ৱশ্ব’বিপো Wosobipo ১৯৯০ চনৰ কাৰ্বি ভাষাৰ এখন ৰঙীন চলচ্চিত্ৰ। গৌতম বৰা পৰিচালিত এইখন কাৰ্বি ভাষাৰ প্ৰথম ছবি।১ প্ৰযোজনা কৰিছিল কাৰ্বি আংলং জিলা পৰিষদে। সঙ্গীত শ্বেৰ চৌধুৰীৰ। ভাৰতীয় পেনোৰামাকে ধৰি বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ৱশ্ব’বিপোই ৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৮৯) দুটাকৈ বঁটা লাভ কৰিছিল।২
কাহিনীৰ সাৰাংশ
ৱশ্ব’বিপো এটা কাৰ্বি শব্দ, যাৰ অৰ্থ কুলিৰ মাত। কুলিৰ মাতে শস্য চপোৱাৰ সময়ৰ জাননী দিয়ে। কাৰ্বিসকলে ঠাই সলাই সলাই ঝুম পদ্ধতিত খেতি কৰে। ছবিৰ নায়ক চাৰ্থে ৰংহাং এজন শিক্ষিত যুৱক। তেওঁ গাঁৱৰে স্কুল এখনৰ শিক্ষক। তেওঁ অনুভৱ কৰে যে তেওঁৰ সম্প্ৰদায়ৰ লোকসকলৰ আৰ্থিক অৱস্থা দিনে দিনে পৰি আহিছে। তেওঁ দোমোজাত পৰে; এক উন্নততৰ জীৱনৰ সন্ধানত তেওঁ বাহিৰলৈ যাব নে গাঁৱৰ লোকসকলৰ মঙ্গলৰ বাবে ইয়াতে থাকিব। তেওঁৰ শৈশৱৰ কথাবোৰ মনত পৰে। ককাকৰ সৈতে কটোৱা অতীতৰ মধুৰ মুহূৰ্তবোৰৰ কথা ৰোমন্থন কৰে৷ তেওঁ অনুভৱ কৰে গাঁওবাসীসকলৰ প্ৰকৃতিৰ সৈতে থকা নিবিড় সম্পৰ্কৰ কথা। অৱশেষত চাৰ্থেয়ে সেই যাত্ৰাৰ আৰম্ভণি কৰে, যি তেওঁৰ অন্তৰাত্মাই বিচাৰিছিল।২৩
অভিনয় শিল্পী
- ৰমন ৰংপি
- ৰত্না ৰংচেহনপী
- এলিচা হাঞ্চে
- জুলী টেৰাংপী
- বাবুল টেৰাং (শিশুশিল্পী)২
কলা-কুশলী
(তথ্যপেৰাত নথকা)
- শব্দগ্ৰহণ- অনুপ মুখাৰ্জী
- কলা নিৰ্দেশক- উৎপল বৰুৱা
- সাজ-সজ্জা- শ্বেৰ চৌধুৰী
- পুৰুষ কণ্ঠশিল্পী- চন্দ্ৰকান্ত টেৰং
- মহিলা কণ্ঠশিল্পী- পখিলা লেকথেপি২
বঁটা আৰু স্বীকৃতি
- ‘এটা পাহাৰী জনজাতিৰ সামূহিক চেতনাক মৌলিক ৰূপত অভিব্যক্ত’ কৰা ৱশ্ব’বিপোক ১৯৮৯ৰ (৩৭তম) শ্ৰেষ্ঠ ‘পৰিচালকৰ প্ৰথম ছবি’ৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। এই বঁটাত পৰিচালক আৰু প্ৰযোজকলৈ স্বৰ্ণকমলৰ সৈতে নগদ ২৫,০০০ টকাকৈ আগবঢ়োৱা হয়। সঙ্গীত পৰিচালক শ্বেৰ চৌধুৰীলৈ অনবদ্য সঙ্গীতৰ বাবে আগবঢ়োৱা হয় শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। এই বঁটাত আছিল ৰজতকমলৰ সৈতে নগদ ১০,০০০ টকা।২
- ১৯৯১ৰ ভাৰতীয় পেনোৰামাত প্ৰদৰ্শন।৩
- ১৯৯১ত ৪১তম বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Wosobipo. indiancine.ma
- ↑ (1996). National Film Awards Archivesː37th NFA. Directorate of Film Festivals, Govt. of India. পৃ. 16, 58, 153
- ↑ (1990). Indian Panorama Catalogue 1990. Directorate of Film Festivals, Govt. of India. পৃ. 145
- ↑ (27 January 2006). Rebellion replay on reel - Gautam Bora?s tele-serial recreates Assam Movement. www.telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৱশ্ব'বিপো” প্ৰবন্ধৰ সংশোধন ৪০০৫৩০ (৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।