হাড়িয়া মণ্ডলক (স্থানভেদে হাৰিয়া মণ্ডল বা হাৰিয়া মেছ) অসমৰ কোচ ৰাজবংশীসকলৰ আদি পুৰুষ বুলি গণ্য কৰা হয়৷ জনামতে তেওঁ বৰ্তমানৰ গোৱালপাৰা জিলাৰ খুণ্টাঘাট পৰগনাৰ চিকনগ্ৰাম নামৰ গাঁৱৰ বাসিন্দা আছিল৷১
চমুজীৱনী
হাড়িয়া মণ্ডলৰ দেউতাকৰ নাম দম্বাম্বু মেছ। তেওঁলোক মেছ বা কোঁচংশী মানুহ। হাজো নামৰ কামৰূপৰ এক অংশৰ এজন সৰু শাসনকৰ্তাই জীয়েক হীৰা আৰু জীৰালৈ হাড়িয়া মণ্ডলক চপাই আনে। হীৰা আৰু জীৰাৰ পৰা ক্ৰমে বিশু আৰু শিশু নামৰ দুটি পুত্ৰৰ জন্ম হয়।২
হাড়িয়া মণ্ডল তেওঁৰ গাওঁ চিকনগ্ৰামৰ বাৰ ঘৰ মেচ বা কোচ পৰিয়ালৰ ওপৰত মণ্ডল হিচাপে নিযুক্ত হৈছিল৷ এই সময়ছোৱাত তেওঁৰ ফুলগুৰিৰ ভূঞাসকলৰ সৈতে সংঘৰ্ষ হয় আৰু তেওঁক ভূঞাসকলে কিছুদিন বন্দী কৰি থয়৷ পৰৱৰ্ত্তী কালত তেওঁ ভূঞাৰ বশ্যতা স্বীকাৰ কৰে আৰু বছৰেকীয়া কৰ পৰিশোধ কৰিবলৈ বাধ্য হয়৷১
হাড়িয়া মণ্ডলৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বিশ্ব সিংহৱে মণ্ডল পদ লাভ কৰে আৰু ভূঞাসকলক আক্ৰমণ কৰি দমন কৰিবলৈ সক্ষম হয়৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাড়িয়া মণ্ডল” প্ৰবন্ধৰ সংশোধন ২১৩১৯৮ (১৭ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।