অসমৰ ইতিহাস
১০০ প্ৰবন্ধ
-
ব্ৰহ্মপাল
ব্ৰহ্মপাল (Brahma Pala) হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল। এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল।
-
কমতাপুৰ
কমতাপুৰ ৰাজ্য (কামতাপুৰ বুলিও কোৱা হয়) ত্ৰয়োদশ শতিকাত পাল ৰাজবংশৰ পতনৰ পাছত পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম অংশত গঠিত হৈছিল। কমতা ৰাজ্যৰ উত্থানৰ লগে লগে অসম বুৰঞ্জীৰ প্ৰাচীন যুগ শেষ হয় আৰু মধ্য যুগ আৰম্ভ হয়। এই অঞ্চলৰ শেষ শাসক আছিল খেন বংশ।
-
আহোম-মোগলৰ সংঘৰ্ষ
আহোম-মোগলৰ সংঘৰ্ষ বুলিলে আহোম ৰাজ্যত প্ৰথমবাৰ ১৬১৫ চনত হোৱা মোগলৰ আক্ৰমণৰ পৰা ১৬৮২ চনৰ শেষ ৰণ অৰ্থাৎ ইটাখুলিৰ যুদ্ধলৈকে গোটেই সময়ছোৱাকে সামৰি লোৱা হয়। এই সময়ছোৱাত দুয়োপক্ষৰে সলনা-সলনিকৈ ক্ষমতা লাভৰ লগতে কোচ হাজোৰ পতন দেখা যায়।
-
কানাই বৰশী বোৱা শিলালিপি
অসমীয়া লিপি উত্তৰ পূব ভাৰত কামৰূপ ৰাজ্যৰ এটা স্বতন্ত্ৰ্য লিপি। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্দ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ।
-
তাম্ৰেশ্বৰী মন্দিৰ
তাম্ৰেশ্বৰী মন্দিৰ বা কেঁচাই খাইতি শাল অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত এক ঐতিহাসিক মন্দিৰ। অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াৰ পৰা প্ৰায় ১৮ কিঃমিঃ নিলগত বৰ্তমান এই মন্দিৰৰ ধ্বংসাৱশেষ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত। এই মন্দিৰ তাম্ৰেশ্বৰী বা কেঁচাই খাইতি দেৱীলৈ উছৰ্গিত।
-
ভীষ্মক
ভীষ্মক (भीष्मक), আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা। তেওঁক “হিৰণ্যৰমন” বুলিও জনা যায়। তেওঁৰ ৰাজধানীৰ নাম কুণ্ডিন নগৰ আছিল। বৰ্তমানৰ শদিয়াতে আগৰ কুণ্ডিল নগৰ আছিল বুলি মানুহে বিশ্বাস কৰে যদিও বিদৰ্ভ ৰাজ্যৰ ৰাজধানী কুণ্ডিনাপুৰ মহাৰাষ্ট্ৰত অৱস্থিত।
-
ভূতি বৰ্মা
ভূতি বৰ্মা (Bhuti Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ অষ্টমজন ৰজা আছিল। এওঁ ৫১৮ খ্ৰীষ্টাব্দৰ পৰা ৫৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ বিজনানাৱতীক (Vijnanavati) বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা ভূতি বৰ্মাৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
প্ৰাগজ্যোতিষপুৰ ৰাজ্য
পৌৰাণিক যুগত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ ৰাজ্য আছিল। তাৰ পাছত ই লাহে লাহে কামৰূপ নামেৰে জনাজাত হয়। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজত্ব কৰিবলৈ লোৱাৰে পৰা কামৰূপ ৰাজ্য সকলোৰে মাজত অসম নামেৰে পৰিচিত হ’বলৈ ধৰে।
-
বব্ৰুবাহন
বব্ৰুবাহন মণিপুৰ ৰাজ্যৰ ৰাজকন্যা চিত্ৰাংগদা আৰু তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুতেক আছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যেতিয়া পঞ্চপাণ্ডৱে হস্তিনাপুৰত ৰাজত্ব কৰিছিল, তেতিয়া বব্ৰুবাহনে মণিপুৰত ৰাজত্ব কৰিছিল। তেওঁ পাণ্ডৱৰ অশ্বমেধ ঘোঁৰা বন্দী কৰি থৈ পিতৃ অৰ্জুনৰ লগত যুদ্ধ কৰি অৰ্জুনক পৰাস্ত কৰে।
-
বিশ্বনাথ ক্ষেত্ৰ
বিশ্বনাথ ক্ষেত্ৰ বিশ্বনাথ চাৰিআলি নগৰৰ পৰা প্ৰায় ১০ কি:মি: দক্ষিণে অৱস্থিত এখন প্ৰাচীনতম পবিত্ৰ স্থান। বিশ্বনাথ ক্ষেত্ৰত থকা বিভিন্ন শিলৰ গাঁত বিলাকে প্ৰমাণ কৰে যে আদিম কালত ই আছিল অষ্ট্ৰিক সকলৰ বাসস্থান।
-
ৰিক খ্বন
