অসমৰ ইতিহাস
১০০ প্ৰবন্ধ
-
পাথৰিঘাট
পাথৰিঘাট (পূৰ্বতে পথৰুঘাট), অসমৰ দৰং জিলাৰ অন্তৰ্গত এখন ৰাজহ চক্ৰ। এই ঠাই মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ১৮৯৪ চনত হোৱা ওতিহাসিক কৃষক বিদ্ৰোহ "পথৰুঘাটৰ ৰণ"ৰ বাবে এই ঠাই বিখ্যাত।
-
মালৌ আলি
মালৌ আলি (Malow ali) হৈছে অসমৰ যোৰহাট জিলাৰ এটা পথ। এই পথটো ১৭৯৫-১৮১৮ চনত আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল। এই পথটোৱে জিলাখনৰ পশ্চিমৰ বহুতো গাঁৱক যোৰহাট নগৰৰ লগত সংযোগ কৰিছে।
-
সমুদ্ৰ বৰ্মা
সমুদ্ৰ বৰ্মা (Samudra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মণ ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্য বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ বল বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল। তেওঁ দত্তদেৱীক বিয়া কৰাইছিল।
-
সুস্থিত বৰ্মা
সুস্থিত বৰ্মা (Susthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ একাদশতম ৰজা আছিল। তেওঁক শ্ৰী-মৃগাঙ্ক নামেৰেও জনা গৈছিল। এওঁ স্থিত বৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
কমতাৰ নীলাধ্বজ
নীলাধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্ বংশৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।
-
খাচী আৰু জয়ন্তীয়া পাহাৰ
খাচী আৰু জয়ন্তীয়া পাহাৰ পূৰ্বে মূলতঃ অসম আৰু মেঘালয়ৰ অংশ হিচাপে থকা পাহাৰীয়া অঞ্চল। এই অঞ্চল বৰ্তমান ভাৰতীয় ৰাজ্য মেঘালয়ৰ (পূৰ্বৰ অসম) অন্তৰ্গত। পূব জয়ন্তীয়া পাৰ্বত্য জিলা, পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা, পূব খাচী পাৰ্বত্য জিলা আৰু পশ্চিম খাচী পাৰ্বত্য জিলাৰ বৰ্তমান ইয়াৰ অংশ।
-
পৃথু
ৰজা পৃথু (Prithu) ১১৯৫ খ্ৰীষ্টাব্দৰ পৰা ১২২৮ খ্ৰীষ্টাব্দলৈ ভাৰতৰ বৰ্তমানৰ ৰাজ্য অসমত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ কামৰূপ ৰাজ্যৰ ৰজা আছিল। তেওঁক জলপেশ্বৰ বুলিও জনা যায়।
-
প্ৰাগঐতিহাসিক অসম
প্ৰাগঐতিহাসিক অসমৰ লিখিত ইতিহাস পুৰাণ, তন্ত্ৰ শাস্ত্ৰ আদিতে সীমিত। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। মহীৰঙ্গ (সম্ভৱতঃ ময়ৰঙ্গ) দানৱ নামৰ এজন অনাৰ্য ৰজাই প্ৰাগজ্যোতিষত ৰাজত্ব কৰাৰ উল্লেখ পোৱা যায়।
-
ভৌম ৰাজবংশ
ভৌম ৰাজবংশ প্ৰাগজ্যোতিষৰ প্ৰথম ৰাজবংশ আছিল। ৰামায়ণ, মহাভাৰত, কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আৰু স্থানীয় কাহিনীত তেওঁলোকৰ উল্লেখ আছে। মহাভাৰতৰ যুদ্ধৰ কিছুকাল আগতেই দ্বাপৰ যুগত এই বংশৰ আৰম্ভণি হৈছিল। নৰকাসুৰৰ পুত্ৰ আৰু পাণ্ডুৰ বন্ধু ভগদত্তই কৌৰৱৰ হৈ যুদ্ধত অংশ লৈছিল।
-
যোৰহাট জিলাৰ ইতিহাস
আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল। যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এই ঠাইৰ এটা বিশেষত্ব আছিল।
-
সুপ্ৰতিস্থিত বৰ্মা
সুপ্ৰতিস্থিত বৰ্মা (Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ৰাণী অভয়েশ্বৰী
