অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভুক্ত লিখক
৫৫ প্ৰবন্ধ
-
লম্বোদৰ বৰা
লম্বোদৰ বৰা (Lambodar Bora) (১৮৬০-১৮৯২) অসমীয়া সাহিত্যৰ জোনাকী যুগৰ এগৰাকী প্ৰসিদ্ধ লেখক আছিল। তেখেত আধুনিক অসমীয়া সাহিত্যক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ব্যক্তি সকলৰ ভিতৰত অন্যতম। অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠাৰ আঁৰত এখেতৰ অৱদান অতিকৈ উল্লেখযোগ্য।
-
ৰাম সৰস্বতী
ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয়। ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই "অসমীয়া ব্যাস" আখ্যা দিছে।
-
অমূল্য বৰুৱা
অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক 'কালান্তৰৰ কবি' বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে।
-
গণেশ গগৈ
গণেশ গগৈ (Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও, তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল।
-
দণ্ডিনাথ কলিতা
দণ্ডিনাথ কলিতা (Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।
-
হৰিবৰ বিপ্ৰ
মধ্যযুগীয় অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম৷ তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল৷ এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন হৈছে - বব্ৰুবাহনৰ যুদ্ধ, লৱ-কুশৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা…
-
পদ্মাৱতী দেৱী ফুকননী
পদ্মাৱতী দেৱী ফুকননী (Padmavati Devi Phukanani; ১৮৫৩-১৯২৭) আছিল অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা। ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত ভাগ লোৱা দেখা নাযায় যদিও ঊনবিংশ শতিকাৰ শেষৰ ফালে পদ্মাৱতী দেৱীয়ে আগৰ পৰম্পৰাৰ পৰা আঁতৰি আহি এক ভিন্নৰীতিৰে…
-
কীৰ্ত্তিনাথ শৰ্মা বৰদলৈ
কীৰ্তিনাথ শৰ্মা বৰদলৈ (৭ নৱেম্বৰ, ১৮৭৮ - ২৩ ফেব্ৰুৱাৰী, ১৯৫২) অসমৰ এগৰাকী সংগীতজ্ঞ। তেওঁ এগৰাকী সুৰকাৰ আৰু গীতিকাৰ। শৰ্মা বৰদলৈক অসমীয়া ভাষাত অপেৰা ৰচনা কৰা প্ৰথমজন ব্যক্তি বুলি অভিহিত কৰা হয়।
-
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী (Nagendra Narayan Choudhury; ১৮৮১-১৯৪৭) অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লেখত লবলগীয়া নাম। তেখেতে অসমীয়া ভাষাত বহুতো গল্প আৰু প্ৰবন্ধ লিখি সমৃদ্ধিশালী কৰি থৈ গৈছে। ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ১৯২৯ চনত আবাহনৰ প্ৰকাশনৰ কাম কৰিছিল
