অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৯ নৱেম্বৰ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

হালনাগাদ: ২৮ নৱেম্বৰ ২০২২ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

  • ১৮৭৭ - থমাছ আলভা এডিচন এ প্ৰথমবাৰৰ বাবে তেওঁৰ ফোনোগ্ৰাফ প্ৰদৰ্শন কৰে
  • ১৯১৭ - জাৰ্মানীৰ লগত ৰাছিয়াৰ শান্তি আলোচনা আৰম্ভ হয় আৰু আন্তৰ্জাতিক ৰাজনীতিত নতুন পাক আৰম্ভ হয়।
  • ১৯৪৫ - যুগোশ্লভিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয়।
  • ১৯৬১ - আমেৰিকান মহাকাশ যানেৰে চিম্পাজী এনোছৰ পৃথিৱীৰ চৌপাশে দুবাৰ প্ৰদক্ষিণ কৰে। মহাকাশ বিজ্ঞানৰ ইতিহাসত ই এক তাৎপৰ্যপূৰ্ণ সংঘটন।
  • ১৯৮৮ - বাংলাদেশত হোৱা প্ৰচণ্ড ঘূৰ্ণিত বতাহত বহুতো লোক নিহত হোৱাৰ লগতে বহুতৰে ঘৰ-দুৱাৰ ধ্বংস হয়।
  • ১৯৮৯ - প্ৰধান মন্ত্ৰী পদৰ পৰা ৰাজীৱ গান্ধীয়ে পদত্যাগ কৰে।
  • ১৯৯০ - ভাৰতীয় প্ৰযুক্তিবিদ্যাৰে নিৰ্মিত টেংক বিধ্বংসী ক্ষেপনাস্ত্ৰ নাগৰ সফল উৎক্ষেপণ কৰা হয়।
  • ২০১৮ - ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৱে একেলগে এটা উৎক্ষেপণেৰে মহাকাশত ৩১টা উপগ্ৰহ স্থাপন কৰি অভিলেখ গঢ়ে। সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা পুৱা ৯.৫৮ বজাত পি এছ এল ভি ৰকেটৰে(পি এছ এল ভি-চি ৪৩) এই অভিযান সম্পন্ন কৰা হয়।
  • ২০২১ - যোৰহাট(অসম)ৰ মাজমজিয়াত ৫০-৬০ জনীয়া এদল উন্মুক্তলোকে খেদি খেদি মৰিয়াই আছু নেতা অনিমেষ ভূঞাক হত্যা কৰে। সমগ্ৰ অসমজুৰি আছুৰ ব্যাপক প্ৰতিবাদ।
  • ২০২১ - আজিৰ দিনটোতে ২৮ ফেব্ৰুৱাৰী ২০২১ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জন্ম

  • ১৯৩২ - ৰেণুকা দেৱী বৰকটকী, ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজকৰ্মী। ১৯৭৭ চনত মোৰাৰজী দেশাই চৰকাৰত শিক্ষা, সমাজ কল্যাণ, সংস্কৃতি আৰু যুৱ আৰু মহিলা কল্যাণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নিযুক্ত হৈছিল। তেওঁ ১৯৮৩ চনৰ পৰা ইণ্ডিয়ান ৰেডক্ৰছ চছাইটিৰ (আইআৰচিএছ) গুৱাহাটী শাখাৰ সম্পাদক আৰু ১৯৯৬ চনৰ পৰা ইণ্ডিয়ান ৰেডক্ৰছ চছাইটি, অসম শাখাৰ অধ্যক্ষ আছিল। তেওঁক ২০০৩ চনত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (অ'এনজিচি) প্ৰথম আৰু একমাত্ৰ মহিলা নৱৰত্ন সঞ্চালক হিচাপেও মনোনীত কৰা হৈছিল। মৃত্যু ১৪ আগষ্ট, ২০১৭।
  • ১৯৯০ ‌- হৰনাম কৌৰ, চছিয়েল মিডিয়া তাৰকা, পাৰ্টম প্ৰশিক্ষক, জীৱনবোধ সম্বন্ধীয় প্ৰশিক্ষক আৰু প্ৰেৰণা মূলক কথাৰ বক্তা।

মৃত্যু

দিৱস

  • গণতন্ত্ৰ দিৱস (যুগশ্লেভিয়া)।

বাহ্যিক সংযোগ


উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৯ নৱেম্বৰ” প্ৰবন্ধৰ সংশোধন ৩৩৯১১৬ (২৮ নৱেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।