ভাৰতৰ নাট্যকলা
১৫ প্ৰবন্ধ
-
ভ্ৰাম্যমাণ থিয়েটাৰ
ভ্ৰাম্যমাণ থিয়েটাৰ অসমৰ এক বিশেষ ধৰণৰ পেশাদাৰী নাট্যানুষ্ঠান, য’ত নাট্যদলসমূহে নিজস্ব অস্থায়ী মঞ্চ-প্ৰেক্ষাগৃহসহ ৰাজ্যজুৰি ভ্ৰমণ কৰি চুক্তিভিত্তিক নাটক প্ৰদৰ্শন কৰে। ১৯৬০ৰ দশকৰ আৰম্ভণিত আধুনিক ৰূপ লাভ কৰা এই ধাৰাই অসমৰ লোক-ৰুচি, নাট্য-প্ৰযুক্তি আৰু বাণিজ্যিক নাট্য-ব্যৱস্থাপনা একেলগে আগুৱাই নিছে।
-
অংকীয়া নাট
অংকীয়া নাট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰচিত বৈষ্ণৱ ভাবধাৰামূলক একাংকিক নাট-সাহিত্য, যাৰ আধাৰ প্ৰধানকৈ পৌৰাণিক আখ্যান। এই নাটসমূহৰ লিখিত পাঠক “অংকীয়া নাট” আৰু সেই পাঠৰ মঞ্চায়ন-পৰম্পৰাক “অংকীয়া ভাওনা” বা ভাওনা বুলি পৃথককৈ বুজোৱা হয়।
-
ভাৰতীয় গণনাট্য সংঘ
ভাৰতীয় গণনাট্য সংঘ ( Indian People's Theatre Association, IPTA) ভাৰতৰ থিয়েটাৰ শিল্পীসকলৰ আটাইতকৈ পুৰণি সংস্থা। ব্ৰিটিছৰ শাসন কালত ১৯৪৩ চনত গণনাট্য সংঘ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সম্পৰ্কিত বিষয়-বস্তুৰ প্ৰচাৰ-প্ৰসাৰত গুৰুত্ব দিছিল।
-
পাৰ্চী থিয়েটাৰ
পাৰ্চী থিয়েটাৰ বা পাৰ্চী ৰঙ্গমঞ্চ ( Parsi theatre) শব্দ-গুচ্ছই পাৰ্চীসকলৰ বা বহুলভাৱে পাৰ্চী ব্যৱসায়িক গোষ্ঠীৰ মালিকানাধীন কোম্পানীৰ দ্বাৰা ১৮৫০ৰ দশকৰ পৰা ১৯৩০ৰ দশকলৈ মঞ্চায়ন কৰা এক প্ৰভাৱশালী ৰঙ্গমঞ্চ পৰম্পৰাক সূচায়। পাৰ্চী থিয়েটাৰৰ নাটকবোৰ মূলতঃ উৰ্দু বা গুজৰাটী ভাষাৰ আছিল।
-
বঙালী থিয়েটাৰ
বঙালী থিয়েটাৰ (Bengali theatre) মানে হ’ল- সাধাৰণতে বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবঙ্গত বঙালী ভাষাত পৰিবেশন কৰা থিয়েটাৰ। ব্ৰিটিছ শাসনৰ সময়ত, ঊনৈশ শতিকাৰ প্ৰথমৰ ফালে ব্যক্তিগত বিনোদন হিচাপে বঙালী থিয়েটাৰৰ উৎপত্তি হৈছিল।
-
মাৰাঠী থিয়েটাৰ
মাৰাঠী থিয়েটাৰ (Marathi Theatre) মানে হ’ল মূলতঃ মহাৰাষ্ট্ৰত উদ্ভৱ আৰু বিকাশ হোৱা মাৰাঠী ভাষাৰ থিয়েটাৰ। সংগীত নাটক আৰু তামাচাৰ পৰা উপাদান গ্ৰহণ কৰি, ঊনৈশ শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈ ১৯৫০ আৰু ১৯৬০ৰ দশকত ই পূৰ্ণবিকশিত ৰূপ পৰিগ্ৰহ কৰিছিল।
-
ৰামলীলা
ৰামলীলা (Ramlila; रामलीला) একপ্ৰকাৰ লোকনাট্য শৈলী। এই নাট্যধাৰাত হিন্দু মহাকাব্য ৰামায়ণত বৰ্ণিত ৰাম আৰু ৰাৱণৰ মাজত সংঘটিত দহদিন ব্যাপি চলা যুদ্ধৰ পুনৰভিনয় কৰা হয়। ৰামলীলাৰ উদ্ভৱ ভাৰতীয় উপমহাদেশত।
-
গুজৰাটী থিয়েটাৰ
