অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰামলীলা

ৰামলীলা (Ramlila; रामलीला) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰাম আৰু ৰাৱণৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰামলীলা (Ramlila; रामलीला) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰাম আৰু ৰাৱণৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত। ৰামৰ বিজয়ৰ স্মৰণত আয়োজিত উৎসৱ বিজয়া দশমী বা বিজয়া দশমীৰ পূৰ্বৰ দহ নিশা ৰামলীলাৰ আয়োজন কৰা হয় আৰু বিজয়া দশমীৰ দিনা ই শেষ হয়। ৰাম বিষ্ণুৰ সপ্তম অৱতাৰ আৰু ৰামায়ণৰ কেন্দ্ৰীয় চৰিত্ৰ। হিন্দু বিশ্বাস অনুসৰি ৰামায়ণ ভাৰতৰ আত্মা আৰু ঈশ্বৰোপলব্ধিৰ এক অন্যতম অৱলম্বন আৰু ৰামলীলা হ’ল এই মহাকাব্যৰে মঞ্চাভিনয়। ৰামলীলাৰ উপজীব্য 'মৰ্যাদা পুৰুষোত্তম'- ৰামৰ জীৱন, সময় আৰু মূল্যবোধ। ৰামৰ কাহিনী ভাৰতত ইমানে জনপ্ৰিয় যে ভাৰতীয় সংস্কৃতিৰ মূলধাৰাত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৰামলীলাৰ বিচৰণ দেখা যায়।১২

শৈলী

সাধাৰণতে ৰামলীলা এখন অস্থায়ী মঞ্চত অনুষ্ঠিত হয়। অভিনেতাসকল সাধাৰণতে অপেচাদাৰী। মঞ্চৰ ওচৰত কথক অথবা পুৰোহিতে অৱস্থান কৰে। তেৱেঁ দৃশ্য পৰিবৰ্তন বা নাটকীয় উত্তেজনাৰ সময়ত ৰামায়ণৰ কোনো প্ৰাসংগিক অংশ আবৃত্তি কৰে। এই আবৃত্তি মূলতঃ তুলসীদাসৰ অৱধী ভাষাত ৰচিত ৰামচৰিত মানসৰ পৰা কৰে। সংলাপবোৰ তাংক্ষণিক; বহু সময়ত দৰ্শকৰ প্ৰতিক্ৰিয়াৰ সৈতে সামঞ্জস্য ৰাখি সংলাপ প্ৰক্ষেপণ কৰা হয়। ঢোল আৰু অন্যান্য বাদ্যবাদকসকলে ঘটনাপ্ৰহাহৰ সৈতে তাল মিলাই বজাই থাকে। উৎসৱৰ উন্মুক্ত পৰিবেশত ৰামলীলাৰ আয়োজন কৰা হয়। দৰ্শকসকলে সেয়েহে ৰামলীলা চলি থকা অৱস্থাত সুহুৰি বজায় অথবা দৃশ্য সম্পৰ্কে মন্তব্য নিক্ষেপ কৰে। পৰম্পৰাগত এই কোনো কোনো ৰামলীলা অনুষ্ঠানত গ্ৰামাঞ্চলত শতিকা জুৰি চলি অহা কিছুমান আচাৰবিধানৰ প্ৰকাশ দেখা যায়। শ শ লোক দূৰ-দূৰণিৰ পৰা এই অনুষ্ঠানত অংশ লবলৈ আহে। দৰ্শকৰ সুবিধাৰ্থে সেই ঠাইৰ চাৰিওফালে বজাৰ বহে। কোনো কোনো ঠাইত ৰামলীলাৰ বিৰতিৰ সময়খিনিত স্থানীয় পৰ্যায়ত প্ৰতিভা সন্ধানী প্ৰতিযোগিতাও চলে। ৰামলীলাৰ মূল চৰিত্ৰ ধৰ্মীয় হ’লেও বহুতো অহিন্দু মানুহকো এই উৎসৱৰ ওচৰলৈ টানি আনে। নাট্ আয়োজনৰ ব্যয় স্থানীয় ৰাইজে চান্দা তুলি সংগ্ৰহ কৰে অথবা স্ব-সংগঠিত ৰামলীলা কমিটিয়ে বহন কৰে।৩৪

ভৌগোলিক বিস্তাৰ

বিশ্বৰ যিবোৰ দেশত উত্তৰ ভাৰত, মধ্য ভাৰত, নেপাল আৰু পাকিস্তানৰ হিন্দু সম্প্ৰদায়ৰ লোক বাস কৰে, তাতেই ৰামলীলা অনুষ্ঠিত হোৱা দেখা যায়। ভাৰতীয় উপমহাদেশৰ বাহিৰে ফিজি, মৰিচাচ, দক্ষিণ আফ্ৰিকা, কানাডা, গায়েনা, চুৰিনাম, ত্ৰিনিদাদ আৰু টবেগো, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াত ৰামলীলা অনুষ্ঠিত হোৱা দেখা যায়। এছিয়াৰ কোনো কোনো দেশত ৰামলীলাৰ দৰে নাট্যশৈলী গঢ় লোৱা দেখা গৈছে। উদাহৰণ স্বৰূপে লাউচ আৰু থাইলেণ্ডৰ ফ্ৰা লাক ফ্ৰা লামৰ উল্লেখ কৰিব পাৰি। লাওচীয় ভাষাত লাক আৰু লাম ৰাম আৰু লক্ষ্মণৰ নাম।৫৬৭

তথ্যসূত্ৰ

  1. ↑ Ramlila, the traditional performance of the Ramayana, UNESCO
  2. ↑ Ramlila Pop Culture India!: Media, Arts, and Lifestyle, by Asha Kasbekar. Published by ABC-CLIO, 2007. . Page 42
  3. ↑ Katherine Young; Arvind Sharma. (2004). Her Voice, Her Faith: Women Speak on World Religions. Westview Press. পৃ. 20–21. ISBN 978-0-8133-4666-3
  4. ↑ Guy L. Beck. (2012). Sonic Liturgy: Ritual and Music in Hindu Tradition. University of South Carolina Press. পৃ. 138–139. ISBN 978-1-61117-108-2
  5. ↑ J. L. Brockington. (1998). The Sanskrit Epics. BRILL Academic. পৃ. 1–6. ISBN 90-04-10260-4
  6. ↑ Vittorio Roveda. (2003). Sacred Angkor: The Carved Reliefs of Angkor Wat. Weatherhill. পৃ. 16, 256–258. ISBN 978-0-8348-0524-8
  7. ↑ Kapila Vatsyayan. (2004). The Ramayana Revisited. Oxford University Press. পৃ. 335–339. ISBN 978-0-19-516832-7

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাট্যকলাৰামায়ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামলীলা” প্ৰবন্ধৰ সংশোধন ৪১৮৮৬৮ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।