ৰাণী অভয়েশ্বৰী দেৱী (Abhayeswari Devi) আছিল বিজনী ৰাজ পৰিয়ালৰ অন্যতম প্ৰজাহিতৈষী শাসক। তেওঁৰ স্বামী কুমুদনাৰায়ণৰ মৃত্যুৰ পিছত বিজনী ৰাজ পৰিয়ালৰহৈ শাসনৰ সুযোগ লাভ কৰিছিল। বিজনী ৰাজ পৰিয়ালটো আছিল অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ সৰ্ববৃহৎ জমিদাৰী এলেকাৰ অধিপতি।
-
আলাবৈৰ ৰণ
আলাবৈৰ ৰণ (the Battle of Alaboi) আছিল আহোম আৰু মোগল সেনাৰ মাজত হোৱা এখন অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ৰক্তক্ষয়ী যুদ্ধ। ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ পছৰীয়া দলৰপথাৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল; অসমীয়া বুৰঞ্জীৰ মত অনুসৰি এই যুদ্ধৰ সময়কাল ১৫৯১ শকৰ ১৭ শাওণ আলাবৈৰ…
-
ইটাখুলিৰ ৰণ
ইটাখুলিৰ ৰণ ১৬৮২ চনত আহোম ৰাজ্য আৰু মোগল সম্ৰাজ্যৰ মাজত গুৱাহাটীত সংঘটিত হৈছিল। আহোমসকলে এই যুদ্ধত মোগলৰ বিৰুদ্ধে জয় লাভ কৰে। আহোম সৈন্যয়ে মোগল সকলক পিছ হুহুকাই পশ্চিমৰ মানস নদীৰ পৰ্যন্ত খেদি দিয়ে।
-
কমতাৰ নীলাম্বৰ
নীলাম্বৰ (–১৪৯৮) আছিল পশ্চিম অসম আৰু উত্তৰ বংগৰ কমতা ৰাজ্যৰ শেষ খেন্ শাসক বা কমদেশ্বৰ। তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) শাসন কৰিছিল।
-
কামৰূপ পীঠ
কামৰূপ পীঠ হৈছে প্ৰাচীন কামৰূপ ৰাজ্যৰ পীঠ বা ভৌগোলিক বিভাজন। কামৰূপ ৰাজ্যক চাৰিখন পীঠত ভাগ কৰা হৈছিল। এই পীঠসমূহৰ বিভাজন বিভিন্ন উৎসত সামঞ্জস্যপূৰ্ণ নহয় কিন্তু সকলো উৎসতে চাৰিখন পীঠৰ উল্লেখ পোৱা যায়। এই পীঠসমূহৰ বিষয়ে সমসাময়িক কালৰ কোনো কামৰূপ শিলালিপিত উল্লেখ কৰা হোৱা নাই।
-
গছতল স্তম্ভলিপি
গছতল স্তম্ভলিপি হৈছে নগাঁৱৰ ডবকাৰ পৰা প্ৰায় দুই মাইলমান পশ্চিম দিশৰ গছতল নামেৰে ঠাইত অৱস্থিত এটা পুৰণি শিৱ মন্দিৰৰ ধ্বংসস্তূপৰ পৰা উদ্ধাৰ হোৱা অষ্টকোণী শৈলস্তম্ভত খোদিত এখন শৈললিপি।।অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱাই উদ্ধাৰ কৰা এই লিপিখন অঞ্চলটোৰ নামানুসৰি 'গছতল স্তম্ভলিপি' ৰখা হয়।
-
ডবকা ৰাজ্য
ডবকা বৰ্তমান অসমৰ মধ্য অংশত অৱস্থিত প্ৰাচীন ভাৰতৰ এখন ৰাজ্য। ডবকাৰ নাম ৪ৰ্থ শতিকাৰ সমুদ্ৰগুপ্তৰ দিনৰ এলাহাবাদ শিলালিপিত পোৱা যায় য'ত ইয়াক গুপ্ত সাম্ৰাজ্যৰ পাঁচখন সীমান্ত ৰাজ্যৰ এখন বুলি কোৱা হৈছে। লিউ শ্বং ৰাজবংশৰ শ্বুং-শ্বু ইতিহাসত ৰাজ্যখনৰ নাম কপিলী বুলি আছে (এতিয়াৰ এখন নদীৰ নাম)।
-
ডুবি তাম্ৰলিপি আৰু ছীল
ডুবি তাম্ৰলিপি আৰু ছীল সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন আৰু ছীল। উদ্ধাৰিত ছয়খন তামৰ ফলিসমূহ ভূমিৰ অনুদান সংক্ৰান্তিয়।
-
তুংখুঙীয়া বুৰঞ্জী
তুংখুঙীয়া বুৰঞ্জী হৈছে তুংখুঙীয়া আহোম ৰজাৰ প্ৰধানকৈ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ পৰা কমলেশ্বৰ সিংহ, (১৭৫১–১৮০৬) পৰ্যন্ত তুংখুঙীয়া আহোম ৰজাৰ তথ্য সন্নিবিষ্ট কৰা এখন বুৰঞ্জী বুৰঞ্জী।
-
শোণিতপুৰ ৰাজ্য
