অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

ৱিকিপিডিয়া বট

ৱিকিপিডিয়া বট (Wikipedia bots) একপ্ৰকাৰৰ ইণ্টাৰনেট বট যি স্বয়ংক্ৰিয় বা অৰ্ধ-স্বয়ংক্ৰিয় ভাবে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য পুনৰাবৃত্তিমূলক সম্পাদনাসমূহ কৰে। ৱিকিপিডিয়াত মানুহৰ বাবে কৰা অত্যন্ত দুৰূহ আৰু সময় অপব্যয়ক কাৰ্য সম্পাদন কৰিবলৈ বট ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৩ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৱিকিপিডিয়া বট (Wikipedia bots) একপ্ৰকাৰৰ ইণ্টাৰনেট বট যি স্বয়ংক্ৰিয় বা অৰ্ধ-স্বয়ংক্ৰিয় ভাবে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য পুনৰাবৃত্তিমূলক সম্পাদনাসমূহ কৰে। ৱিকিপিডিয়াত মানুহৰ বাবে কৰা অত্যন্ত দুৰূহ আৰু সময় অপব্যয়ক কাৰ্য সম্পাদন কৰিবলৈ বট ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে ৱিকিপেকিপেৰাৰ বিভিন্ন ভাষা সংস্কৰণত লাখ লাখ প্ৰবন্ধ সৃষ্টি কৰা এলএছজেবট।১ অসমীয়া ৱিকিপিডিয়াত সদস্য অন্তৰ্ভুক্তিৰ পিছত আদৰণিমূলক বাৰ্তা প্ৰেৰণ কৰিবলৈও ৱিকিতনবীৰবট ব্যৱহাৰ কৰা হয়।

কাৰ্যকলাপসমূহ

সৰল আৰু পুনৰাবৃত্তি কৰিবলগীয়া কাম যেনে সচৰাচৰ ভুল বানান আৰু সজ্জাৰ সমস্যা সংশোধন কৰিবলৈ, বা পৰিসাংখ্যিক তথ্যৰ পৰা মানক বিন্যাসত ভূগোল প্ৰবিষ্টি আৰম্ভ কৰিবলৈ ইণ্টাৰনেট বট নামৰ কম্পিউটাৰ প্ৰ'গ্ৰামবোৰ প্ৰায়ে ব্যৱহাৰ কৰা হয়।২৩৪ ৱিকিপিডিয়া বটৰ সৈতে প্ৰবন্ধ সৃষ্টি কৰা এজন বিতৰ্কিত অৱদানকাৰীয়ে কিছু দিনত ছুইডিছ ৱিকিপিডিয়াত ১০,০০০টা লৈকে প্ৰবন্ধ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে।৫ ইয়াৰ উপৰিও সাধাৰণ সম্পাদনা ত্ৰুটি কৰিলে সম্পাদকক স্বয়ংক্ৰিয়ভাৱে অধিসূচনা দিবলৈ বট প্ৰস্তুত কৰা হৈছে (যেনে অমিল উদ্ধৃতি বা অমিল উপধায়ক)।৬ বটসকলে নিষিদ্ধ সম্পাদকৰ কাম হিচাপে মিছাভাৱে চিনাক্ত কৰা সম্পাদনাসমূহ অন্যান্য সম্পাদকসকলে পুনৰুদ্ধাৰ কৰিব পাৰে। দ্ৰুততাৰে ধ্বংসপ্ৰৱণতা চিনাক্ত আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ এটা ধ্বংসপ্ৰৱণতা-প্ৰতিৰোধী বটৰ প্ৰগ্ৰাম ব্যৱহাৰ কৰা হয়।৩ বটসমূহে নিৰ্দিষ্ট একাউণ্ট বা আইপি ঠিকনা পৰিসৰৰ পৰা সম্পাদনা সূচিত কৰিবলৈ সক্ষম, যেনে:২০১৪ চনৰ জুলাই মাহত মালয়েছিয়া এয়াৰলাইনছ ফ্লাইট ১৭ ঘটনাত ৰুছ চৰকাৰে নিয়ন্ত্ৰণ কৰা আই পিৰ মাধ্যমেৰে সম্পাদনা কৰা হৈছিল।৭ সক্ৰিয়কৰণৰ আগতে ৱিকিপিডিয়াত বট অনুমোদিত হ'ব লাগিব। এণ্ড্ৰিউ লিহৰ মতে, ৱিকিপিডিয়াৰ বৰ্তমান লাখ লাখ সংখ্যক প্ৰবন্ধলৈ সম্প্ৰসাৰণ এনে বটৰ ব্যৱহাৰ অবিহনে কল্পনা কৰা কঠিন হলহেঁতেন।৮

