কমিক্চ
৪ প্ৰবন্ধ
-
টিংকল
টিংকল (ইংৰাজী: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী। আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ।
-
ৰংমন (অসমীয়া কমিক্চ)
ৰংমন (Rongmon) হৈছে অসমৰ জনপ্ৰিয় কমিক্চ সমূহৰ ভিতৰত অন্যতম। ই অসমীয়া ভাষাত প্ৰকাশিত প্ৰথম আৰু একমাত্ৰ ৰঙীন শিশু আলোচনী। এই আলোচনীখন ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। তেতিয়াৰ পৰাই বৰ্তমানলৈকে নিয়মীয়াকৈ এই আলোচনীখন প্ৰকাশ পাই আহিছে।
-
ড'ৰেমন
ড'ৰেমন (ドラえもん, Doraemon) হৈছে ফুজিক' এফ ফুজিঅ'ৰ দ্বাৰা লিখিত আৰু সচিত্ৰ এক মাংগা ছিৰীজ। পিছত ইয়াক এনিমেছন ধাৰাবাহিকলৈ ৰূপান্তৰ কৰা হ'ল। এইটো ড'ৰেমন নামৰ ৰ'ব'টিক মেকুৰী এটাৰ কাহিনী যি ন'বিতা ন'বী নামৰ স্কুলীয়া ল'ৰা এজনৰ সহায় কৰিবলৈ ২২ শতিকাৰ পৰা ২১ শতিকালৈ সময় যাত্ৰা কৰি আহে।
-
টুনচ মেগ্
টুনচ মেগ্ (Toons Mag) হ'ল ইণ্টাৰনেট ভিত্তিক এখন কাৰ্টুন আলোচনী। সম্পাদকীয় কাৰ্টুন, কমিকছ, কেৰিকেঁচাৰ, ইলাষ্ট্ৰেশন আৰু আনুষংগিক বিষয়ত বাতৰি আৰু প্ৰবন্ধ প্ৰকাশ কৰে। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰে।