এনী ৱাৰ্শ্বিং১ (২৮ মাৰ্চ, ১৯৭৭ – ২৯ জানুৱাৰী, ২০২৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ টেলিভিছনৰ বিভিন্ন চৰিত্ৰৰ বাবে পৰিচিত আছিল, যেনে ২৪-ত ৰেনী ৱাকাৰ, বছ-ত জুলিয়া ব্ৰেচাৰ, টাইমলেছ-ত এমা হুইটম’ৰ, কেচেল-ত ড° কেলী নেইমেন, ৰাণৱেজ-ত লেছলী ডিন, দ্য ভেম্পায়াৰ ডায়েৰীজ-ত লিলি ছালভাট’ৰ আৰু দ্য ৰুকী-ত ৰোজালিণ্ড ডায়াৰ। ইয়াৰ উপৰি তেওঁ দ্য লাষ্ট অফ আছ ভিডিঅ' গেমত টেছ চৰিত্ৰটোৰ কণ্ঠদান আৰু পাৰ্ফৰমেন্স-কেপচাৰৰ বাবে জনাজাত আছিল।
প্ৰাৰম্ভিক জীৱন
১৯৭৭ চনৰ ২৮ মাৰ্চত মিছৌৰীৰ ছেইণ্ট লুইছত ৱাৰ্শ্বিঙৰ জন্ম হৈছিল।২ তেওঁ ছেইণ্ট লুইছৰ ক্ৰছৰোডছ কলেজ প্ৰিপাৰেটৰী স্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৩ সৰু কালত তেওঁ আইৰিছ নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ছেইণ্ট লুইছ চেল্টিক ষ্টেপডান্সাৰ্ছ গোটৰ সদস্য আছিল।৩ তেওঁ মিলিকিন ইউনিভাৰ্ছিটিৰপৰা সংগীত থিয়েটাৰত স্নাতক (বি এফ এ) ডিগ্ৰী লাভ কৰিছিল আৰু ১৯৯৯ চনত তাৰপৰা উত্তীৰ্ণ হৈছিল।৩৪
কৰ্মজীৱন
ৱাৰ্শ্বিঙে ষ্টাৰ ট্ৰেক: এণ্টাৰপ্ৰাইজ ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ এঞ্জেল, চাৰ্মড, ক’ল্ড কেচ, কিলাৰ ইনষ্টিংক্ট আৰু ছুপাৰনেচাৰেল-ৰ দৰে ধাৰাবাহিকত অতিথি চৰিত্ৰত অভিনয় কৰে। ২০০৭ চনৰ মাৰ্চৰপৰা নৱেম্বৰলৈকে তেওঁ এবিচিৰ ছোপ অপাৰেটৰ ধাৰাবাহিক জেনেৰেল হাস্পতাল-ত আমেলিয়া জফে নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ ভিক্টৰী গাৰ্ডেন থিয়েটাৰ, মেৰিয়ট থিয়েটাৰ লিংকনশ্বায়াৰ আৰু উটাহ শ্বেইকছপীয়েৰিয়ান ফেষ্টিভেলৰ দৰে থিয়েটাৰতো কাম কৰিছিল।৩
ৱাৰ্শ্বিঙে ২৪ ধাৰাবাহিকৰ সপ্তম আৰু অষ্টম ছিজনত এফবিআইৰ বিশেষ এজেণ্ট ৰেনী ৱাকাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৫

২৪ ধাৰাবাহিকত দুটা ছিজন কাম কৰাৰ পাছত ৱাৰ্শ্বিঙে বিভিন্ন ধাৰাবাহিকত অতিথি শিল্পী হিচাপে অভিনয় কৰে, যাৰ ভিতৰত আছে চিএছআই, এনচিআইএছ, ৰিজ’লি এণ্ড আইলছ, হাৱাই ফাইভ-০, বডী অফ প্ৰুফ, ডালাছ, ৰিভলিউশ্যন, কেচেল, ব্লু ব্লাডছ, দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু টাচ।
ৱাৰ্শ্বিঙে ২০০৯ চনৰ টাকো বেল অল-ষ্টাৰ লেজেণ্ডছ এণ্ড চেলিব্ৰিটি ছফ্টবল গেমত অংশগ্ৰহণ কৰিছিল।৬
২০১২ চনৰ ডিচেম্বৰত প্ৰকাশ পায় যে প্লেষ্টেচন ৩-ৰ ভিডিঅ' গেম দ্য লাষ্ট অফ আছ-ত ৱাৰ্শ্বিঙে টেছ নামৰ চৰিত্ৰটোৰ বাবে কণ্ঠদান আৰু মোচন-কেপচাৰ কৰিছিল। ২০১২ চনৰ ৭ ডিচেম্বৰত স্পাইক ভিডিঅ' গেম এৱাৰ্ডছত প্ৰদৰ্শিত ট্ৰেইলাৰত তেওঁৰ চৰিত্ৰটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল।
২০১৪ চনত তেওঁ আমাজন প্ৰাইমৰ ক্ৰাইম শ্ব’ বছ-ৰ প্ৰথম ছিজনৰ এগৰাকী নিয়মীয়া শিল্পী আছিল।৭ ২০২২ চনত তেওঁ পুনৰ ষ্টাৰ ট্ৰেক ফ্ৰেঞ্চাইজিলৈ উভতি আহে আৰু ষ্টাৰ ট্ৰেক: পিকাৰ্ড-ৰ দ্বিতীয় ছিজনত বৰ্গ কুইনৰ চৰিত্ৰত অভিনয় কৰে।৮ ২০১৭ চনৰপৰা ২০১৯ চনলৈকে তেওঁ মাৰ্ভেলৰ ধাৰাবাহিক ৰাণৱেজ-ত লেছলী ডিনৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৯ চনৰপৰা ২০২২ চনৰ ভিতৰত তেওঁ দ্য ৰুকী-ত ৰোজালিণ্ড ডায়াৰ হিচাপে এটা চৰিত্ৰত অভিনয় কৰিছিল।৯
