পঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী
২০ প্ৰবন্ধ
-
সোণম বাজৱা
সোণমপ্ৰীত বাজৱা (জন্ম: ১৬ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী ছবিত কাম কৰে। পঞ্জাবী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী বাজৱাই দুটাকৈ পি টি চি পঞ্জাবী ফিল্ম এৱাৰ্ড লাভ কৰাৰ লগতে চাৰিটাকৈ ফিল্মফেয়াৰ এৱাৰ্ডছ পঞ্জাবীৰ বাবে মনোনয়ন লাভ কৰিছে।
-
কুলৰাজ ৰন্ধাৱা
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩) এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।
-
নীৰু বাজৱা
নীৰু বাজৱা (ইংৰাজী: Neeru Bajwa; জন্ম: ২৬ আগষ্ট ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজিকা, যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰকে ধৰি ভাৰতীয় চিনেমাৰ সৈতে জড়িত।
-
সাধিকা ৰন্ধাৱা
সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল, তেলুগু, পঞ্জাবী, গুজৰাটী, মাৰাঠী আৰু ভোজপুৰী ভাষাৰ ছবিতো কাম কৰিছে। সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
-
সায়ালি ভগত
সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
ৰশ্মি দেশাই
শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।
-
অদিতি শৰ্মা
অদিতি দেৱ শৰ্মা (জন্ম: ২৪ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী, তেলুগু আৰু পঞ্জাবী চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰাৰ বাবে পৰিচিত।
-
ইহানা ঢিল্লোন
ইহানা ঢিল্লোন এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে পঞ্জাবী আৰু হিন্দী দুয়োটা চলচ্চিত্ৰ উদ্যোগতে সক্ৰিয় হৈ আছে। ২০১৮ চনত হেট ষ্ট'ৰী ৪ ছবিৰ জৰিয়তে তেওঁ বলীউডত আত্মপ্ৰকাশ কৰে। তেওঁৰ বহুভাষিক দক্ষতাই তেওঁক ডেডী কুল মুণ্ডে ফুল (২০১৩) আৰু ঠগ লাইফ (২০১৭)ৰ দৰে পঞ্জাবী চলচ্চিত্ৰত সফলতা লাভ কৰাত সহায় কৰিছে।
-
উপাসনা সিং
উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
এমি মেঘেৰা
এমি মেঘেৰা (পূৰ্বৰ নাম অমৃত মেঘেৰা) এগৰাকী ব্ৰিটিছ মডেল আৰু অভিনেত্ৰী, যিয়ে হিন্দী, ইংৰাজী আৰু পঞ্জাবী ছবিত কাম কৰে। ২০১৫ চনৰপৰা ২০১৭ চনলৈকে তেওঁ ব্ৰিটিছ ধাৰাবাহিক হলিঅ’ক্সত নীতা কৌৰৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
গ্ৰেচী সিং
গ্ৰেচী সিং (ইংৰাজী: Gracy Singh; জন্ম: ২০ জুলাই ১৯৮০) সিং এজন প্ৰশিক্ষিত ভাৰতনট্যম আৰু ওডিছি নৃত্যশিল্পীও।
-
নিঘাত চুলতানা
নিঘাত চুলতানা আছিল এগৰাকী পাকিস্তানী অভিনেত্ৰী। তেওঁ উৰ্দু আৰু পঞ্জাবী দুয়োটা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু চান মাহী, উমৰ মাৰভী, সাত লাখ, ইনছাফ, ইনছান বদলতা হ্যায়, নীন্দ, দিল মেৰা ধড়কন তেৰী, আফসানা জিন্দেগী কা আৰু কভি আলবিদা না কেহনা চলচ্চিত্ৰসমূহত অভিনয়ৰ বাবে পৰিচিত আছিল।
-
নূৰ বুখাৰী
নূৰ বুখাৰী (نُور بُخاری; জন্ম ৩ জুলাই ১৯৮২) এগৰাকী পাকিস্তানী প্ৰাক্তন অভিনেত্ৰী, পৰিচালক, মডেল আৰু টেলিভিছন সঞ্চালিকা। তেওঁ কেইবাটাও টেলিভিছন অনুষ্ঠান, চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰিছে। নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত তেওঁ ৪৪খন উৰ্দু চলচ্চিত্ৰ আৰু ২০খন পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
মেহৰীন পীৰজাদা
মেহৰীন কৌৰ পীৰজাদা (Mehreen Kaur Pirzada; জন্ম: ৫ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ তেলুগু, তামিল, হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। পীৰজাদাই ২০১৬ চনত তেলুগু চলচ্চিত্ৰ কৃষ্ণ গাদী বীৰ প্ৰেম গাধাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
য়ুৱিকা চৌধুৰী
য়ুৱিকা চৌধুৰী (ইংৰাজী: Yuvika Chaudhary; জন্ম: ২ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওম্ শান্তি ঔম, চামাৰ ২০০৭ আৰু তো বাত পক্বী! ৰ দৰে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত তেওঁ কন্নড় ছবি মলেয়ালি জথেয়ালিত গণেশৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
হিমাংশী খুৰানা
হিমাংশী খুৰানা (ইংৰাজী: Himanshi Khurana; জন্ম: ২৭ নৱেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু গায়িকা, যিয়ে মূলতঃ পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। তেওঁ পঞ্জাবী ছবি সাড্ডা হকত অভিনয় কৰিছিল। ২০১৯ চনত তেওঁ বাস্তৱধৰ্মী অনুষ্ঠান বিগ বছ ১৩ত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
ৰাগনী
ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰাণী বেগম
ৰাণী বেগম (رانی بیگم; ৮ ডিচেম্বৰ ১৯৪৬ – ২৭ মে' ১৯৯৩) আছিল এগৰাকী পাকিস্তানী চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। ১৯৬০ দশকৰ শেষৰফালে তেওঁ ৱাহিদ মুৰাদেৰ সৈতে সফল জুটি হিচাপে খ্যাতি লাভ কৰে।
-
ৰুবিনা বাজৱা
ৰুবিনা বাজৱা (ইংৰাজী: Rubina Bajwa) এগৰাকী কানাডিয়ান অভিনেত্ৰী যিয়ে ভাৰতীয় পঞ্জাবী চলচ্চিত্ৰত কাম কৰে। অভিনেত্ৰী নীৰু বাজৱাৰ ভনী ৰুবিনাই ২০১৭ চনত তেওঁৰ ভনীয়েকৰ ছবি ছাৰ্গীৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল।