ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী
১৯ প্ৰবন্ধ
-
কল্পনা পাটোৱাৰী
কল্পনা পাটোৱাৰী (Kalpana Patowary) অসমৰ এগৰাকী ভাৰতীয় লোকগীত সংগীতশিল্পী। তেওঁ উস্তাদ গুলাম মুস্তাফা খানৰ অনুগামী আৰু সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা হৈছে তেখেতৰ অনুপ্ৰেৰণা। কল্পনা পাটোৱাৰীয়ে বহুতো সংখ্যক ভোজপুৰী গানৰ উপৰিও বলীউডৰ লগতে অসমীয়া চলচ্চিত্ৰতো কণ্ঠদান কৰিছে।
-
ভূমিকা চাওলা
ভূমিকা চাওলা ( Bhumika Chawla; জন্ম: ২১ আগষ্ট ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলেগু চিনেমাৰ কামৰ বাবে পৰিচিত, লগতে কেইখনমান হিন্দী আৰু তামিল ছবি।
-
ভাগ্যশ্ৰী
ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।
-
কুমকুম
কুমকুম (জয়বুন্নিসা খান; ২২ এপ্ৰিল ১৯৩৪ – ২৮ জুলাই ২০২০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জনপ্ৰিয় চলচ্চিত্ৰসমূহ হৈছে: অঙ্কহন (১৯৬৮), ললকাৰ (১৯৭২), মাদাৰ ইণ্ডিয়া (১৯৫৭), মিষ্টাৰ এক্স ইন বোম্বাই (১৯৬৪), দিল ভী তেৰাহুম ভী তেৰেহ (১৯৬০), ছনচ অৱ ইণ্ডিয়া (১৯৬২), কোহিনূৰ (১৯৬০), উজালা, নয়া দৌৰ, শ্ৰীমান…
-
দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।
-
প্ৰিয়ংকা সিং
প্ৰিয়ংকা সিং (ইংৰাজী: Priyanka Singh; জন্ম: ৯ মে' ১৯৯০) এগৰাকী ভাৰতীয় প্লেবেক গায়িকা আৰু পৰিবেশক, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী চলচ্চিত্ৰৰ বাবে সক্ৰিয়। মহুৱা চেনেলত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব' সুৰ সংগ্ৰামছিজন - ১ ত তেওঁৰ অভিষেক ঘটে।
-
সাধিকা ৰন্ধাৱা
সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল, তেলুগু, পঞ্জাবী, গুজৰাটী, মাৰাঠী আৰু ভোজপুৰী ভাষাৰ ছবিতো কাম কৰিছে। সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
-
ৰশ্মি দেশাই
শিৱানী দেশাই (Rashami Desai; জন্ম ১৩ ফেব্ৰুৱাৰী ১৯৮৬), পেছাগতভাৱে ৰশ্মি দেশাই নামে জনাজাত, এগৰাকী ভাৰতীয় দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ দুটা ইণ্ডিয়ান টেলিভিছন একাডেমি এৱাৰ্ড আৰু গোল্ড এৱাৰ্ডসহ বহু সন্মান লাভ কৰিছে।
-
অক্ষৰা সিংহ
অক্ষৰা সিংহ (ইংৰাজী: Akshara Singh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি মূলতঃ ভোজপুৰী চলচ্চিত্ৰত সক্ৰিয়। তেওঁ কেইবাটাও বঁটা লাভ কৰিছে। একচন ড্ৰামা তবদলা, ৰাজনৈতিক নাটক সৰকাৰ ৰাজ আৰু একচন ৰোমাঞ্চ সত্য আদি ছবিত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
অনাৰা গুপ্তা
অনাৰা গুপ্তা (ইংৰাজী: Anara Gupta; জন্ম: ২৯ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় মডেল যিয়ে ২০০১ চনত 'মিছ জম্মু' সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব হিচাপে তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
আম্ৰপালি ডুবে
আম্ৰপালি ডুবে (ইংৰাজী: Amrapali Dubey; জন্ম: ১১ জানুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ ভোজপুৰী চিনেজাত কাম কৰে। ভোজপুৰী চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে পৰিচিত ডুবেই চাৰিটা ভোজপুৰী ফিল্ম এৱাৰ্ডছ আৰু দুটা আন্তঃৰাষ্ট্ৰীয় ভোজপুৰী ফিল্ম এৱাৰ্ডছকে…
-
উপাসনা সিং
উপাসনা সিং (ইংৰাজী: Upasana Singh; জন্ম ২৯ জুন ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী, পঞ্জাবী আৰু ৰাজস্থানী ভাষাৰ চলচ্চিত্ৰত কাম কৰে। সিং ১৯৯৭ চনৰ ছবি জুদাইত এগৰাকী বধিৰ আৰু মুকবধিৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
নীতু চন্দ্ৰা
নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত।
-
পাখী হেগড়ে
পাখী হেগড়ে (ইংৰাজী: Pakkhi Hegde; জন্ম: ৭ জুন ১৯৭০) মুম্বাইৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ধাৰাবাহিকৰ লগতে, ভোজপুৰী, তুলু মাৰাঠী, হিন্দী, পঞ্জাবী আৰু তেলুগু চলচ্চিত্ৰত অভিনয় কৰে।
-
লক্ষ্মী গিৰি
লক্ষ্মী গিৰি (ইংৰাজী: Laxmi Giri; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী নেপালী অভিনেত্ৰী যাৰ কেৰিয়াৰ ৩৫ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত। তেওঁ মঞ্চ, টেলিভিছনৰ লগতে নেপালী, নেৱাৰী, মৈথিলী, তামাং আৰু ভোজপুৰী ভাষাৰ পূৰ্ণদৈৰ্ঘ্য ছবিত কাম কৰিছে।
-
সম্ভাৱনা শেঠ
সম্ভাৱনা শেঠ (জন্ম: ১২ ডিচেম্বৰ ১৯৮০) (ইংৰাজী: Sambhavna Seth) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যশিল্পী আৰু ভ্লগাৰ। তেওঁ ভোজপুৰী আইটেম গীতত কৰা প্ৰদৰ্শনৰ বাবে সৰ্বাধিক পৰিচিত।
-
সীমা সিং
সীমা সিং (ইংৰাজী: Seema Singh; হিন্দী: सीमा सिंह; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শনৰ পৰিচালিকা। তেওঁক হেলেন বা আইটেম কুইন বুলিও জনা যায়। সিং ভোজপুৰী চিনেমাৰ অন্যতম বিখ্যাত আইটেম গীতৰ নৃত্যশিল্পী।
-
সোনালিকা প্ৰসাদ
সোনালিকা প্ৰসাদ (ইংৰাজী: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি।
-
ৰাণী চেটাৰ্জী
সবিহা শ্বেখ (জন্ম: ৩ নৱেম্বৰ ১৯৮৯, পেছাগতভাৱে ৰাণী চেটাৰ্জী নামে পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ ভোজপুৰী চলচ্চিত্ৰ জগতত কাম কৰে। তেওঁ ভোজপুৰী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।