এলা বালিন্সকা (ইংৰাজী ভাষা: Ella Balinska; জন্ম: ৪ অক্টোবৰ ১৯৯৬) এগৰাকী ইংৰাজ-আমেৰিকান অভিনেত্ৰী। তেওঁ একচন-কমেডী ছবি ‘চাৰ্লিছ এঞ্জেলছ’ (২০১৯) আৰু নেটফ্লিক্সৰ মূল ধাৰাবাহিক ‘ৰেচিডেণ্ট ইভিল’ (২০২২)-ত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বালিন্সকাৰ জন্ম ১৯৯৬ চনৰ ৪ অক্টোবৰত লণ্ডনত হৈছিল। তেওঁ পোলেণ্ডৰ সংগীতজ্ঞ১ তথা উদ্যোগী কাজ বালিন্সকী জুন্দজিল আৰু জামাইকান-ব্ৰিটিছ ৰান্ধনী লৰেইন পাস্কেলৰ কন্যা।২৩৪ তেওঁ নিজৰ পটভূমিক ব্ৰিটিছ, পোলেণ্ড আৰু কেৰিবিয়ানৰ মিশ্ৰণ বুলি বৰ্ণনা কৰিছে।৫ ২০০০ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।৩ তেওঁৰ পিতৃয়ে মডেল ছোফী এণ্ডাৰটনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে।৬
বালিন্সকাই কাউণ্টি পৰ্যায়ত নেটবল খেলিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৭ তেওঁ ‘টিম লণ্ডন’ৰ হৈ যাঠী নিক্ষেপকাৰী (javelin thrower) আছিল।৮ তেওঁ ডালউইচৰ জেমছ এলেনছ গাৰ্লছ স্কুলত পঢ়া-শুনা কৰিছিল আৰু ২০১৫ চনত চিকউইকৰ আৰ্টছ এডুকেশ্যনেল স্কুলত (ArtsEd) শিক্ষা গ্ৰহণ কৰিবলৈ স্কুল এৰিছিল।৯ ইয়াৰ পিছত তেওঁ গিল্ডফৰ্ড স্কুল অৱ এক্টিঙত প্ৰশিক্ষণ গ্ৰহণ কৰে।১০ কামৰ বাবে ২০১৮ চনত নিজৰ অন্তিম ষাণ্মাসিকৰ সময়ছোৱাত তেওঁ শিক্ষা আধাতে এৰিছিল যদিও ২০২০ চনত পুনৰ উভতি আহি ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু ২০২১ চনত আনুষ্ঠানিকভাৱে অভিনয়ত কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।১১ তেওঁৰ নামত ‘এলা বালিন্সকা স্কলাৰশ্বিপ’ প্ৰতিষ্ঠা কৰা হৈছে।১২
কৰ্মজীৱন
২০১৭ চনত বালিন্সকাই ‘স্কাই কিডছ’ ধাৰাবাহিক ‘দ্য এথেনা’ (২০১৯)-ত ন্যয়েলা মালিকৰ মুখ্য চৰিত্ৰত অভিনয়ৰ সুযোগ লাভ কৰে।১৩ তেওঁ ক্ৰিষ্টেন ষ্টুৱাৰ্ট আৰু নাওমি স্কটৰ সৈতে একচন কমেডী ছবি ‘চাৰ্লিছ এঞ্জেলছ’-ত অভিনয় কৰিছিল। এই ছবিখন ১৯৭৬ চনৰ একে নামৰ টেলিভিছন ধাৰাবাহিক আৰু পূৰ্বৰ দুখন চলচ্চিত্ৰৰ ধাৰাবাহিকতা ৰক্ষা কৰি নিৰ্মাণ কৰা হৈছিল।১৪ ২০১৯ চনৰ নৱেম্বৰ মাহত মুক্তি পোৱা ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।১৫১৬
বালিন্সকাই থ্ৰিলাৰ ছবি ‘ৰান চুইটহাৰ্ট ৰান’-ত অভিনয় কৰিছিল, যাৰ প্ৰিমিয়াৰ ২০২০ চনৰ ছাণ্ডেন্স ফিল্ম ফেষ্টিভেলত হৈছিল।১৭ তেওঁ একে নামৰ ভিডিঅ' গেম শৃংখলাৰ ওপৰত আধাৰিত নেটফ্লিক্সৰ লাইভ-একচন ধাৰাবাহিক ‘ৰেচিডেণ্ট ইভিল’-তো অভিনয় কৰিছিল। ই ২০২২ চনৰ জুলাই মাহত মুক্তি পাইছিল।১৮ বালিন্সকাই একচন ৰোল-প্লেয়িং ভিডিঅ' গেম ‘ফৰস্পোকেন’-ৰ মুখ্য চৰিত্ৰ ফ্ৰে হলাণ্ডৰ চৰিত্ৰটো ৰূপায়ণ কৰাৰ লগতে কণ্ঠদান কৰিছিল।১৯ তেওঁক ‘দ্য অকুপেণ্ট’ নামৰ এখন কল্পবিজ্ঞান থ্ৰিলাৰ ছবিত দেখা পোৱা যাব।২০
২০২২ চনত বালিন্সকাই ডিজে হিচাপে কাম কৰাৰ লগতে টেকনো সংগীত প্ৰযোজনা কৰিবলৈ আৰম্ভ কৰে।২১২২
ব্যক্তিগত জীৱন
বালিন্সকা অলাভজনক সংস্থা ‘ব্ৰিটিছ ফেশ্বন কাউন্সিল’ৰ এগৰাকী সমৰ্থক।২৩
তথ্যসূত্ৰ
- ↑ Cocozza, Paula. (2016-11-29). 'I've ridden camels in fashion shoots' – Lorraine Pascale on the moments that made her. The Guardian
