অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰিনা ষ্টাৰচেনবাম

ইৰিনা ভ্লাদিমিৰোভনা ষ্টাৰচেনবাম (ইংৰাজী: Irina Vladimirovna Starshenbaum; জন্ম: ৩০ মাৰ্চ ১৯৯২) এগৰাকী ৰাছিয়ান অভিনেত্ৰী। টি-৩৪ (চলচ্চিত্ৰ)|টি-৩৪ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টিইএফআই (TEFI) বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত গ’ল্ডেন ইগল বঁটা (ৰাছিয়া)|গ’ল্ডেন ইগল…

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইৰিনা ভ্লাদিমিৰোভনা ষ্টাৰচেনবাম (ইংৰাজী: Irina Vladimirovna Starshenbaum; জন্ম: ৩০ মাৰ্চ ১৯৯২) এগৰাকী ৰাছিয়ান অভিনেত্ৰী। টি-৩৪ (চলচ্চিত্ৰ)|টি-৩৪ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ টিইএফআই (TEFI) বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত গ’ল্ডেন ইগল বঁটা (ৰাছিয়া)|গ’ল্ডেন ইগল বঁটাৰ বাবে মনোনীত হৈছিল।১

জীৱনী

তেওঁ মস্কো ষ্টেট ইউনিভাৰ্ছিটি অফ প্ৰিণ্টিং আৰ্টছৰ মিডিয়া বিজনেছ আৰু পাব্লিক ৰিলেচন বিভাগৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ২০১৩ চনৰপৰা তেওঁ অভিনয় জীৱন আৰম্ভ কৰে। ২০১৭ চনত তেওঁ ফিচাৰ ফিল্মত আত্মপ্ৰকাশ কৰে। তেওঁ ফিঅ'ডৰ বোনডাৰচুকৰ কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ এট্ৰাকচনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনত ভিক্টৰ চই আৰু মাইক নৌমেংকোৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মিত কিৰিল চেৰেব্ৰেনিকভৰ ছবি লেটো মুক্তি পায়, য’ত ইৰিনাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১৮ চনৰ শীতকালত অন্যান্য অভিনেতা আৰু সংগীতজ্ঞসকলৰ সৈতে মিলি তেওঁৰ নেতৃত্বত ৰাষ্ট্ৰপতি পুটিনলৈ এক সামূহিক ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি পশু অধিকাৰ সুৰক্ষা আইন গৃহীত কৰিবলৈ অনুৰোধ জনাইছিল।২ ২০২৩ চনত তেওঁ মাইকেল উইণ্টাৰবটমৰ ছবি শশানা ৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ইংৰাজী ভাষাৰ ছবিত অভিনয় কৰে। ইয়াত তেওঁ সমাজবাদী জীয়নবাদৰ অন্যতম প্ৰতিষ্ঠাপক বেৰবোৰোচভৰ কন্যা শশানা বোৰোচভৰ চৰিত্ৰত অভিনয় কৰিছে।৩৪

ব্যক্তিগত জীৱন

এট্ৰাকচন চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ পিছত তেওঁ অভিনেতা আলেকজেণ্ডাৰ পেট্ৰোভ (অভিনেত্ৰী)|আলেকজেণ্ডাৰ পেট্ৰোভৰ সৈতে প্ৰেমৰ সম্পৰ্কত আবদ্ধ হয়। ২০১৭ চনত তেওঁলোকে আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হোৱা বুলি ঘোষণা কৰিছিল, কিন্তু ২০১৯ চনত তেওঁলোকৰ মাজত বিচ্ছেদ ঘটে।৫৬ তেওঁ এগৰাকী ইহুদী ধৰ্মাৱলম্বী মহিলা।৭

তথ্যসূত্ৰ

  1. ↑ КиноПоиск. Александр Петров опять соревнуется с собой в номинациях на «Золотого орла»
  2. ↑ Дакота, Броневицкая и Старшенбаум обратились к президенту
  3. ↑ Shoshana: ‘It’s not even-handed when it comes to depicting Jewish victims of violence’ The Jewish Chronicle. 22 February 2024
  4. ↑ ‘Shoshana’ Review: A Troubled Love Story Set Against the British Mandate in Palestine Variety. 17 September 2023
  5. ↑ Фёдор Бондарчук был против романа Петрова и Старшенбаум. // Собеседник
  6. ↑ Петров женится на Старшенбаум. // Дни.ру
  7. ↑ Irina Starshenbaum. ASPIPG

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰিনা ষ্টাৰচেনবাম” প্ৰবন্ধৰ সংশোধন ৬০১৯৮২ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।