অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

অসম ক্ৰিকেট সন্থা

অসম ক্ৰিকেট সন্থা হ'ল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অৱস্থিত।

হালনাগাদ: ২ জুন ২০২৪ ৪২৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অসম ক্ৰিকেট সন্থা হ'ল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বি চি চি আই)ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ অসম ক্ৰিকেট সন্থা ষ্টেডিয়ামত অৱস্থিত।

ইতিহাস

১৯৪৮ চনত প্ৰথমখন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট মেচ খেলাৰ পৰা অসমে পৰ্যায়ক্ৰমে শ্বিলং, যোৰহাট, নগাঁও, ডিব্ৰুগড়, কৰিমগঞ্জ, হাইলাকান্দি, মঙ্গলদৈ আৰু তিনিচুকীয়াত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ ঘৰুৱা খেল খেলি আহিছে।১ অসম ক্ৰিকেট দলে ৰঞ্জি ট্ৰফীত বিশেষ সফলতা অৰ্জন কৰা নাই যদিও ২০০৬-০৭ বৰ্ষৰ ৰঞ্জি ছিজনত প্লেট গ্ৰুপৰ সকলো মেচত জয়লাভ কৰিও ছেমি ফাইনেলত উৰিষ্যাৰ হাতত পৰাজিত হয়। ২০০৯-১০ বৰ্ষত অসমে প্লেট গ্ৰুপৰ শীৰ্ষত থাকি ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপত প্ৰৱেশ কৰে। পৰৱৰ্তী ছিজন সমূহত অসমৰ প্ৰদৰ্শন নিৰাশাজনক আছিল আৰু পুনৰ প্লেট গ্ৰুপলৈ অৱনমিত হৈছিল। ২০১২-১৩ ৰ বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত দলটোৱে অতি সুন্দৰ প্ৰদৰ্শন কৰি ৰাণাৰ্ছ আপৰ সন্মান অৰ্জন কৰিছিল।২ ২০১৪-১৫ ৰ ৰঞ্জি ট্ৰফিত অসমে পুনৰ আকৰ্ষণীয় দলীয় প্ৰদৰ্শনেৰে গ্ৰুপ এ লৈ অগ্ৰসৰ হয়।৩ ২০১৫-১৬ ৰ ৰঞ্জি ট্ৰফিত দলটোৱে উজ্জীৱিত প্ৰদৰ্শনেৰে ছেমি ফাইনেললৈ উন্নীত হৈছিল।৪

২০০৪ চনত অসম ক্ৰিকেট সন্থাৰ নতুন ষ্টেডিয়াম বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ শিলান্যাস কৰে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। ষ্টেডিয়ামখন ২০১২ চনত ক্ৰিকেটৰ বাবে মুকলি হৈ উঠে। ২০১২ চনত ছিনিয়ৰ মহিলা আন্তঃ ৰাজ্যিক এদিনীয়া প্ৰতিযোগিতাৰ জৰিয়তে ষ্টেডিয়ামখনত ঘৰুৱা ক্ৰিকেটৰ আৰম্ভণি হয়। তাৰ পৰৱৰ্তী বৰ্ষৰ পৰাই ইয়াত ৰঞ্জি ট্ৰফীৰ খেল সমূহ অনুষ্ঠিত হয়। বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় খেলৰ শুভাৰম্ভ হয় ২০১৭ চনৰ ১০ অক্টোবৰত, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলৰ যোগেদি। ২০১৯ চনৰ ক্ৰিকেট সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ৰমেন দত্ত সভাপতি ৰূপে আৰু প্ৰাক্তন ৰঞ্জি খেলুৱৈ দেৱজিৎ শইকীয়া সম্পাদক ৰূপে নিৰ্বাচিত হয়।৫

প্ৰতিযোগিতাসমূহ

অসম ক্ৰিকেট সন্থাই জিলা, ক্লাব আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ৰ বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি আহিছে। সেই সমূহ হৈছে -

  • নুৰুদ্দিন আহমেদ ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ
  • অসম টী-২০ চেলেঞ্জাৰ্ছ ট্ৰফী
  • নিলয় দত্ত আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা
  • জে কে বৰুৱা ১৯ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • আৰ জি বৰুৱা ১৬ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • অমৰজিৎ শৰ্মা ১৫ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • পুলিন দাস ট্ৰফী ১৪ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • উমানন্দ বৰা ১৩ বছৰ অনূৰ্ধ্ব আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা
  • কনকলতা বৰুৱা আন্তঃ মণ্ডল ৰাজ্যিক মহিলা ক্ৰিকেট চেম্পিয়নশ্বিপ
  • কনকলতা বৰুৱা আন্তঃজিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতা

ঘৰুৱা খেলপথাৰ

শাখাভুক্ত সদস্য জিলা সন্থাসমূহ

অসম ক্ৰিকেট সন্থাৰ শাখাভুক্ত সদস্য জিলা সন্থাসমূহ হ'ল: উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা, তেজপুৰ, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, নগাঁও, বৰপেটা, যোৰহাট, বঙাইগাঁও, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, তিনিচুকীয়া, নাজিৰা, মৰিগাঁও, গোলাঘাট, ধুবুৰী, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আংলং, ডিমা হাছাও, কলিয়াবৰ, তিতাবৰ, মাৰ্ঘেৰিটা, বোকাখাত, ৰঙিয়া, ওদালগুৰি, কোকৰাঝাৰ, লখিমপুৰ, হোজাই, বজালী, উত্তৰ শালমাৰা, বিলাসীপাৰা, নলবাৰী, মঙ্গলদৈ, ধেমাজি, নাহৰকটীয়া আৰু মাজুলী।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ First-class matches played by Assam. CricketArchive
  2. ↑ Assam reach first Vijay Hazare final. espncricinfo.com
  3. ↑ Team unity behind Assam's remarkable season. cricbuzz.com
  4. ↑ Assam relaxed ahead of maiden semi-final. cricinfo.com
  5. ↑ Romen Dutta elected ACA president. The Assam Tribune

সম্পৰ্কিত শ্ৰেণী

ভাৰতত ক্ৰিকেটক্ৰীড়া সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম ক্ৰিকেট সন্থা” প্ৰবন্ধৰ সংশোধন ৪২২০৭৩ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।