অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সৰু পুণী

বিশ্বৰ ক্ষুদ্ৰতম ফুল উলফিয়া গ্ল'ব'ছা।উলফিয়া গ্ল’ব’ছা (ইংৰাজী ও বৈজ্ঞানিক নামঃ Wolffia globosa) হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ। ইয়াক সাধাৰণতে এছিয়ান ৱাটাৰমিল (এছিয়াৰ পুনি) আৰু ডাকৱিড নামেৰে জনা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বিশ্বৰ ক্ষুদ্ৰতম ফুল উলফিয়া গ্ল'ব'ছা।উলফিয়া গ্ল’ব’ছা (ইংৰাজী ও বৈজ্ঞানিক নামঃ Wolffia globosa) হৈছে বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ সপুষ্পক উদ্ভিদ। ইয়াক সাধাৰণতে এছিয়ান ৱাটাৰমিল (এছিয়াৰ পুনি) আৰু ডাকৱিড নামেৰে জনা যায়। ই এছিয়াৰ মহাদেশৰ স্থানীয় উদ্ভিদ যদিও ইয়াক আমেৰিকা আৰু আফ্ৰিকাৰ কিছু অংশত পোৱা যায়, য'ত ই এটা প্ৰৱৰ্তিত প্ৰজাতি (introduced species)।১

বিৱৰণ

পৃথিৱীৰ আটাইতকৈ সৰু এই ফুল ফুটবলৰ আকৃতিৰ, সৰু, চেপেটা ফাল উজ্জ্বল সেউজীয়া বা হালধীয়া। ইয়াৰ দৈৰ্ঘ্য ১-১.৪ মিলিমিটাৰতকৈ বেছি নহয়, প্ৰস্থ - ০.৫-১ মিলিমিটাৰ, বেছিভাগৰ এজোপা(! ) গছৰ ওজন ২০০ মাইক্ৰ'গ্ৰামতকৈ অধিক। তুলনামূলকভাৱে: জুইশলা কাঠিৰ মূৰৰ এটা ফাল এই ফুলবোৰৰ প্ৰায় ৩০টা ফুলৰ জোখৰ সমান।

উলফিয়া - শিপাবিহীন পুণি জাতীয় উদ্ভিদ, ইয়াৰ শৰীৰৰ ভিতৰৰ নলীকাডাল চুটি যি উশাহ ল'ব পৰা ফুটা (Stomata)ৰে শ্বাস-প্ৰশ্বাস লয়; ইয়াৰ দৈৰ্ঘ্য মাত্ৰ ১২-১৪ মাইক্ৰন। ইয়াৰ সহায়তে ই পানীৰ পৰা অক্সিজেন লয়।

বাসস্থান

এই উদ্ভিদবিধ স্থিৰ, আবদ্ধ পানীত যেনে পুখুৰী, হ্ৰদ, জলাশয় আদিত মেটেকাৰ দৰে ওপঙি গজে। ই অতি ক্ষুদ্ৰ, ডিম্বাকৃতিৰ উদ্ভিদ যাৰ পাত, কাণ্ড, শিপা নাই। গছজোপাৰ শৰীৰ, স্বচ্ছ সেউজীয়া ডাল, এক মিলিমিটাৰতকৈও কম বহল। মানৱ পৰীক্ষাত প্ৰক্ৰিয়াকৃত ডব্লিউ গ্ল'ব'জাই খাদ্যৰ প্ৰ'টিন আৰু ভিটামিন বি-১২ প্ৰদান কৰা বুলি কোৱা হৈছে।২

উলফিয়া গ্ল'ব'ছাক বিশ্বৰ আটাইতকৈ সৰু ফুলফুলা উদ্ভিদ বুলি বৰ্ণনা কৰা হৈছে, ইয়াৰ ব্যাস ০.১–০.২ মিলিমিটাৰ (০.০০৪–০.০০৮ ইঞ্চি)।৩৪

ফুলাৰ সময়

উলফিয়াৰ ফুল ফুলাৰ সময় জুলাই আৰু আগষ্ট মাহ। গছবোৰৰ ফুলবোৰ অতি ক্ষুদ্ৰ যদিও ইয়াত প্ৰতিটো ফুলত এটা স্ত্ৰীকেশৰ আৰু পুংকেশৰ পোৱা যায়। কেৱল মাইক্ৰস্কোপৰ সহায়ত দেখা পোৱা এই ফুলৰ অংশবোৰ খালী চকুৱে দেখা নাপায়, অতি সৰু।

উপকাৰিতা

থাইলেণ্ডত উলফিয়া গ্ল'ব'ছাক খাদ্য হিচাপেও খোৱা হয়। থাই ভাষাত ফাম (ผํา) নামেৰে জনাজাত ই খাদ্যৰ বিশেষকৈ ইছানত( Isan) নামেৰে জনপ্ৰিয় খাদ্যবিধৰ মূল উপাদান।৫

তথ্যসূত্ৰ

  1. ↑ (2022). Wolffia globosa (Roxb.) Hartog & Plas. Plants of the World Online. Royal Botanic Gardens Kew
  2. ↑ (December 2019). Protein bioavailability of Wolffia globosa duckweed, a novel aquatic plant - A randomized controlled trial. Clin Nutr. পৃ. 2576–2582
  3. ↑ Lock, Helen. (4 Sep 2013). Rare bloom for Wolffia Globosa, the world's smallest flowering plant. The Daily Telegraph
  4. ↑ What is the smallest flower in the world? (Everyday Mysteries: Fun Science Facts from the Library of Congress). www.loc.gov. দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ
  5. ↑ แกงไข่ผำ(สาหร่ายสไปรูลิน่า)สูตรและวิธีทำ

সম্পৰ্কিত শ্ৰেণী

জলজ উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰু পুণী” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩০ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।