অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

অসমৰ ছপাশাল

আমেৰিকাৰ মিছনেৰী সকলৰ উদ্যোগত অসমীয়া ভাষাত ছপাগ্ৰন্থ প্ৰকাশৰ আৰম্ভণি হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মা অনূদিত অসমীয়া বাইবেল (নতুন নিয়ম: The New Testament) প্ৰথম অসমীয়া ভাষাৰ ছপাগ্ৰন্থ। এই গ্ৰন্থখন শ্ৰীৰামপুৰৰ মিছনেৰী ছপাশালত মুদ্ৰণ কৰা হৈছিল।

হালনাগাদ: ৩১ মে’ ২০২১ ২২৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আমেৰিকাৰ মিছনেৰী সকলৰ উদ্যোগত অসমীয়া ভাষাত ছপাগ্ৰন্থ প্ৰকাশৰ আৰম্ভণি হয়। ১৮১৩ চনত আত্মাৰাম শৰ্মা অনূদিত অসমীয়া বাইবেল (নতুন নিয়ম: The New Testament) প্ৰথম অসমীয়া ভাষাৰ ছপাগ্ৰন্থ। এই গ্ৰন্থখন শ্ৰীৰামপুৰৰ মিছনেৰী ছপাশালত মুদ্ৰণ কৰা হৈছিল। ইয়াৰ পাছতে ১৮৪০ চনত মিছনেৰী সকলে অসমৰ শিৱসাগৰত এটা ছপাশাল প্ৰতিষ্ঠা কৰে। এই ছপাশালৰ বাবে আখৰৰ নমুনা তৈয়াৰ কৰিছিল পঞ্চানন কৰ্মকাৰ নামৰ জলপাইগুৰিৰ এজন শিল্পীয়ে। এই ছপাশালৰ পৰাই ১৮৪৬ চনত প্ৰথম অসমীয়া আলোচনী অৰুণোদই ছপা হৈ ওলায়।১

তথাপিও ইয়াৰ পৰবৰ্তী পৰ্যায়ত জোনাকী যুগৰ পৰা, অসমীয়া পুথি প্ৰকাশন কলিকতাৰ ছপাশাল বিলাকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। অসমত ছপাশাল থকা স্বত্বেও ছপাৰ মান আৰু ছপাৰ খৰচৰ হিচাপত কলিকতাৰ ছপাশালত অসমীয়া পুথি ছপা কৰাবলৈ প্ৰকাশক সকলে আগ্ৰহ প্ৰকাশ কৰিছিল। এই সময়ছোৱাত কলিকতাৰ "সৰস্বতী প্ৰেছ", "লক্ষ্মী জনাৰ্দন প্ৰেছ", "গিৰিপ্ৰিণ্ট চাৰ্ভিচ", "শ্ৰমিক প্ৰেছ", "শান্তনু প্ৰিণ্টাৰ্চ", "ঊষা প্ৰেছ", "স্বপ্না প্ৰিণ্টিং", "নৱজীৱন প্ৰেছ", "বীণাপানি প্ৰেছ", "দাস প্ৰেছ", "পুৰ্বোদয় প্ৰেছ", "আদ্যাশ্ৰী প্ৰেছ", "নৱগৌৰাংগ প্ৰেছ" আদিত বহুতো উল্লেখযোগ্য অসমীয়া পুথি ছপা কৰা হৈছিল।১

আশীৰ দশকৰ শেষৰ ফালৰ পৰা কিছু অসমীয়া উদ্যোগী লোকৰ প্ৰচেষ্টাত অসমত ছপাশালসমূহত উন্নত মানৰ ছপা কাম কৰা সম্ভৱ হৈ উঠে। ইতিমধ্যে ডি.টি.পি. আৰু অফচেট ব্যৱস্থাৰ আগমনে ছপাশালৰ কাৰিকৰী দিশটো বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰে। কম খৰচত উন্নত মানৰ ছপা কাৰ্য সম্ভৱ হৈ উঠে। প্ৰথম অৱস্থাত গুৱাহাটী কেন্দ্ৰিক হলেও বৰ্তমান অসমৰ সকলো মুখ্য চহৰতে উন্নত ছপা সুবিধা উপলব্ধ হৈছে। অসমৰ কেইটামান আগশাৰীৰ ছপা প্ৰতিষ্ঠান হ'ল "শ্ৰীগুৰু প্ৰেছ", "শৰাইঘাট অফচেট প্ৰেছ", "পুৰ্বাঞ্চল প্ৰিণ্টাৰ্চ", "ভৱানী অফচেট এণ্ড ইমেজিং চিষ্টেমচ", 'অৰুণোদয় প্ৰেছ", "হেমকোষ ষ্টেচনাৰ্চ" ইত্যাদি।১

তথ্যসূত্ৰ

  1. ↑ "অসমৰ ছপাগ্ৰন্থ", ড॰ বসন্ত কুমাৰ ভট্টাচাৰ্য, নিয়মীয়া বাৰ্তা, ১৭ চেপ্টেম্বৰ, ২০১২

সম্পৰ্কিত শ্ৰেণী

অসমৰ ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ ছপাশাল” প্ৰবন্ধৰ সংশোধন ২৭৯৮০৮ (৩১ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।