অসমৰ উদ্ভিদ
১৭০ প্ৰবন্ধ
-
বিয়নী সাবটা
বিয়নী সাবটা (বৈজ্ঞানিক নাম: Desmodium laburnifolium) লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ বনৰীয়া গছ৷
-
বিৰিণা
বিৰিণা (বৈজ্ঞানিক নাম: Vetiveria zizanioides; Vetiver) এবিধ দ-চানেকীয়া ঠাইত উৎপন্ন হোৱা ওখ ঘাঁহজাতীয় উদ্ভিদ। এই বন একেঠাইতে সৰহীয়াকৈ উৎপত্তি হয়।
-
বৰপুণি
বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়।
-
মণিছাল
মণিছাল ( বৈজ্ঞানিক নাম: Sapindus mukorossi; বঙালী: ৰিঠা; মিচিং: হাইটা-গুটি; কাৰবি: ডাক্ ডাক্ আৰং; কাছাৰ:হাইঠাল, ফুআঠাই, খাচিয়া: দিয়েং স্পিয়েং ৰাহ; তাই-আহোম: টুন্-মাক-চাক; বড়ো:মণিছাল) চেপিন্দেচি (Sapindaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ।
-
মেজেঙা (উদ্ভিদ)
মেজেঙা বা মেজেঙা পাত (বৈজ্ঞানিক নাম: Zanthoxylum oxyphyllum) এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অঙেৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়।
-
যখিনী লতা
যখিনী লতা (বৈজ্ঞানিক নাম:Valaris solanacea) এপ’চাইনেচি (Apocynaceae) পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।
-
লতা কৰৱী
লতা কৰৱী ক, ইংৰাজীত সাধাৰণতে গল্ডেন ট্ৰাম্পেট (golden trumpet)কমন ট্ৰামপেটভাইন (common trumpetvine), ই কেনভানাছ, পোৱেৰ্ট ৰিকৰ চৰকাৰী ফুল। বাংলা ভাষাত ইয়াক অলকানন্দা বুলি কোৱা হয়।
-
লেটেকু
লেটেকু (Burmese grape) হৈছে ফাইলেনথেছিয়া পৰিয়ালৰ অন্তৰ্গত এজোপা মন্থৰ গতিত বৃদ্ধি হোৱা চিৰসেউজীয়া উদ্ভিদ, উচ্চতা প্ৰায় ২৫ মি পৰ্যন্ত হয়। সমগ্ৰ এছিয়া মহাদেশত এই উদ্ভিদ দেখা পোৱা যায়, ভাৰত আৰু মালেছিয়াত সাধাৰণভাৱে খেতি কৰা হয়। ইয়াক চিৰসেউজীয়া অৰণ্যত বিস্তৃত ভাবে গজা দেখা যায়।
-
শালিকী ঠুটিয়া কপৌ
শালিকী ঠুটিয়া কপৌ বা ডেণ্ড্ৰবিয়াম এফাইলাম হৈছে এবিধ অৰ্কিড। ইয়াক হুডেড অৰ্কিড নামেৰেও জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, দক্ষিণ চীন, পূব হিমালয় আৰু ইণ্ডোচাইনাৰ থলুৱা অৰ্কিড প্ৰজাতি।
-
স্থলপদ্ম
স্থলপদ্ম (Land Lotus) হৈছে Malvaceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ যাৰ বৈজ্ঞানিক নাম হিবিস্কাছ মিউটাবিলিছ (Hibiscus Mutabilis)। ফুলৰ বাবে ইয়াৰ খেতি কৰা হয়। স্থলপদ্ম মূলতঃ দক্ষিণ চীনৰ থলুৱা ফুল। ই এতিয়া এণ্টাৰ্কটিকাৰ বাহিৰে সকলো মহাদেশতে পোৱা যায়।
-
সৰু পুণী
বিশ্বৰ ক্ষুদ্ৰতম ফুল উলফিয়া গ্ল'ব'ছা।উলফিয়া গ্ল’ব’ছা (ইংৰাজী ও বৈজ্ঞানিক নামঃ Wolffia globosa) হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ। ইয়াক সাধাৰণতে এছিয়ান ৱাটাৰমিল (এছিয়াৰ পুনি) আৰু ডাকৱিড নামেৰে জনা যায়।
-
সৰু মানিমুনি