-
স্বৰ্ণলতা বৰুৱা
স্বৰ্ণলতা দেৱী বা স্বৰ্ণলতা বৰুৱা(Swarnalata Barua; ১৮৭১ – ১৯৩২) মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অসহযোগ আন্দোলন, সত্যাগ্ৰহ আন্দোলন, ভাৰত ত্যাগ আন্দোলন আদিত যোগদান কৰিছিল। বিদ্ৰোহৰ অভিযোগত তেখেতেক কাৰাগাৰালৈ প্ৰেৰণ কৰা হৈছিল।
-
হেম বৰুৱা (ত্যাগবীৰ)
হেমচন্দ্ৰ বৰুৱা (Hemchandra Barua; ১৮৯৩ – ১৯৪৫) অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।
-
ধৰ্ম্মেশ্বৰী দেবী
ধৰ্মেশ্বৰী দেৱী বৰুৱানী (Dharmeswari Devi Baruani) (১৮৯২-১৯৬০) অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা।
-
ময়িদুল ইছলাম বৰা
ময়িদুল ইছলাম বৰা (জন্ম:১৮৯৯ - মৃত্যু:১৯৪৪) এগৰাকী শিক্ষাবিদ আৰু সাহিত্যিক। ফাৰ্চী সাহিত্যৰ গৱেষণা কৰিছিল। অসম সাহিত্য সভাৰ ১৯৪০ চনত বহা যোৰহাট অধিবেশনৰ সভাপতি আছিল।
-
কলাপচন্দ্ৰ দ্বিজ
কালাপচন্দ্ৰ দ্বিজ কোচবিহাৰ ৰাজসভাৰ কবি আছিল। ৰাম সৰস্বতীৰ পুত্ৰ বুলি পৰিচয় দিয়া কালাপচন্দ্ৰই 'ৰাধা- চৰিত' নামৰ এখন সৰু কাব্য ৰচনা কৰে।
-
গোপীনাথ পাঠক
গোপীনাথ পাঠক ৰামসৰস্বতীৰ পুতেক আছিল। মহাভাৰত অনুবাদ কাৰ্যত এওঁ পিতাকক বিশেষভাবে সহায় কৰিছিল। দ্ৰোণপৰ্বত শুক্ৰধ্বজৰ পাঠক ৰাম-সৰস্বতীৰ পুতেক বুলি গোপীনাথে আত্মপৰিচয় দিছে। সম্ভৱতঃ পিতাকৰ ৰজাঘৰীয়া পাঠক বাবটো গোপীনাথেও লাভ কৰিছিল। গোপীনাথে দ্ৰোণ-পৰ্ব, সভা-পৰ্ব, আৰু স্বৰ্গ-ৰোহণ-পৰ্ব, ৰচনা কৰে।
-
দামোদৰ দাস
দামোদৰ দাস বৰপেটাৰ মানুহ আছিল। "শল্য-পৰ্ব"ত আত্মপৰিচয় প্ৰসঙ্গত এওঁ শঙ্কৰ, মাধৱ আৰু দামোদৰক উল্লেখ কৰিছে আৰু নিজ গুৰু ভাগৱত ভট্টচাৰ্যৰ (ভট্টদেৱৰ) চৰণত প্ৰণিপাত জনাইছেঃ নক্ষত্ৰ সহিতে পূৰ্ণিমাৰ চন্দ্ৰ, যেন গৈল অস্তাঙ্গত।
-
ভৱানন্দ দত্ত
ভৱানন্দ দত্ত (১৯১৯-১৯৫৯) একাধাৰে গৱেষক, প্ৰৱক্তা আৰু সাহিত্য সমালোচক। নচিকেতা ছদ্মনামেৰে তেওঁ অসমীয়া কবিতা লিখিছিল আৰু বাটকটীয়া হিচাপে পৰিগণিত হৈছিল।
-
যমুনেশ্বৰী খাটনিয়াৰ
যমুনেশ্বৰী খাটনিয়াৰক (Jamuneswari Khatoniyar) (১৮৯৯-১৯২৪) অসমীয়া সাহিত্যৰ ৰমন্যাসিক যুগৰ প্ৰথম গৰাকী মহিলা কবি হিচাবে আখ্যা দিয়া হয়।
-
অনিৰুদ্ধ কায়স্থ
