অসমৰ ইতিহাস
১০০ প্ৰবন্ধ
-
চুবেদাৰ ৰূপসিং
চুবেদাৰ ৰূপসিং চুবেদাৰ ৰূপসিং আছিল ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন হিন্দুস্থানী চিপাহী। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহক সহায় কৰাৰ উদ্দেশ্যেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়া কেপ্তেইন ৱেলছৰ তত্বাৱধানত কিছুমান ইংৰাজ চিপাহী আৰু কিছুমান দেশীয় চিপাহী মোৱামৰীয়া বিদ্ৰোহ দমন…
-
দৰবাৰ হাউছ শিলালিপি
দৰবাৰ হাউছ শিলালিপি ১৬৬০ শক (১৭৩৮ খ্ৰীষ্টাব্দত) খোদিত হৈছিল, য’ত বৰফুকনৰ দৰবৰ (কাৰ্যালয়)-ৰ দক্ষিণ জয়াদুৱাৰ নিৰ্মাণৰ ঘটনা তৰুণ দুৱৰা বৰফুকনৰ পৰ্যবেক্ষণত আৰু শিৱ সিংহৰ আদেশত কৰা হৈছিল বুলি লিখিত আছে।
-
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ
নামজানী বৰফুকনৰ বিজয় শিলালিপি স্তম্ভ বা বৰফুকনৰ জয়স্তম্ভ, এটা শিলালিপি-স্তম্ভ, য’ত আহোম সেনাৰ ১৬৬৭ খ্ৰীষ্টাব্দত গুৱাহাটী জয়ৰ ঘটনা খোদিত কৰা হৈছে। এই লিপিত নামজানী বৰফুকন বা লাচিত বৰফুকনৰ গুণৰ বৰ্ণনা কৰা হৈছে, যি বৰবৰুৱাৰ পুত্ৰ আছিল।
-
পাৰ্হিদোলা
দোলা সৰ্বভাৰতীয় শব্দ। সংস্কৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। মধ্যযুগত আহোম স্বৰ্গদেউ, ডা-ডাঙৰীয়া, সত্ৰাধিকাৰ, ৰাজবিষয়া প্ৰভৃতিৰ উপৰি আঢ্যৱন্ত লোকসকলে বিয়া-বাৰুৰ কালত দোলা ব্যৱহাৰ কৰাটো অপৰিহাৰ্য আছিল। সিবোৰৰ ভিতৰত আঁঠু ভঙা দোলা, ঢেকৰ লগোৱা দোলা, কেঁকোৰা দোলা, পাৰ্হি দোলা উল্লেখযোগ্য।
-
প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্য
অসমৰ প্ৰাক্ আহোম যুগৰ স্থাপত্যত কিৰাত সকলৰ স্থাপত্য আৰু আৰ্য গোষ্ঠীয়ে সকলৰ স্থাপত্যৰ এটা ৰূপ দেখা যায়। মহাভাৰত আৰু কালিকাপুৰাণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসীসকলৰ ভিতৰত কিৰাতসকলেই সৰ্বপ্ৰাচীন বুলি উল্লেখ আছে।
-
মাজুলীৰ সন্ধি
মাজুলীৰ সন্ধি (১৫৬৩, ইংৰাজী ভাষা:Treaty of Majuli) কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুখাম্ফাৰ মাজত স্বাক্ষৰিত হৈছিল। নৰনাৰায়ণৰ ভাতৃ আৰু কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্যত চলোৱা আক্ৰমণত আহোমৰ ৰাজধানী গড়গাঁৱৰ পতন হয়।
-
লুচাই অভিযান
লুচাই অভিযান (Lushai Expedition) ১৮৭১-৭২ চনত ব্ৰিটিছ ভাৰতীয় সেনাই কৰা এক আক্ৰমণমূলক অভিযান। জেনেৰেল ব্ৰন্ল' আৰু বুৰ্চিয়াৰে ইয়াৰ নেতৃত্ব লৈছিল। ইয়াৰ উদ্দেশ্য আছিল লুচাইসকলে অসমত আক্ৰমণ চলাই অপহৰণ কৰা ব্ৰিটিছ লোকসকলৰ উদ্ধাৰ। অপহৃত লোকৰ মাজত মেৰী ৱিন্চেষ্টাৰ নামৰ এক ছয়বছৰীয়া ছোৱালীও আছিল।
-
শদিয়া সৰ্প স্তম্ভ
শদিয়া সৰ্প স্তম্ভ, ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশৰ ঐতিহাসিক শদিয়া অঞ্চলত স্থাপিত এক প্ৰাচীন অষ্টকাতৰ শিল স্তম্ভ। এই স্তম্ভটো চুতীয়া ৰাজ্যৰ দিনত দিবাং আৰু দিক্ৰং নৈৰ মাজৰ এখন নগৰৰ মুখত আন কিছু ভগনাৱশেষৰ লগত দেখা পোৱা গৈছিল।
-
হৰদত্ত চৌধুৰী
হৰদত্ত চৌধুৰী (Haradatta Choudhury) এগৰাকী বিদ্ৰোহী আছিল। তেওঁক বন্দী কৰি হত্যা কৰা আগলৈকে তেওঁ উত্তৰ কামৰূপত অতিশয় অত্যাচাৰ চলোৱা বৰকান্দাজ সেনাৰ সহায়ত আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
-
২০২৫ চনৰ অসম খনিৰ ঘটনা
২০২৫ চনৰ ৬ জানুৱাৰীত ভাৰতৰ অসমৰ ডিমা হাছাও জিলাৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰে খনিকৰৰ দল এটা। ওচৰৰ অব্যৱহৃত খনিৰপৰা পানী ওলাই অহাত তেওঁলোক আবদ্ধ হৈ পৰে।