বটৰ প্ৰকাৰ

বটসমূহে সম্পাদন কৰা কাৰ্যৰ ভিত্তিত ইহঁতক ভাগ কৰা হয়।৯১০ উল্লেখযোগ্য বটৰ প্ৰকাৰ সমূহ হ'ল:

  • সমল সৃষ্টি, যেনে প্ৰক্ৰিয়া সৃষ্টিকৰণ
  • ত্ৰুটি ঠিক কৰা, যেনে কপি সম্পাদনা বা লিংক ৰটৰ উল্লেখ
  • সংযোগকৰ্তা, যেনে হাইপাৰলিংকৰ সৈতে আন স্থানত সমলৰ সৈতে যোগ
  • লেবেলসমূহৰ সৈতে সমল টেগ কৰা
  • কেৰাণী, প্ৰতিবেদন আপডেট কৰা আৰু
  • আৰ্কাইভ আলোচনা বা কাৰ্য্যসমূহ মীমাংসা কৰা
  • স্পাম বা অপব্যৱহাৰৰ বিৰুদ্ধে সংযম প্ৰণালী
  • ব্যৱহাৰকাৰীসকলক উদগনি দিবলৈ পৰামৰ্শকৰ্তা প্ৰণালী
  • অধিসূচনাসমূহ, যেনে পুশ্ব প্ৰযুক্তি আৰু পুল প্ৰযুক্তি

সংযোগ

  • Bot policy
  • Wikidata item for Wikipedia:Bots, ৱিকিপিডিয়াৰ বট প্ৰকল্পৰ তালিকা

তথ্যসূত্ৰ

  1. ↑ Gulbrandsson, Lennart. (17 June 2013). Swedish Wikipedia surpasses 1 million articles with aid of article creation bot. Wikimedia Blog
  2. ↑ Bots information page. English Wikipedia
  3. ↑ Daniel Nasaw. (July 24, 2012). Meet the 'bots' that edit Wikipedia. BBC News
  4. ↑ Halliday, Josh; Arthur, Charles. (July 26, 2012). Boot up: The Wikipedia vandalism police, Apple analysts, and more. The Guardian
  5. ↑ Jervell, Ellen Emmerentze. (July 13, 2014). For This Author, 10,000 Wikipedia Articles Is a Good Day's Work. The Wall Street Journal
  6. ↑ Aube. (March 23, 2009). Abuse Filter is enabled. Wikipedia Signpost
  7. ↑ Aljazeera, July 21, 2014, "MH17 Wikipedia entry edited from Russian Government IP Address". (July 21, 2014). MH17 Wikipedia entry edited from Russian government IP address
  8. ↑ Andrew Lih (2009). The Wikipedia Revolution, chapter Then came the Bots, pp. 99–106
  9. ↑ Zheng, Lei (Nico); Albano, Christopher M.; Vora, Neev M. (7 November 2019). The Roles Bots Play in Wikipedia. Proceedings of the ACM on Human-Computer Interaction. পৃ. 1–20
  10. ↑ Dormehl, Luke. (20 January 2020). Meet the 9 Wikipedia bots that make the world's largest encyclopedia possible. Digital Trends

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱিকিপিডিয়া বট” প্ৰবন্ধৰ সংশোধন ৩৯৫৬০৩ (৮ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।