অসুৰ ৰাজ্য বা শোণিতপুৰ ৰাজ্য বৈদিক যুগৰ এখন ৰাজ্য। কিংবদন্তি অনুসৰি মৰীচি হৈছে এই ৰাজ্যখনৰ প্ৰতিষ্ঠাপক। বৰ্তমান এই ঠাইখণ্ড অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত। এই ৰাজ্যখন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ সমসাময়িক বুলি ধাৰণা কৰা হয়। পুৰাণ, মহাভাৰত আৰু অন্যান্য ধৰ্মীয় কাব্যসমূহত শোণিতপুৰৰ উল্লেখ আছে।
-
সন্ধ্যা (কামৰূপৰ ৰজা)
সন্ধ্যা (গৌড়েশ্বৰ নামেৰেও পৰিচিত) বৰ্তমান ভাৰতৰ অসম ৰাজ্যৰ উত্তৰ-পূব ভাৰতৰ কামৰূপ ৰাজ্যৰ এজন ৰজা আছিল। ১২৫৭ খ্ৰীষ্টাব্দৰ পিছৰ কোনোবা এটা সময়ত (নিৰ্দিষ্টকৈ জনা নাযায়) তেওঁ নিজৰ ৰাজধানী পশ্চিম দিশলৈ অৰ্থাৎ কমতাপুৰলৈ(বৰ্তমানৰ গোসাঁনিমাৰী) লৈ যোৱাৰ সময়ত কামতা ৰাজ্য প্ৰতিষ্ঠা কৰে।
-
হাড়িয়া মণ্ডল
হাড়িয়া মণ্ডলক (স্থানভেদে হাৰিয়া মণ্ডল বা হাৰিয়া মেছ) অসমৰ কোচসকলৰ আদি পুৰুষ বুলি গণ্য কৰা হয়৷ জনামতে তেওঁ বৰ্তমানৰ গোৱালপাৰা জিলাৰ খুণ্টাঘাট পৰগনাৰ চিকনগ্ৰাম নামৰ গাঁৱৰ বাসিন্দা আছিল৷
-
ৰাইজমেল
ৰাইজমেল সমূহ প্ৰাক ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণি কালছোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ - ৬৯ ৰ কালছোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত এই ৰাইজমেল সমূহ দেখা গৈছিল।
-
অসমৰ চিত্ৰকলাৰ ইতিহাস
অসমৰ চিত্ৰকলাৰ ইতিহাস অতি প্ৰাচীন। সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল। সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল।
-
অসমৰ ছপাশাল
আমেৰিকাৰ মিছনেৰী সকলৰ উদ্যোগত অসমীয়া ভাষাত ছপাগ্ৰন্থ প্ৰকাশৰ আৰম্ভণি হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মা অনূদিত অসমীয়া বাইবেল (নতুন নিয়ম: The New Testament) প্ৰথম অসমীয়া ভাষাৰ ছপাগ্ৰন্থ। এই গ্ৰন্থখন শ্ৰীৰামপুৰৰ মিছনেৰী ছপাশালত মুদ্ৰণ কৰা হৈছিল।
-
অসমৰ শাসকসকলৰ তালিকা
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম, দক্ষিণ আৰু উত্তৰৰ মানুহৰ সংগমৰ ইতিহাস; অষ্ট্ৰ'এছিয়াটিক, তিব্বত-বৰ্মী (চীন-তিব্বতী), টাই আৰু ভাৰত-আৰ্য্য সংস্কৃতিৰ সংগম। যদিও যুগ যুগ ধৰি আক্ৰমণ কৰা হৈছিল, ১৮২১ চনত তৃতীয়বাৰৰ বাবে বাৰ্মিজ আক্ৰমণ আৰু তাৰ পিছত ১৮২৪ চনত প্ৰথম ইংগ-বাৰ্মিজ যুদ্ধৰ সময়ত ইংৰাজৰ অসমত প্ৰৱেশৰ…
-
আৰাকান অভিযান
আৰাকান অভিযান (Arakan Expeditions) ১৮৪১ আৰু ১৮৪৭ চনত দক্ষিণ লুছাই পাহাৰ (বৰ্তমানৰ মিজোৰাম) অঞ্চলত খুমি আৰু মাৰা জনগোষ্ঠীৰ বিৰুদ্ধে ব্ৰিটিছ ৰাজৰ দুটা শাস্তিমূলক অভিযান আছিল। এই অভিযানসমূহৰ উদ্দেশ্য আছিল চিট্টগং পাহাৰীয়া অঞ্চলত জনজাতীয় আক্ৰমণ আৰু অপহৰণমূলক ৰেইড প্ৰবণতা নিয়ন্ত্ৰণ কৰা।
-
কমতাৰ চক্ৰধ্বজ
চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসম ৰ খেন্ বংশ কমতা ৰাজ্যৰ শাসক আছিল। তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।
-
কলিয়াবৰ যুদ্ধ
কলিয়াবৰ যুদ্ধ হৈছে মোগল সাম্ৰাজ্যৰ সেনাপতি দ্বিতীয় মীৰ জুমলাৰ নেতৃত্বত আৰু বৰগোহাঁইৰ নেতৃত্বত আহোম ৰাজ্যৰ মাজত হোৱা নদীৰ পাৰৰ নৌযুদ্ধ৷ ১৬৬২ চনৰ ৩ মাৰ্চত কলিয়াবৰৰ সমীপত, আধুনিক অসম ৰাজ্যত অৱস্থিত ব্ৰহ্মপুত্ৰ নদীত এই যুদ্ধ সংঘটিত হৈছিল।