ৰিক খ্ৱন (ইংৰাজী ভাষা:Rik Khwan)হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মৰধৰ্মীয় অনুষ্ঠান। ইয়াত খ্ৱন নামৰ বিশেষ শক্তি (সাধাৰণতে দীৰ্ঘ আয়ুস বুলি ধৰা হয়) স্মৰণ কৰা হয় যিটো চীন, শান,থাইলেণ্ড আৰু লাওছৰ তাঈ সকলৰ মাজতো দেখা যায়।
-
কল্যাণ বৰ্মা
কল্যাণ বৰ্মা (Kalyana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ চতুৰ্থজন ৰজা আছিল। এওঁ বল বৰ্মা আৰু ৰত্নাৱতীৰ পুত্ৰ আছিল। এওঁ ৪২২ খ্ৰীষ্টাব্দৰ পৰা ৪৪৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ গন্ধৰ্বৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত গণপতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
নীতিপাল
নীতিপাল চুতীয়া ৰাজবংশৰ শেষৰজন ৰজা আছিল। পূৰ্বতে তেওঁৰ নাম নিতাই আছিল। নিতাই এটা সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা আছিল। অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপালে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল। এদিন ৰজা ফুৰিবলৈ যাওঁতে ‘পাল শৱদিয়া মৈদাম’ৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে।
-
মহেন্দ্ৰ বৰ্মা
মহেন্দ্ৰ বৰ্মা (Mahendra Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ষষ্ঠজন ৰজা আছিল। এওঁ গণপতি বৰ্মা আৰু য়াজিয়াৱতীৰ পুত্ৰ আছিল। এওঁ ৪৭০ খ্ৰীষ্টাব্দৰ পৰা ৪৯৪ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ সুব্ৰতাক বিয়া কৰইছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ নাৰায়ণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
অসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকা
ইতিহাস ৰচনাৰ সমল হিচাপে তাম্ৰ আৰু শিলালিপি সমূহৰ গুৰুত্ব আছে। অসমত বৰ্তমানলৈ ঊনচল্লিছখন লিপি আৱিষ্কৃত হৈছে। এই তালিকাত উদ্ধাৰ হোৱা শিলা আৰু তাম্ৰলিপিসমূহৰ তালিকা কৰি ৰখা হৈছে।
-
উমাচল শিলালিপি
উমাচল শিলালিপি অসমত বৰ্তমানলৈ উদ্ধাৰ হোৱা দ্বিতীয়খন পুৰণি শিলালেখ, সময় পঞ্চম শতিকাৰ শেষভাগ। লিপি খন ১৯৫৫ চনত উদ্ধাৰ হৈছে। গুৱাহাটীৰ নীলাচল পাহাৰৰ উত্তৰ-পূৱ কোনত পোৱা গৈছে। এজোপা পুৰণি বট গছ উভলী পৰাত এই লিপিখন দৃষ্টিগোচৰ হৈছিল।
-
গণপতি বৰ্মা
গণপতি বৰ্মা (Ganapati Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ পঞ্চমজন ৰজা আছিল। এওঁ কল্যাণ বৰ্মা আৰু গন্ধৰ্বৱতীৰ পুত্ৰ আছিল। এওঁ ৪৪৬ খ্ৰীষ্টাব্দৰ পৰা ৪৭০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁ য়াজিয়াৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত মহেন্দ্ৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ঘিলাধাৰী ঘাটৰ সন্ধি
ঘিলাঝাৰি ঘাটৰ সন্ধি মোগল সম্ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত স্বাক্ষৰিত হোৱা সন্ধি। ১৬৬৩ চনৰ ২৩ জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলায়ে শিৱসাগৰৰ তিপামৰ ওচৰৰ ঘিলাঝাৰি ঘাট নামে ঠাইত এই সন্ধিত স্বাক্ষৰ কৰিছিল।
-
জোঙাল বলহু
জোঙাল বলহু (Jungal Balahu); ১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল। ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। জোঙাল বলহু গড়ত তেওঁৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
-
পূৰ্ববংগ আৰু অসম
পূৰ্ববংগ আৰু অসম (পূৰ্ববঙ্গ ও আসাম; Eastern Bengal and Assam) ১৯০৫ৰ পৰা ১৯১২লৈ ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক ভাগ (প্ৰদেশ) আছিল। প্ৰদেশখনৰ ৰাজধানী আছিল ঢাকা। বৰ্তমানৰ বাংলাদেশ, উত্তৰ-পূব ভাৰত আৰু পশ্চিমবংগৰ উত্তৰ অংশক সামৰি এই প্ৰদেশ গঠন কৰা হৈছিল।