ব্যক্তিগত জীৱন, বেমাৰ আৰু মৃত্যু
২০০৯ চনৰ ছেপ্টেম্বৰ মাহত ৱাৰ্শ্বিঙে তেওঁলোকৰ লছ এঞ্জেলছৰ বাসগৃহত অভিনেতা তথা কৌতুক অভিনেতা ষ্টিফেন ফুলৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১০ তেওঁলোকৰ তিনিজন পুত্ৰ সন্তান আছিল।১১১২১৩
২০২০ চনৰ মাজভাগত ৱাৰ্শ্বিঙৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছিল। অৱশ্যে তেওঁ এই কথাটো গোপনে ৰাখিছিল আৰু তাৰ পিছতো অভিনয় অব্যাহত ৰাখিছিল।১৪১৫১৬ ২০২৩ চনৰ ২৯ জানুৱাৰীত ৪৫ বছৰ বয়সত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত এডেনইড চিষ্টিক কাৰ্চিনোমাৰ বাবে তেওঁৰ মৃত্যু হয়।১৭১৮
তথ্যসূত্ৰ
- ↑ Annie Wersching Biography - Birth Name: Anne Wersching. TV Guide
- ↑ Annie Wersching: Movies, TV and Bio. Prime Video. Amazon
- ↑ Annie Wersching Bio
- ↑ (July 23, 2020). Annie Wersching '99. Millikin.edu
- ↑ Smith, Melodie; Dealer, The Plain. (November 5, 2012). 'Touch' to hold '24' reunion; 'Skyfall' breaks U.K. box-office record; and more. Cleveland
- ↑ Laymance, Reid. (July 6, 2009). Official celebrity list for All-Star softball game on Sunday. STLtoday.com
- ↑ Zumberge, Marianne. (February 4, 2015). Michael Connelly Gives Insight into Detectives at Amazon's 'Bosch' Premiere. Variety
- ↑ Templeton, Molly. (September 3, 2021). Annie Wersching Will Play the Borg Queen in Star Trek: Picard. Tor.com
- ↑ Blanchet, Brenton. Annie Wersching Honored by 'The Rookie' with Touching On-Screen Tribute After Her Death. People.com. Dotdash Meredith
- ↑ (March 5, 2010). 24s Annie Wersching Expecting a Baby. People
- ↑ (August 9, 2010). Annie Wersching Welcomes Son Freddie. People
- ↑ (August 8, 2013). Annie Wersching Welcomes Son Ozzie. People
- ↑ (December 3, 2018). 'Timeless' Actress Annie Wersching Welcomes Third Child (Exclusive). Entertainment Tonight
- ↑ (January 29, 2023). Annie Wersching, 24 actress, passes away at 45. CNN
- ↑ (January 29, 2023). Annie Wersching, Who Played Borg Queen on Star Trek: Picard, Dies at 45. The New York Times
- ↑ Haring, Bruce. (January 29, 2023). Annie Wersching Dies: Actress In 24, Bosch And Timeless Was 45. Deadline
- ↑ (February 15, 2023). Annie Wersching In The Last of Us. Starsgab
- ↑ White, Abbey. (January 29, 2023). Annie Wersching, Actress in Bosch, 24, Runaways, Dies at 45. The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনী ৱাৰ্শ্বিং” প্ৰবন্ধৰ সংশোধন ৬০৬২৩৪ (১৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।