অনিৰুদ্ধ কায়স্থ ষষ্ঠদশ-সপ্তদশ শতিকাৰ এগৰাকী কবি। এখেতৰ পিতৃ ৰামচন্দ্ৰ বা ৰামৰুদ্ৰদেৱ। পিতামহ মাধৱদেৱৰ ককায়েক দামোদৰ ওৰফে ৰূপচন্দ্ৰ গিৰী। পূব কোচ ৰাজ্যৰ ৰজা ৰঘূদেৱৰ ৰাজসভাৰ অমাত্য আছিল। ৰজা ৰঘূদেৱৰ পৃষ্ঠপোষকতাত এখেতে ভাগৱতৰ ২য় আৰু ৫ম স্কন্ধৰ পদ ভাঙনি কৰে।
-
যদুমণিদেৱ
যদুমণিদেৱ (Jadumonidev)) হৈছে গোপাল আতাৰ এজন প্ৰধান শিষ্য। তেওঁ বৰপেটালৈ যাওঁতে নাৰায়ন দাস ঠাকুৰ আতাই মাধৱদেৱৰ ওচৰলৈ লৈ যায়, পিছত তেওঁ শ্ৰীৰামদেৱৰ লগত গৈ ভাৱনীপুৰীয়া গোপাল আতাৰ ওচৰত শৰণ লয়। যদুমণিদেৱৰ চৌৰান্নব্বৈটি ঘোষা পোৱা যায়। তেখেতে ‘জন্ম-যাত্ৰা’, ‘অজামিল’ আৰু ‘কোটোৰা-যাত্ৰা’ ভাওনা কৰাইছিল।
-
লক্ষ্মীকান্ত বৰুৱা
লক্ষ্মীকান্ত বৰুৱাৰ (১৮৮০-১৯৩৯) জন্ম হয় শিৱসাগৰত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। "মাখন উকিল" নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই শিৱসাগৰত ওকালতি কৰিছিল। তেখেত ব্ৰিটিছ ভাৰতৰ সময়ত এবাৰ অসম ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
শ্ৰীনাথ দ্বিজ
শ্ৰীনাথ দ্বিজে মহাভাৰতৰ আদি-পৰ্ব,দ্ৰৌপদী-স্বয়ংবৰ,দ্ৰোণ-পৰ্ব দেশী ভাষালৈ অনুবাদ কৰে। শ্ৰীনাথ দ্বিজে কোচবেহাৰৰ প্ৰাণনাৰায়ণ ৰজাৰ (ইং ১৬২৫-৬৫) অনুপ্ৰেৰণা লাভ কৰিছিল। দ্ৰোণ পৰ্বত শ্ৰীনাথ দ্বিজে আত্মপৰিচয় এইদৰে দিছে: প্ৰাণ-নাৰায়ণদেৱে আজ্ঞা পৰমাণে।
-
ৰঘুনাথ দাস মহন্ত
ৰঘুনাথ দাস মহন্ত ১৮শ শতিকাৰ এজন অসমীয়া লেখক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ সপ্তম পুৰুষ। ৰামায়ণক ভিত্তি কৰি তেওঁ শত্ৰুঞ্জয়, অদ্ভুত ৰামায়ণ আৰু কথা ৰামায়ণ নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। ইণ্ডো-আৰ্য মূলৰ যিকোনো ভাষাত "কথা ৰামায়ণে"ই প্ৰথম গদ্যত ৰচিত ৰামায়ণ।
-
ৰত্নাকৰ কন্দলী
ৰত্নাকৰ কন্দলী শংকৰদেৱৰ সমসাময়িক এজন কবি-সাহিত্যিক আছিল। দৈত্যাৰি ঠাকুৰৰ শঙ্কৰ-মাধৱৰ চৰিতত পোৱা যায় যে মহাপুৰুষ ধুৱাহাট-বেলগুৰিত থাকোঁতে ৰত্নাকৰ কন্দলী নামে এজনে নিতৌ গীতা পাঠ কৰিছিল। সম্ভৱতঃ এই ৰত্নাকৰ কন্দলীয়েই কীৰ্তনৰ অন্তৰ্ভুক্ত হোৱা সহস্ৰনাম বৃত্তান্তৰ ৰচক।
-
কবিশেখৰ ভট্টাচাৰ্য
কৱিশেখৰ ভট্টাচাৰ্য (১৮ শতিকা) এগৰাকী কবি। চাৰু সিংহ আৰু প্ৰেমদাসুন্দৰীৰ আজ্ঞাক্ৰমে 'হৰি বংশৰ পদ' অনুবাদ কৰে। এই অনুবাদত কবিয়ে নিজা কল্পনাও সংমিশ্ৰণ কৰিছে।