অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰাইদঙীয়া দৌল

ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল। ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে।

হালনাগাদ: ৫ জুন ২০২৫ ৪৩১ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ চুণেণফায়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল।১ ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে। সেয়ে বৰ্তমান দৌলটোক শিৱ দৌল বা ৰাইদঙীয়া শিৱ দৌল বুলিও কোৱা হয়। ইয়াৰ মূল উৎসৱ হ'ল মহা শিৱৰাত্ৰি। অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগে ৰাইদঙীয়া দৌলক ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্ন হিচাপে স্বীকৃতি প্ৰদান কৰিছে।২

অৱস্থান

ৰাইদঙীয়া দৌল ডিব্ৰুগড় জিলাৰ বৰবৰুৱা ৰাজহ চক্ৰৰ লৰুৱা মৌজাৰ অন্তৰ্গত লেজাই মিৰিপথাৰ গাঁৱত অৱস্থিত। ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ পৰা ই প্ৰায় ২২ কিলোমিটাৰ নিলগত অৱস্থিত। লেজাই-কলাখোৱা পথৰ পৰা আৰম্ভ কৰি ৰাইদঙীয়া পথ নামেৰে জনাজাত এটা ঐতিহাসিক পথে মন্দিৰটোক মূল পথৰ সৈতে সংযোগ কৰিছে। ৰাইদঙীয়া পথৰ উত্তৰ দিশত আৰু মূল লেজাই-কলাখোৱা পথৰ পশ্চিমে এই মন্দিৰটো অৱস্থিত।

ইতিহাস

১৭৪২ চনত আহোম ৰাজ্যৰ স্বৰ্গদেউ চুণেণফাই (১৭৪৪-১৭৫১) এই মন্দিৰৰ আধাৰশিলা স্থাপন কৰিছিল। সেই সময়ত বৰ্তমানৰ লেজাই অঞ্চলৰ মুৰব্বী বুলি ধৰা ৰাইদঙীয়া ৰজাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা তেওঁৰ মৰমৰ ভগ্নী যামিনীৰ নামত এই মন্দিৰটো যৌতুক হিচাপে আগবঢ়োৱা বুলি জনা যায়। স্থানীয় গাঁওবাসীৰ সহযোগত ১৭৫০ চনৰ শেষৰ ফালে দৌলৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয়। মন্দিৰৰ বাবে মুঠ ২০০ পুৰা মাটি উছৰ্গা কৰা হৈছিল। দৌলৰ লগতে সেই সময়ছোৱাত এটা পুখুৰীও খন্দোৱা হৈছিল। পুখুৰীটো এতিয়াও দৌলৰ কাষতে আছে।৩

স্থাপত্য

ৰাইদঙীয়া দৌল আহোম আৰু নীলাচল স্থাপত্যশৈলীৰ সংমিশ্ৰণত নিৰ্মাণ কৰা হৈছে। এই দৌল আঠকোণীয়া বেদীৰ ওপৰত প্ৰতিষ্ঠিত। মূল শিখৰৰ উচ্চতা ৪৫ ফুট আৰু বহুভূজীয়া মূল শিখৰৰ চাৰিওফালে সৰু সৰু আঠটা অংগ শিখৰ আছে।৪ ইটাৰে নিৰ্মিত দৌলৰ মূল শিখৰৰ দেৱালত বিভিন্ন দেৱ-দেৱী আৰু তেওঁলোকৰ ৰূপ চিত্ৰিত অসংখ্য ভাস্কৰ্য আছে।৫ শিলত নিৰ্মিত এই ভাস্কৰ্য সমূহে ভাগৱতত বৰ্ণিত বিষ্ণুৰ দশাৱতাৰ ক্ৰমে মৎস্য, কুৰ্ম, বৰাহ, নৰসিংহ, বামণ, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ, আৰু কল্কিৰ স্পষ্ট প্ৰতিনিধিত্ব প্ৰদান কৰে। তদুপৰি ইয়াত শিলত খোদিত ব্ৰহ্মা, বিষ্ণু আৰু লক্ষ্মীৰ লগতে দুৰ্গা দেৱীৰ বিভিন্ন ৰূপৰ ভাস্কৰ্যয়ো দেখা যায়। মন্দিৰ নিৰ্মাণত হাঁহৰ কণী, মাটি দাইল, বৰা ধান আদি পৰম্পৰাগত কেঁচামাল ব্যৱহাৰ কৰা হৈছিল। দৌলৰ ওপৰৰ গম্বুজৰ ওপৰত অৱস্থিত চক্ৰত চাৰিটা প্ৰক্ষেপিত ত্ৰিশূল চিহ্নিত কৰা হৈছে। তদুপৰি দৌলৰ প্ৰাংগণত অসংখ্য দেৱ-দেৱীৰ ভাস্কৰ্য, শিৱলিংগ আদি আছে।

ইয়াত আহোম ৰাজ্যৰ ২৪টা প্ৰাচীন ধ্বংসাৱশেষ আৰু ১৪টা প্ৰতিমূৰ্তি আছে।

পৰ্যটন

দৌলৰ পুৰোহিতে ভগৱান শিৱক উৎসৰ্গিত নিয়মিত পূজা আগবঢ়ায়। প্ৰতি বছৰে হিন্দু পঞ্জিকা অনুযায়ী ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশীত ইয়াত ধুম ধামেৰে মহা শিৱৰাত্ৰিৰ পালন কৰা হয়। এই উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আৰু তীৰ্থযাত্ৰীসকল ভগৱান শিৱৰ আশীৰ্বাদ বিচাৰি ইয়ালৈ আহে।

ধাননি পথাৰেৰে আগুৰি থকা এই দৌলৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বাসস্থান হিচাপে জনাজাত। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যয়ে ঠাইখনলৈ অহা দৰ্শনাৰ্থীক মোহিত কৰে।

যাতায়াত

ৰাইদঙীয়া দৌল ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ২২ কিঃমিঃ নিলগত লেজাই-কলাখোৱা পথৰ দাঁতিত অৱস্থিত। ডিব্ৰুগড় চহৰৰ পৰা ইয়ালৈ যাতায়াতৰ সু-ব্যৱস্থা আছে। ইয়াৰ পৰা ডিব্ৰুগড় ৰেল ষ্টেচন প্ৰায় ২৮ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ প্ৰায় ৩৭ কিঃমিঃ নিলগত অৱস্থিত।

তথ্যসূত্ৰ

  1. ↑ Protected Archaeological Sites and Monuments. Department of Cultural Affairs, Government of Assam
  2. ↑ Protected Monuments in Assam. Archeological Survey of India
  3. ↑ SEE ANCIENT RELICS OF THE AHOM KINGDOM AT RAIDONGIA DOL. Tourgenie
  4. ↑ Raidongia Doul. Dibrugarh district
  5. ↑ সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু স্মৃতিসৌধসমূহ. Archeological Survey of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ ধৰ্মীয় স্থানঅসমৰ সংৰক্ষিত স্মৃতিচিহ্নহিন্দুধৰ্মৰ মঠ-মন্দিৰডিব্ৰুগড় জিলাৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাইদঙীয়া দৌল” প্ৰবন্ধৰ সংশোধন ৫১৫৩০৬ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।