-
বল বৰ্মা
বল বৰ্মা (Bala Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰ বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী আছিল। তেওঁৰ পিছত কল্যাণ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ভীষ্মকনগৰ
ভীষ্মকনগৰ (কুণ্ডিলনগৰ ৰূপেও জনাজাত) উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত এক প্ৰত্নতাত্ত্বিক ঐতিহ্যমূলক স্থান। ভীষ্মকনগৰ নামনি দিবাং উপত্যকা জিলাৰ ৰ'ইঙত অৱস্থিত। অসমৰ চুতীয়া ৰাজ্যৰ ইতিহাস বিজড়িত এই ঠাই প্ৰত্নতাত্ত্বিক দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।
-
স্থিত বৰ্মা
স্থিত বৰ্মা (Sthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ ৰজা আছিল। এওঁ চন্দ্ৰমুখা বৰ্মা আৰু ভগাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৬৬ খ্ৰীষ্টাব্দৰ পৰা ৫৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ নয়নাদেৱীক বিয়া কৰাইছিল। তেওঁৰ পিছত সুষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
ৰত্নধ্বজপাল
ৰত্নধ্বজপাল চুতীয়া ৰজাসকলৰ মাজত এজন উল্লেখযোগ্য ৰজা আছিল। তেওঁ ৰজা হোৱাৰ সময় প্ৰায় ১২৪৪ খ্ৰীষ্টাব্দ। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপালৰ ৰাণীয়ে ৰূপৱতীয়ে হেনো কুবেৰৰ পূজা কৰি এটি পুত্ৰ সন্তান লাভ কৰে। তেওঁৰ নাম গৌৰনাৰায়ণ আছিল।
-
অসুৰৰ আলিৰ সন্ধি
অসুৰৰ আলিৰ সন্ধি ১৬৩৯ চনৰ ফেব্ৰুৱাৰী মাহত মোগল সম্ৰাজ্যৰ ফৌজদাৰ আল্লাহ য়াৰ খান আৰু আহোম ৰাজ্যৰ মোমাই তামুলী বৰবৰুৱাৰ মাজত স্বাক্ষৰিত হৈছিল। ১৬১৫ চনৰপৰা কেইবাবাৰো মোগলে আহোমক আক্ৰমণ কৰি অসম নিজৰ অধীনলৈ আনিবলৈ কৰা বিফল চেষ্টাৰ পিছত ১৬৩৮ চনৰ নৱেম্বৰ মাহত দুইমুনিশিলা যুদ্ধত মোগল আহোমৰ হাতত বেয়াকৈ…
-
চন্দ্ৰমুখ বৰ্মা
চন্দ্ৰমুখ বৰ্মা (Chandramukha Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ নৱমতম ৰজা আছিল। এওঁ ভূতি বৰ্মা আৰু বিজনানাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৪২খ্ৰীষ্টাব্দৰ পৰা ৫৬৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ ভগাৱতীক বিয়া কৰাইছিল। তেওঁৰ পিছত স্থিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধ
চুতীয়া–আহোম ৰাজ্যৰ যুদ্ধসমূহ আছিল উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত চুতীয়া ৰাজ্য আৰু আহোম ৰাজ্যৰ মাজত সংঘটিত এক শৃংখল সামৰিক সংঘাত, যাৰ পৰিণতিত চুহুংমুংৰ শাসনকালত চুতীয়া ৰাজ্য আহোমসকলৰ দ্বাৰা বিজিত হয়।
-
নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি
নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি (Nagajari-Khanikargaon rock inscription) অসমৰ গোলাঘাট জিলাৰ নগাজৰী-খনিকৰ গাঁও অঞ্চলত উদ্ধাৰ কৰা পঞ্চম শতিকাৰ শিলালিপি। ভূমি অনুদান হিচাপে খোদিত শিলালিপিখন খণ্ডিত ৰূপত পোৱা গৈছে। এইখন পূৰ্ব প্ৰকাৰৰ ব্ৰাহ্মী লিপিৰে সংস্কৃত ভাষাত লিখা হৈছে।
-
নাৰায়ণ বৰ্মা
নাৰায়ণ বৰ্মা (Narayana Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰ বৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ভূতি বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।
-
নিধানপুৰ তাম্ৰলিপি
নিধানপুৰ তাম্ৰলিপি বা নিধানপুৰ তাম্ৰশাসন (Nidhanpur copperplate inscription) সপ্তম শতিকাৰ কামৰূপ ৰাজ্যৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত জাৰি কৰা তামৰ ফলিত খোদিত তাম্ৰলিপি বা তাম্ৰশাসন।