ডিব্ৰুগড় জিলাৰ পৰ্যটনস্থলী
৭ প্ৰবন্ধ
-
চাচনি মেৰবিল
চাচনি মেৰবিল বা মেৰবিল (Sasoni Merbil) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। এই বিলখন দৰাচলতে বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ।
-
মৈৰামৰা দৌল
মৈৰামৰা দৌল বা মৈৰামৰা থান (Moiramora Doul) ডিব্ৰুগড় জিলাৰ মানকটা মৌজাৰ খামতি ঘাটত অৱস্থিত ঐতিহাসিক দৌল। এই দৌলটো পোণপ্ৰথমতে ১০ শতিকা মানত শিলেৰে নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ ১৩-১৪ শতিকাত চুতীয়া ৰাজ্যৰ দিনত ইটাৰে পুণৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমান সময়ত মৈৰামৰা দৌল বা থানৰ কেৱল ভগ্নাৱশেষ পোৱা গৈছে।
-
কলি আই থান
শ্ৰী শ্ৰী কলি আই থান (Sri Sri Koli Aai Thaan) ডিব্ৰুগড় জিলাৰ ৰাজভেটা পঞ্চায়তৰ অন্তৰ্গত চেঙামাৰী হাবি গাঁৱত অৱস্থিত এখন ঐতিহাসিক থান। এই থান ডিবৰু সত্ৰৰ সত্ৰাধিকাৰৰ দুহিতা কলি আইৰ প্ৰতি উছৰ্গিত। দিহিং সত্ৰৰ কোনো পুৰুষ উত্তৰাধিকাৰী নথকাত কলি আইয়ে ইয়াৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
-
জগন্নাথ মন্দিৰ, ডিব্ৰুগড়
শ্ৰীক্ষেত্ৰ ধাম, মহাপ্ৰভু জগন্নাথ মন্দিৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰত অৱস্থিত ভগৱান জগন্নাথৰ প্ৰতি সমৰ্পিত মন্দিৰ। হিন্দু ধৰ্মৰ চাৰি ধামৰ অন্যতম ওড়িশাৰ পুৰীত অৱস্থিত শ্ৰী জগনাথ মন্দিৰক আৰ্হি হিচাপে ২০১৪ চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল।
-
বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল।
-
বেজৰ দৌল
বেজৰ দৌল বা বেজ দৌল (Bezor Doul) ডিব্ৰুগড় জিলাৰ জিলাৰ ধেমেচী অঞ্চলৰ বেজপথাৰত অৱস্থিত ঐতিহাসিক দৌল। ই শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত অৱস্থিত। বেজৰ দৌল আচলতে এটা বিষ্ণু দৌল আৰু অষ্টভূজাকৃতি গৰ্ভগৃহ আৰু এটা ঠেক অন্তৰালৰ সৈতে নিৰ্মিত।
-
ৰাইদঙীয়া দৌল
ৰাইদঙীয়া দৌল বা ৰাইদঙ্গীয়া দৌল (Raidongia Doul) ডিব্ৰুগড় জিলাৰ লেজাই-কলাখোৱা অঞ্চলত অৱস্থিত ঐতিহাসিক দৌল। ১৭৫০ চনত আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে (১৭৪৪–১৭৫১) নিৰ্মাণ কৰাইছিল। ইটাৰে সজা দৌলটো পূৰ্বতে দেৱী মন্দিৰ আছিল। কালক্ৰমত দৌলৰ কাষতেই এটি ঘৰ নিৰ্মাণ কৰি অঞ্চলৰ ৰাইজে শিৱ পূজা কৰি আহিছে।