অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ৰংমন (অসমীয়া কমিক্‌চ)

ৰংমন (Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্‌চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী। এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে।

হালনাগাদ: ১৬ আগষ্ট ২০২৫ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ৰংমন (Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্‌ছ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী।১ এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে। ২০১১ চনৰ ১৬ জুলাইত এই আলোচনীখনৰ আনুষ্ঠানিক ৱেবছাইট মুকলি কৰা হয়। তেতিয়াৰ পৰাই সকলোৰে সুবিধা হোৱাকৈ এই আলোচনীখন ডিজিটেল ৰূপতো পঢ়ুৱৈৰ বাবে প্ৰকাশ কৰা হয়।১

প্ৰকাশ

মালিনী পাব্লিকেছন নামৰ এটা প্ৰকাশন কেন্দ্ৰ ৰোমান বৰদলৈয়ে প্ৰতিষ্ঠা কৰে। এই প্ৰকাশন কেন্দ্ৰটোৱেই ৰংমন কমিকছখন প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। ২০০৫ চনত গুৱাহাটী ৰাজ্যিক সংগ্ৰাহলয়ৰ প্ৰেক্ষাগৃহত ৰংমনৰ প্ৰথম সংখ্যাটো উদ্ধোধন কৰা হয়। এই উদ্ধোধনী সভাত ড° মামণি ৰয়ছম গোস্বামী, হীৰেন ভট্টাচাৰ্য আৰু ড° হীৰেন গোহাঁই উপস্থিত আছিল১।

ডিজিটেল সংস্কৰণ

ৰংমন কমিকছখন বৰ্তমান ডিজিটেল ৰূপত ইয়াৰ আনুষ্ঠানিক ৱেবছাইটত প্ৰকাশ কৰা হয়। ২০১১ চনৰ ১৬ জুলাইত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন সভাত ৱেবছাইটটো উদ্বোধন কৰা হয়। গগন চন্দ্ৰ অধিকাৰীয়ে ৰংমনৰ আনুষ্ঠানিক ৱেবছাইটটো মুকলি কৰে।১

লগতে চাওক

বাহ্যিক সংযোগ

  • ৰংমনৰ আনুষ্ঠানিক ৱেবছাইটৰ আৰ্কাইভ:
  • ৰংমনৰ বিষয়ে চাওক:

তথ্যসূত্ৰ

  1. ↑ ৰংমনৰ বিষয়ে চাওক. assamjournal

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া শিশু আলোচনীকমিক্‌চ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰংমন (অসমীয়া কমিক্‌চ)” প্ৰবন্ধৰ সংশোধন ৫৩৩০২৮ (১৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।