লেটেকু (Burmese grape) হৈছে ফাইলেনথেছিয়া পৰিয়ালৰ অন্তৰ্গত এজোপা মন্থৰ গতিত বৃদ্ধি হোৱা চিৰসেউজীয়া উদ্ভিদ, উচ্চতা প্ৰায় ২৫ মি পৰ্যন্ত হয়। সমগ্ৰ এছিয়া মহাদেশত এই উদ্ভিদ দেখা পোৱা যায়, ভাৰত আৰু মালয়েছিয়াত সাধাৰণভাৱে খেতি কৰা হয়। ইয়াক চিৰসেউজীয়া অৰণ্যত বিস্তৃত ভাবে গজা দেখা যায়। ইয়াৰ ফলবোৰ খাবৰ বাবে বা সুৰা প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়; চৰ্মৰোগৰ বাবে ঔষধ হিচাপেও ব্যৱহৃত হয়। ইয়াৰ বাকলি, কাঠ আৰু শিপাবোৰো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
ফলবোৰ ডিম্বাকৃতিৰ, বৰণ সালধীয়া, গুলপীয়াৰ পৰা উজ্বল ৰঙা বা বেঙুনীয়া, আকাৰত ২.৫-৩.৫ ছেমি, মৃসন, ২-৪টা ডাঙৰ বেঙুনীয়া-ৰঙা বীজৰ সৈতে, বগা মঙহাল।
বাকলি, শিপা আৰু কাঠবোৰ পানীত সিজুৱাৰ আগতে ভালদৰে শুকুৱাই লোৱা হয়। ফলবোৰ চিঙাৰ পৰা প্ৰায় ৪-৫ দিনলৈকে সতেজ হৈ থাকে, বা সিজাই নিমখৰ লগত মিহলি কৰি বন্ধ পাত্ৰত বহুদিনলৈকে সংৰক্ষণ কৰিব পাৰি। এই ফলবোৰ স্থানীয়ভাৱে ব্যৱহাৰ কৰা হয় লগতে বিক্ৰীও কৰা হয়।
অন্য নাম
- ইংৰাজী: বাৰ্মিজ গ্ৰেপ
- থাই: মাফাই (มะไฟ), মাক্ ফাই পা, খি মি, ছাই খ্ৰুৱা ছাই, ছমফাই, হামকাং, ফা ইঅ'
- ভিয়েটনামী: জিয়াও জিয়া ডাট্
- বাৰ্মিজ: কান'যাও
- বেংগলী: লটকন, বুবি
- কেম্বডিয়ান: প্লাই-ফন্হিউ (ផ្លែផ្ញៀវ)
- স্থানীয় নাম:
- অসমীয়া: লেটেকু
- ফু ন'ই: চা চৌয়ে' ছি
- হিন্দী: খট্টাফল
- খাছী: ছহৰামডিয়েং
- গাৰ': গাছাম্পে
- ছ'মালিয়ান:ডা ডিয়াঅ'গোৱাই
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেটেকু” প্ৰবন্ধৰ সংশোধন ৫৪০৪০৩ (২৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।