অসম ৰাজপত্ৰ (The Assam Gazette) অসম চৰকাৰৰ চৰকাৰী ৰাজপত্ৰ।১ অসমৰ চৰকাৰৰ অধীনৰ মুদ্ৰণ আৰু লেখন সামগ্ৰী সঞ্চালকালয়ে সাপ্তাহিক ভাবে অসমৰ ৰাজপত্ৰ প্ৰকাশ কৰে।২ অসমৰ চৰকাৰী ৰাজপত্ৰ হিচাপে ইয়াত চৰকাৰী আইন, জাননী, নিযুক্তি, পদোন্নতি আদি সম্পৰ্কে ঘোষণা আদি প্ৰকাশ কৰা আনুষ্ঠানিক পত্ৰিকা।৩ পত্ৰিকাখন প্ৰতি সপ্তাহৰ বুধবাৰে অসম চৰকাৰ প্ৰেছত মুদ্ৰণ কৰা হয়। মুদ্ৰণ আৰু লেখন সামগ্ৰীৰ সঞ্চালকালয় অসম ৰজপত্ৰৰ মুদ্ৰণ আৰু প্ৰকাশনৰ কাৰণে দায়বদ্ধ। ই চৰকাৰী নীতি আৰু নিৰ্ণয়সমূহৰ নিৰ্ভুল আৰু সঠিক সমল।
১৮৭৪ বৰ্ষত প্ৰথম চৰকাৰী অসম ৰাজপত্ৰ প্ৰকাশ হৈছিল। চেৰাপুঞ্জীৰ খ্ৰীষ্টান মিছনেৰীৰ ছপাশালত ৰাজপত্ৰৰ প্ৰথমৰ পৰা নৱম সংখ্যালৈ প্ৰকাশ হৈছিল। অসম ৰাজপত্ৰৰ দশম সংখ্যক ১৮৭৪ বৰ্ষৰ ২৩ মেত শ্বিলঙৰ অসম সচিবালয় ছপাশালত মুদ্ৰিত কৰা হৈছিল।৪ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৪ চনত অসমৰ ৰাজপত্ৰৰ পুনৰপ্ৰকাশ হয়।
ইতিহাস
১৮৭৪ চনৰ আগষ্ট মাহত শ্বিলঙৰ "বেটেন হিল"ত অসম চৰকাৰ প্ৰিণ্টিং প্ৰেছ স্থাপন কৰা হৈছিল। আৰম্ভণিতে প্ৰেছটো "অসম সচিবালয় প্ৰেছ" বুলি জনা গৈছিল। ১৮৯২ চনত ইয়াক "অসম সচিবালয় মুদ্ৰণ বিভাগ" লৈ সলনি কৰা হৈছিল। পুনৰ ১৯২১ চনত ইয়াৰ নাম "অসম চৰকাৰ প্ৰেছ" লৈ সলনি কৰা হয় আৰু এই নাম এতিয়াও বৰ্তি আছে।
১৯৫৪ চনত অসম চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুদ্ৰণৰ কাম কৰিবলৈ গুৱাহাটীত অসম চৰকাৰ প্ৰেছৰ এটা শাখা প্ৰেছ আৰম্ভ কৰাৰ কেবিনেট সিদ্ধান্ত লৈছিল। ১৯৫৪ চনৰ ১৪ নৱেম্বৰত কেবিনেট সিদ্ধান্ত অনুসৰি গুৱাহাটী কাৰাগাৰৰ চৌহদত অসম চৰকাৰ প্ৰেছৰ এটা শাখা স্থাপন কৰা হৈছিল। দুবছৰৰ পিছত প্ৰেছটো গুৱাহাটী চহৰৰ ৰিহাবাৰীৰ এখন ভাড়াঘৰলৈ স্থানান্তৰ কৰা হৈছিল। সেই বছৰত বিভাগটোত লিখন সামগ্ৰী শাখা অন্তৰ্ভুক্ত কৰা হৈছিল।
মুদ্ৰণ আৰু লিখন সামগ্ৰী সঞ্চালকালয়ৰ বৰ্তমানৰ ভৱনটো ১৯৬১ চনত বামুণিমৈদামত সম্পূৰ্ণ হৈছিল আৰু ১৯৬১ চনৰ ১৬ নৱেম্বৰত সেই সময়ৰ অসম মানৱ মন্ত্ৰী ৰূপনাথ ব্ৰহ্ময়ে ইয়াক উদ্বোধন কৰিছিল। মুদ্ৰণ প্ৰযুক্তিৰ স্নাতক ৰানা প্ৰতাপ বৰুৱা ইয়াৰ প্ৰথম সঞ্চালক আছিল।
প্ৰকাশন
- প্ৰত্যেক বুধবাৰে সাপ্তাহিক মুখ্য ৰাজপত্ৰ (খণ্ড-১, খণ্ড-২ ক, খণ্ড-২ খ, খণ্ড-৯, এ.ডি.চি., অধীক্ষক আদি)
- বিশিষ্ট ৰাজপত্ৰ (জৰুৰী, অৰ্ধ জৰুৰী, অতি জৰুৰী)
- বিশিষ্ট ৰাজপত্ৰ (আৰ.এল.এ.)১
ছপাশালাসমূহ
- অসম চৰকাৰী শাখা ছপাশালা, দিছপুৰ
- অসম চৰকাৰী শাখা ছপাশালা, যোৰহাট
- অসম চৰকাৰী শাখা ছপাশালা, লখিমপুৰ জিলা (নিৰ্মিয়মান অৱস্থাত)
মন্ত্ৰী
মুদ্ৰণ আৰু লিখন সামগ্ৰী সঞ্চালকালয় অসমৰ মুদ্ৰণ আৰু লিখন সামগ্ৰী বিভাগৰ অধীনত। অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা সৰ্বানন্দ সোণোৱাল মুদ্ৰণ আৰু লিখন সামগ্ৰী বিভাগৰ মন্ত্ৰী।
তথ্যসূত্ৰ
- ↑ Publication of Notifications | Directorate of Printing & Stationery | Government Of Assam, India. dpns.assam.gov.in
- ↑ Archived copy
- ↑ ৰাজপত্ৰ
- ↑ (India), Assam. (25 April 1962). The Assam Gazette
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ৰাজপত্ৰ” প্ৰবন্ধৰ সংশোধন ৫১০২০১ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।