮ | অজ্ঞাতবাসী | সম্পতৰ কন্যা | ২৪ | ||
| ২০২১ | স্পিন | ৰিয়া কুমাৰ | ইংৰাজী | ২৭ | |
| ভূমিকা | ভূমিকা | তামিল | ২৮ | ||
| মক্সি | ৰসায়ন বিজ্ঞান ক্লাছৰ ছাত্ৰী | ইংৰাজী | অৱন্তিকা বন্দনাপু হিচাপে নাম উল্লেখ কৰা হৈছে | ২৯ | |
| ২০২২ | চিনিয়ৰ য়েৰ | জেনেট সিং | ৩০ | ||
| ২০২৪ | মিন গাৰ্লছ | কেৰেন শেঠী | ১২ | ||
| টেৰ'ট | পিজ | ২১ | |||
| ২০২৫ | চেম্পিয়ন | দয়ানা | তেলুগু | "আই এম এ চেম্পিয়ন" গীতত বিশেষ উপস্থিতি | ৩১ |
| ২০২৬ | প্ৰিটি লিথেল | গ্ৰেচ | ইংৰাজী | সম্পূৰ্ণ হৈছে | ৩২ |
টেলিভিছন
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | টোকা | সংগ্ৰহ |
|---|---|---|---|---|
| ২০১৪ | ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ্ছ (উত্তৰ আমেৰিকা সংস্কৰণ) | নিজে | প্ৰতিযোগী | |
| ২০১৮ | দ্য টেলেণ্ট শ্ব' |৩৩ |- |২০২৩ |হেলছ কিচেন | নিজে | অতিথি ডাইনাৰ |
ৱেব ধাৰাবাহিক
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | ভাষা | নেটৱৰ্ক | টোকা | সংগ্ৰহ |
|---|---|---|---|---|---|---|
| ২০২০ | ডায়েৰী অফ এ ফিউচাৰ প্ৰেচিডেণ্ট | মনিকা | ইংৰাজী | ডিজনী+ | প্ৰথম ছিজন | |
| ২০২২ | দ্য চেক্স লাইভছ অফ কলেজ গাৰ্লছ | প্ৰিয়া | HBO Max | অতিথি চৰিত্ৰ | ||
| ২০২৪ | বিগ গাৰ্লছ ডণ্ট ক্ৰাই | লীয়া "লুডু" জোচেফ | আমাজন প্ৰাইম ভিডিঅ' | ৩৪ | ||
| — | এ ক্ৰাউন অফ উইচেছ | ৰাজকুমাৰী গৌৰী | ডিজনী+ | মুখ্য চৰিত্ৰ; লগতে কাৰ্যবাহী প্ৰযোজক | ৩৫ |
কণ্ঠৰ ভূমিকা
| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | ভাষা | নেটৱৰ্ক | টোকা | সংগ্ৰহ |
|---|---|---|---|---|---|---|
| ২০১৯ | মিকী মাউচ মিক্সড-আপ এডভেঞ্চাৰ্ছ | চাৰিনা কাপুৰ | ইংৰাজী | ডিজনী জুনিয়ৰ | ||
| ২০২০ | মীৰা, ৰয়েল ডিটেক্টিভ | কমলা | ||||
| ২০২৫ | কাৰ্টুনিফাইড উইথ ফিনিয়াছ এণ্ড ফাৰ্ব | নিজে | ডিজনী চেনেল | খণ্ড° "Avantika" | ৩৬ |
তথ্যসূত্ৰ
- ↑ Avantika. Avantika
- ↑ Jhunjhunwala, Udita. (August 18, 2021). Spin actor Avantika on Disney Channel film being a win for South Asian community, her acting icons, and career aspirations. Firstpost
- ↑ Kalanidhi, Manju Latha. (August 22, 2021). Girl on fire: Telugu ammayi from LA Avantika Vandanapu hailed as breakout star of Disney's 'Spin'. The New Indian Express
- ↑ Belle, Nithin. (August 28, 2021). Dubai is favourite city for Indian-American showbiz star Avantika Vandanapu. Khaleej Times
- ↑ (January 15, 2024). Get in, loser. A brown Mean Girl is here. Vogue India
- ↑ Shaw, Rachel. She doesn't even go here! .. Oh wait, she does: Meet Avantika Vandanapu from 'Mean Girls'. Columbia Daily Spectator
- ↑ (August 13, 2014). Avantika Vandanapu from Union City was selected as one of the top ten finalists out of more than 10,000 contestants. Tri-City Voice
- ↑ Avantika Vandanapu Indian American Actress · Tollywood to Hollywood. The Global Indian
- ↑ "Mahesh Babu is down to earth, great actor": Avantika Vandanapu. Bollywood Hungama
- ↑ Spin movie review: Avantika Vandanapu, Abhay Deol film is a welcome deviation from typical high school flicks. www.msn.com
- ↑ Jackson, Angelique. (July 16, 2021). Jade Bender, Michael Cimino, Jeremy Ray Taylor and Avantika Join Paramount Players' 'Senior Year'(EXCLUSIVE). Variety
- ↑ Grobar, Matt. (February 8, 2023). 'Mean Girls': Avantika, Christopher Briney & Bebe Wood Board Paramount Film Based On Tony-Nominated Musical Adaptation. Deadline.com