সৰু মানিমুনি, বৈজ্ঞানিক নাম: হাইড্ৰ’ক’টাইল চিবথৰ্পিঅ’ইডছ, দক্ষিণ-পূব এছিয়াৰ স্থানীয় এবিধ সৰু উদ্ভিদ। ইয়াক লন মাৰ্চপেনিৱৰ্ট বুলিও কোৱা হয়। ইয়াক পৰম্পৰাগতভাৱে এপিয়াচিয়া পৰিয়ালত ৰখা হয়, কিন্তু শেহতীয়াকৈ ইয়াক আৰালিয়াচিয়া পৰিয়ালত অন্তৰ্ভুক্ত বুলি কোৱা হৈছে।
-
হাতী ভেকুৰী
হাতী ভেকুৰীবহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। হাতী ভেকুৰী এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।
-
ৰক্তমল্লিকা
ৰক্তমল্লিকা, সাধাৰণ নাম গ্লব অমৰনাথ (globe amaranth), মখমলি (makhmali), আৰু বেদমালি (vadamalli), অমৰনাথেচি পৰিয়ালৰ অন্তৰ্গত এবিধ খাদ্য উপযোগী ফুল আৰু উদ্ভিদ। গোলাকাৰ ফুলপাহ মাৰ্জেণ্টা, বেঙুনীয়া, ৰঙা, কমলা, বগা, গুলপীয়া আদি ভিন্ন বৰণৰ হোৱা দেখা যায়।
-
ৰঙা ঢেকীয়া
ৰঙা ঢেকীয়া বা তাৰঙ হৈছে এবিশ খোৱাৰ উপযোগী ঢেকীয়াজাতীয় উদ্ভিদ। ইয়াক ভাৰত আৰু মালয়েছিয়াৰ লোকচিকিৎসাত ঔষধি উদ্ভিদ হিচাপে গণ্য কৰা হয়। ইয়াৰ পাতসমূহ জ্বৰ, চৰ্মৰোগ, আলচাৰ আৰু পেটৰ বিষৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ৰঙা ঢেকীয়া এবিধ দীঘলীয়াকৈ বগাই যোৱা লতাজাতীয় উদ্ভিদ।
-
ৰাঙল ফুল
ৰাঙল ফুল বা ইক্সৰা হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ। ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়।
-
ৰাধাচূড়া
ৰাধাচূড়া, ফেবেচি (Fabaceae) পৰিয়ালৰ অন্তৰ্গত বৃক্ষৰ এবিধ প্ৰজাতি। যাক ইংৰাজীত জাভা কেচিয়া, পিংক শ্বাৱাৰ, আপেল ব্লচম ট্ৰী, ৰেইনবʼ শ্বাৱাৰ ট্ৰী আৰু পালাৱান চেৰী বুলিও কোৱা হয় ইয়াৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু ইয়াৰ ধুনীয়া ৰঙা আৰু গোলাপী ৰঙৰ ফুলৰ গোটৰ বাবে ইয়াক বিশ্বজুৰি…
-
ৰূপহী থেকেৰা
ৰূপহী থেকেৰা (বৈজ্ঞানিক নাম: Garcinia lanceifolia) এবিধ চিৰসেউজ ঔষধি উদ্ভিদ। এচিয়াৰ বিভিন্ন দেশ যেনে ভাৰত, বাংলাদেশ, ম্যানমাৰ আদিত ইয়াক থলুৱাভাৱে পোৱা যায়। উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনগোষ্ঠীসমূহে বিভিন্ন ৰোগৰ ঔষধ হিচাপে ইয়াৰ ব্যৱহাৰ কৰে।
-
ৰেৱতী ফুল
ৰেৱতী ফুল হৈছে Fabaceae পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। ইয়াক ইংৰাজীত ‘ৰেড কেচিয়া’ (Red cassia), ‘ৰক্সবাৰ্ঘছ কেছিয়া’ (Roxburgh's cassia), আৰু ‘চাইক্লন ছেন্না’ (Ceylon senna) বোলি কয়। ই দক্ষিণপূৱ এছিয়া আৰু ভাৰত উপমহাদেশৰ থলুৱা উদ্ভিদ। ইয়াক সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত পোৱা যায়।
-
অসমৰ উদ্ভিদ (তালিকা)
অকাজী ফুল অপৰাজিতা অশোক ফুল অসমৰ বনৌষধি অৰ্কিড অৰ্জুন গছ আঁহত আখৈ ফুল আদা আম আমলখি আহোম বগৰী ইচবগুল ইলাচী উড়ল গছ এজাৰ এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ এৰিডেছ অ'ড'ৰাটা ঔ টেঙা ঔষধি উদ্ভিদ কঠনা ফুল কদম কপৌ ফুল কলমৌ কাজিনেমু কামিনী কাঞ্চন কুঞ্জলতা কৃষ্ণচূড়া কেচেৰু গছ কেঞাবন কেতেকী ফুল কেলান্থে অ'ডোৰা কৌপাত…