- ↑ McGrath, Nick. (22 January 2011). Lorraine Pascal: Baking Cakes. The Guardian
- ↑ Wagner, Kate. (27 July 2018). Everything You Need To Know About 'Charlie's Angels' Star, Ella Balinska. Elle Australia
- ↑ Walsh, Savannah. (12 October 2019). Everything You Need To Know About Ella Balinska, The Newest Charlie's Angel. Elle
- ↑ (15 November 2019). Kristen Stewart, Naomi Scott, and Ella Balinska Answer the Web's Most Searched Questions WIRED
- ↑ Cope, Rebecca. (9 August 2021). '90s It girl Sophie Anderton marries Count Kaz Balinski-Jundzill. Tatler
- ↑ Fernandez, Alexia. (27 June 2019). Charlie's Angels Are Back! Everything to Know About Stars Naomi Scott and Ella Balinska. People
- ↑ Davids, Ballon. (18 November 2019). 'Charlie's Angels' Star Ella Balinska on Intense Training and Her Catwoman Audition. The Hollywood Reporter
- ↑ Alumni Gallery. ArtsEd
- ↑ Marks, Olivia. (16 November 2019). High Kicks And High Fashion – Meet 'Charlie's Angels' Ella Balinska, Hollywood's Hottest New Recruit. British Vogue
- ↑ (8 October 2020). The Ella Balinska Scholarship 2021. GSA
- ↑ (12 October 2020). GSA announces new Ella Balinska Scholarship 2021. University of Surrey
- ↑ *Pledbrook, Pledbrook. Nyela's Dream. Bryncoed Productions *(BAFTA, TV. (13 September 2017). Behind The Scenes Of Nyela's Dream. YouTube
- ↑ (27 July 2018). New generation of Charlie's Angels revealed as Kristen Stewart and two rising English stars. The Daily Telegraph
- ↑ Bukszpan, Daniel. (23 November 2019). Why this November's big movie releases have been flopping at the box office. CNBC
- ↑ (13 November 2019). Charlie's Angels: What did the critics think?. BBC News
- ↑ Valenti, Lauren. (28 January 2020). How Ella Balinska Got Ready for Her "Run Sweetheart Run" Premiere at Sundance. Vogue
- ↑ Bologna, Caroline. (18 July 2022). The Most Popular Shows On Netflix Right Now Besides 'Resident Evil'. HuffPost
- ↑ Oddo, Marco Vitto. (18 March 2021). 'Forspoken' Trailer Teases the Square Enix Game Formerly Known as 'Project Athia'. Collider
- ↑ Wiseman, Andreas. (8 September 2021). Ella Balinska To Star In Sci-Fi Thriller 'The Occupant', Pic Gets Epic Games Grant — TIFF. Deadline Hollywood
- ↑ (1 Nov 2023). UTA: Music Representation
- ↑ BBC Radio 1 - Pete Tong, Rebūke. BBC
- ↑ (4 June 2021). "I Know What It Feels Like To Just Want To Be Able To Run": Ella Balinska On Her Role As The BFC's New Patron. British Vogue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলা বালিন্সকা” প্ৰবন্ধৰ সংশোধন ৬০৩২৬৬ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।