- ↑ Bradshaw, Peter. (January 10, 2024). Mean Girls review – high-school sadism comedy as sugar-rush movie musical
- ↑ Ray, Chandreyee. (April 8, 2024). "It's a shock for any brown parent": 'Mean Girls' actress Avantika Vandanapu on the driving forces behind her rise to stardom. Vogue Singapore
- ↑ Kulkarni, Bhargavi. (February 4, 2024). The Desi Mean Girl: A Conversation With Avantika Vandanapu Who Breaks Stereotypes in the New Version of Iconic Film. American Kahani
- ↑ Edwards, Chris. (January 12, 2024). 'Mean Girls' musical reboot described as "snappy" yet "culturally irrelevant" in mixed reviews. NME
- ↑ Bradshaw, Peter. (January 10, 2024). Mean Girls review – high-school sadism comedy as sugar-rush movie musical. The Guardian
- ↑ Sperling, Nicole. (2024-01-14). 'Mean Girls' Musical Triumphs at Box Office, With a TikTok Assist. The New York Times
- ↑ From child actor to global star: Avantika Vandanapu is on a roll. The Times of India
- ↑ Chatterjee, Saibal. (15 March 2024). Big Girls Don't Cry Review: Boarding School Adventure Is Frothy, Flimsy And Fun. NDTV
- ↑ Kroll, Justin. (June 28, 2022). Jacob Batalon, Alana Boden, Adain Bradley and Avantika To Star In Screen Gems' 'Horrorscope'. Deadline
- ↑ Lammers, Tim. 'Tarot' Movie Makes Debut On Digital Streaming. Forbes
- ↑ Andreeva, Nellie. (November 3, 2022). Avantika To Headline 'A Crown Of Wishes' Fantasy Series In Works At Disney Branded TV For Disney+. Deadline Hollywood
- ↑ (January 17, 2024). From 'Brahmotsavam' to 'Mean Girls': Avantika Vandanapu is the talk of the town. The Hindu
- ↑ (March 4, 2024). Amazing that Indian women are able to shine their light in Hollywood: 'Mean Girls' actor Avantika. The New Indian Express
- ↑ Mageni, Rodah. (19 October 2024). Avantika Vandanapu's age, height, movies, family, net worth, and more. Briefly.co.za
- ↑ (August 14, 2021). EXCLUSIVE: Avantika Vandanapu on her Disney movie SPIN & why her Desi family covers the remote with plastic. Pinkvilla
- ↑ (August 10, 2021). Aishwarya Rajesh starrer Boomika promises to be a gripping horror movie. The Indian Express
- ↑ Bruce, Amanda. (September 17, 2024). Avantika: 10 Best Movies & TV Shows. ScreenRant
- ↑ (August 21, 2021). Girl on fire: Telugu ammayi from LA Avantika Vandanapu hailed as breakout star of Disney's 'Spin'. The New Indian Express
- ↑ (December 28, 2025). ‘Champion’ box office collection day 3: Roshan Meka and Anaswara Rajan starrer collects Rs 6 crore. The Times of India
- ↑ Cordero, Rosy. (August 27, 2024). Maddie Ziegler & Avantika Cast In ‘Ballerina Overdrive’ From 87North & Gulfstream Pictures
- ↑ (August 8, 2024). Watch The Talent Show S1:E4 Final Group Auditions. therokuchannel.roku.com
- ↑ (March 6, 2024). Watch the trailer of 'Big Girls Don't Cry,' Prime Video's upcoming Original series. IN About Amazon
- ↑ Gomez, Dessi. (March 8, 2024). 'Mean Girls' 2024 Cast and Character Guide: Who Plays Who?. thewarp.com
- ↑ (August 22, 2025). The next "Cartoonified! with Phineas And Ferb" short will feature Avantika via EIDR. Tumblr
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱন্তিকা বন্দনাপু” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৩৬ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।