অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

হাতী ভেকুৰী

হাতী ভেকুৰীবহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। হাতী ভেকুৰী এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

হাতী ভেকুৰীবহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। হাতী ভেকুৰী এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।

বৰ্ণনা

হাতী ভেকুৰীৰ গছ সাধাৰণতে ২ ৰে পৰা ৩ মিটাৰ পৰ্যন্ত ওখ হয়। গা-গছৰ তলৰ অংশটো গোলাকাৰে প্ৰায় ২ চেণ্টিমিটাৰ ব্যাসৰ। অৱশ্যে এই গছ ৫ মিটাৰ পৰ্যন্ত ওখ আৰু গা-গছৰ গুৰি অংশৰ ব্যাস ৮ চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গুল্ম জাতীয় উদ্ভিদ জোপাৰ গুৰি অংশত এডাল মাত্ৰ কাণ্ডৰে আগ বাঢ়ি সামান্য ওপৰলৈ শাখা-প্ৰশাখাৰে জোপোহা হৈ পৰে। কাণ্ডৰ কাঠৰ বৰণ ধোঁৱা বৰণীয়া আৰু চাল অংশ প্ৰায় মসৃণ। এই গছৰ শিপাৰ বৰণ বগা আৰু ইয়াৰ গঠন দৃঢ় নহয়।

গুণাগুণ

ভেকুৰী এবিধ বনৌষধি। ইয়াৰ গুণাগুণ সমূহ:

  1. ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়।
  2. পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে।
  3. টকৌৱে খোৱা ৰোগত হাতী ভেকুৰীৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়।
  4. দুষ্টবৰ্ণ (septic ulcer), কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য।
  5. বমি ভাব বন্ধ কৰিবলৈ হাতী ভেকুৰীৰ ৰস খাব লাগে।

সম্পৰ্কিত শ্ৰেণী

গুল্মঔষধি উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাতী ভেকুৰী” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।