অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

২৮ জুলাই

১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে। ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম মহাসমৰৰ।

হালনাগাদ: ১২ নৱেম্বৰ ২০২৪ ২৩৯ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৮২১ - পেৰুৱে স্বাধীনতা লাভ কৰে।
  • ১৯১৪ - ছাৰ্বিয়াৰ বিৰুদ্ধে অষ্টিয়াৰ যুদ্ধ ঘোষণা কৰে। এই যুদ্ধত জাৰ্মানীয়ে সমৰ্থন কৰে অষ্টিয়াক আৰু ছাৰ্বিয়াক সমৰ্থন কৰে। ব্ৰিটেইন,ফ্ৰান্স আৰু ৰাছিয়াই ছাৰ্বিয়াৰ পক্ষ অৱলম্বন কৰে। সূচনা হয় প্ৰথম বিশ্বযুদ্ধৰ।
  • ১৯৭৯ - চৌধুৰী চৰণ সিং ভাৰতবৰ্ষৰ পঞ্চম গৰাকী প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ২০০১ - ৰামায়ণী সাহিত্যৰ গৱেষক, যশস্বী অসমীয়া ঔপন্যাসিক ড° মামণি ৰয়ছম গোস্বামী ওৰফে ড॰ ইন্দিৰা গোস্বামীলৈ ভাৰতীয় জ্ঞানপীঠ বঁটা আগবঢ়োৱা হয়।
  • ২০০৭ - মহানন্দ শৰ্মা আৰু জ্ঞানদা বৰালৈ নটসূৰ্য ফণী শৰ্মা বঁটা আগবঢ়োৱা কথা ঘোষণা কৰা হয়।
  • ২০১১ - লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।
  • ২০১১ - ভাৰত আৰু মংগোলিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তিখন স্বাক্ষৰিত হয়।
  • ২০১২ - উজনি অসমত জাপানীজ এন্‌কেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ ৬৪ জনলোক মৃত্যু মুখত পৰে।
  • ২০১২ - ফৰাচী বেংকত ভাৰতীয়ৰ ৫৬৫কোটি টকাৰ জমা তথ্য ফাদিল হয়।

জন্ম

  • ১৬৩৫ - ৰবাৰ্ট হুক, পদাৰ্থ আৰু ৰসায়ন বিজ্ঞানী, কোষৰ আৱিষ্কাৰক হিচাপে আৰু হুকৰ সূত্ৰৰ বাবে বিখ্যাত।
  • ১৯৩২ - হীৰেন ভট্টাচাৰ্য, সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত। তেখেতৰ জন্মদিনটো অসমত কাব্যস্নেহ দিৱস হিচাপে পালন কৰা হয়।
  • ১৯৮৩ - ধনুশ বা ভেংকটেশ প্ৰভু কস্তুৰি ৰাজা, টলীউড আৰু বলীউডৰ অভিনেতা। ১
  • ১৯৮৭ - পেড্ৰ' ৰ'ড্ৰিগেজ, স্পেইনৰ ফুটবল খেলুৱৈ, ২০১০ চনৰ ফিফা বিশ্বকাপ বিজয়ী দলৰ সদস্য।
  • ১৯৯৩ - হাৰি কেন, ইংলেণ্ডৰ ৰাষ্ট্ৰীয় ফুটবল দলৰ অধিনায়ক।

মৃত্যু

  • ১৭৫০ - যোহান ছোষ্টিন বাখ, ইউৰোপৰ বিশিষ্ট সংগীত শিল্পী।
  • ১৯৩৯ - দেশভক্ত তৰুণ ৰাম ফুকন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা।
  • ২০১৬ - মহাশ্বেতা দেৱী, পশ্চিমবংগৰ লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।

দিৱস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (28 July 2021). On Dhanush's birthday, his 8 mantras for a happy and successful life. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২৮ জুলাই” প্ৰবন্ধৰ সংশোধন ৪৪৪১৫৩ (১২ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।