গুজৰাটী থিয়েটাৰে (Gujarati theatre) গুজৰাটী অথবা ইয়াৰ উপভাষাসমূহত নাট মঞ্চস্থ কৰা থিয়েটাৰক বুজায়। গুজাৰাটী থিয়েটাৰ সাধাৰণতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মুম্বাই, আহমেদাবাদ, বৰোদা, সুৰাত আদি চহৰত তথা গুজাৰাটী লোকৰ বসতি থকা, বিশেষকৈ উত্তৰ আমেৰিকা আদিত প্ৰদৰ্শিত হয়।
-
ভৱাই
ভৱাই (Bhavai) হ’ল পশ্চিম ভাৰতৰ গুজৰাটৰ এবিধ জনপ্ৰিয় লোকনাট্য। ইয়াক বেশ বা স্বং নামেৰেও জনা যায়।
-
যাত্ৰা (নাট্য পৰম্পৰা)
যাত্ৰা (Jatra; মূল: সংস্কৃতত যাত্ৰা বা শোভাযাত্ৰাযাত্ৰা)) ভাৰত উপমহাদেশৰ বঙালীভাষী লোকৰ বিস্তৃতি থকা বাংলাদেশ, পশ্চিম বংগ, ত্ৰিপুৰা, অসম আৰু উৰিষ্যাৰ এক জনপ্ৰিয় বঙালী মূলৰ লোকনাট্য ৰূপ। ২০০৫ চনৰ হিচাপত কলিকতাৰ চিটপুৰ ৰোডত প্ৰায় ৫৫টা দল আছিল। আৰু সকলো মিলি জাতৰা হৈছে বছৰি ২১ মিলিয়ন ডলাৰৰ উদ্যোগ।
-
তেলুগু থিয়েটাৰ
তেলুগু থিয়েটাৰ ( Telugu theatre ) হৈছে অন্ধ্ৰপ্ৰদেশ আৰু তেলংগানা ৰাজ্যক ভিত্তি কৰি গঢ় লোৱা তেলুগু ভাষাৰ ভাৰতীয় থিয়েটাৰ। গুৰাজাদা আপ্পাৰাওৱে ১৮৯২ চনত ৰচনা কৰা কন্যাছুলকম নামৰ নাটখনক প্ৰায়ে তেলুগু ভাষাৰ সৰ্বশ্ৰেষ্ঠ নাটক বুলি গণ্য কৰা হয়।
-
নৌটংকী
নৌটংকী (Nautanki) দক্ষিণ এছিয়াৰ, বিশেষকৈ উত্তৰ ভাৰতৰ এক জনপ্ৰিয় লোকনাট্য শৈলী। বলীউদী চলচ্চিত্ৰ আগমনৰ পূৰ্বে নৌটংকীয়ে আছিল উত্তৰ ভাৰতৰ গ্ৰাম্য আৰু নগৰীয়া জীৱনৰ সৰ্বাধিক জনপ্ৰিয় বিনোদন মাধ্যম।
-
সংগীত নাটক
সংগীত নাটক (Sangeet Natak) হ’ল সংগীতপ্ৰধান নাটক। এনে নাটকত গদ্যৰ সমান্তৰালকৈ গীতৰ ৰূপত থকা কবিতাৰ দ্বাৰাও কাহিনী বৰ্ণনা কৰা হয়। সংগীত-নাটকে মাৰাঠী থিয়েটাৰৰ বিকাশত আৰু তেনেকৈ মাৰাঠী চলচ্চিত্ৰ বা বহল অৰ্থত ভাৰতীয় চলচ্চিত্ৰৰ বিকাশক এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।
-
আখ্যান
আখ্যান (Akhyan) এক পৰম্পৰাগত সঙ্গীতিক থিয়েটাৰ তথা গুজৰাটী আৰু ৰাজস্থানী কবিতাৰ এক মধ্যযুগীয় শৈলী। ভাৰতৰ ৰাজস্থান আৰু গুজৰাটত এনে ধৰণৰ আখ্যান প্ৰচলিত আছিল।
-
মণিপুৰী সংকীৰ্তন
মণিপুৰী সংকীৰ্তন (Manipuri Sankirtana) হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজহুৱা মন্দিৰসমূহত আৰু ব্যক্তিগত স্থানত কৰা একপ্ৰকাৰৰ পাৰম্পৰিক নাট্য। ইয়াত ধৰ্মীয় ৰীতি-নীতি, গীত, বাদ্য আৰু নৃত্যৰ সমলয়ত প্ৰদৰ্শন কৰা হয়। সংকীৰ্তনৰ জৰিয়তে অতুলনীয় ধৰ্মীয় ভক্তি আৰু শক্তি প্ৰদৰ্শন কৰা হয়।