অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্ঞানদা বৰা

জ্ঞানদা বৰা ( Jyanada Bora) নগাঁৱৰ এগৰাকী অভিনেতা আৰু সাহিত্যিক৷ “ৰঙ্গমঞ্চৰ কবি’’ৰূপে খ্যাত জ্ঞানদা বৰা লেখক, নাট্য পৰিচালক আৰু সমাজকৰ্মী আছিল৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

জ্ঞানদা বৰা ( Jyanada Bora) নগাঁৱৰ এগৰাকী অভিনেতা আৰু সাহিত্যিক৷ “ৰঙ্গমঞ্চৰ কবি’’ৰূপে খ্যাত জ্ঞানদা বৰা লেখক, নাট্য পৰিচালক আৰু সমাজকৰ্মী আছিল৷

জন্ম আৰু বংশ পৰিচয়

জ্ঞানদা বৰা জন্ম হৈছিল ১৯৩৭ চনৰ ১ জুন তাৰিখে৷ তেওঁৰ পিতৃৰ নাম ৰেৱকান্ত বৰা আৰু মাতৃৰ নাম পদ্মেশ্বৰী বৰা৷ ১

শিক্ষা আৰু কৰ্মজীৱন

জ্ঞানদা বৰাই নগাঁৱতে প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা আহৰণ কৰি উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় আৰু কলিকতাৰ যাদৱপুৰ পলিটেকনিকৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লোমা গ্ৰহণ কৰি ঘৰলৈ উভতি আহে৷ শিক্ষা সাং কৰাৰ পিছত বৰাই নগাঁৱৰ বান নিয়ন্ত্ৰণ বিভাগৰ শাখা বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছত নগাঁও পৌৰসভাৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰে৷ ১৯৯৭ চনত সেই পদৰ পৰাই অৱসৰ গ্ৰহণ কৰে৷১

অভিনয়

জ্ঞানদা বৰাই স্কুলীয়া জীৱনৰ পৰাই নাটকৰ সৈতে জড়িত আছিল৷ জ্ঞানপীঠ বঁটা বিজয়ী মৃত্যুঞ্জয় নামৰ উপন্যাসৰ আধাৰত অৰুণ শৰ্মাই ৰচনা কৰা একে নামৰ নাটকত মহদা গোঁসাইৰ চৰিত্ৰত অভিনয় কৰি জ্ঞানদা বৰা নাট্যসমাজত জনাজাত হৈ পৰিছিল৷ ৰুদ্ৰ চৌধুৰীয়ে পৰিচালনা কৰা নাটকখনি আৰাধনা থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল ১৯৮৩-৮৪ চনত৷২ বৰাই অভিনয় কৰা উল্লেখযোগ্য নাটকসমূহ হ’ল; কাৰেঙৰ লিগিৰী, চিৰাজউদ্দৌল্লা, মগৰীবৰ আজান, শকুনিৰ প্ৰতিশোধ, এন ইন্সপেক্টৰ কলচ্, সোণাপুৰৰ বস্তি, সেই বাটেদি আদি৷ মন প্ৰজাপতি আৰু মৰম তৃষ্ণা নামৰ দুখন অসমীয়া কথাছবিতো তেওঁ অভিনয় কৰিছিল৷ টেলিফিল্ম আঁহতগুৰিৰ নতুন বাট, আৰু ডকুমেণ্টৰী নগাঁও দৰ্পনত বৰাই অভিনয় কৰিছিল৷ বিয়াল্লিছৰ শ্বহীদ,উত্তৰণ, বিদ্ৰোহ, লাচিত বৰফুকন(হিন্দী), এলান্ধু, মুখ্যমন্ত্ৰী আদি দূৰদৰ্শনযোগে প্ৰচাৰিত ধাৰাবাহিকতো তেওঁ অভিনয় কৰিছিল৷ জ্ঞানদা বৰাই কেৱল অভিনয়তে ক্ষান্ত নাথাকি নাট পৰিচালনাৰ কামো কৰিছিল আৰু ভোগজৰা, সাঁকো, ৰাইফল, পহিলা তাৰিখ, উপপথ, বাওনা, অৱৰোধ আদি বহু নাটক পৰিচালনা কৰিছিল৷ ১ বৰাই নাট্যকাৰ উৎপল দত্ত (অভিনেতা)ৰ ’ৰাইফল’ নামৰ নাটকখন অসমীয়ালৈ অনুবাদ কৰি নগঁাও পুথিভঁৰাল প্ৰেক্ষাগৃহত নিজ পৰিচালনাৰে মঞ্চস্থ কৰিছিল৷ পাছলৈ তেওঁ জে,বি, ড্ৰামা স্কুল নামৰ নাট্য প্ৰশিক্ষণ স্কুল এখন নিজা ঘৰতে খুলি নতুন নাট্যকৰ্মীক নাট সম্বন্ধে শিক্ষাদান কৰিছিল৷৩

সাহিত্য কৰ্ম

জ্ঞানদা বৰাই আমাৰ নগাঁও নামে এখন অধুনালুপ্ত সাপ্তাহিক কাকত সম্পাদনা কৰিছিল৷ অসমৰ বিভিন্ন কাকত আলোচনীত বিভিন্ন বিষয়ৰ প্ৰবন্ধ লিখাৰ উপৰি বৰাই “ৰঙ্গমঞ্চ’’ নামে এখনি কবিতা পুথি লিখিছিল৷ এই পুথিখনিৰ বিশেষত্ব এয়ে আছিল যে, ইয়াৰ বিষয়বস্তু কেৱল নাটক আৰু অভিনয় আছিল৷২ ১

বঁটা সন্মান

অসম চৰকাৰে ২০০৭ চনত জ্ঞানদা বৰাক নটসূৰ্য বঁটা প্ৰদান কৰে৷ ২০০৯-১০ বৰ্ষত মুন লাইট মেডিয়াই জীৱনজোৰা সাধনা বঁটা, ২০১২ চনত আজীৱন সাধনাৰ বাবে ছিগাল থিয়েটাৰৰ দ্বাৰা সন্মান প্ৰদান কৰা হৈছিল৷ ১

মৃত্যু

মৃত্যুৰ সময়ত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা জ্ঞানদা বৰাৰ ২০১৯ চনৰ ৪ ফেব্ৰুৱাৰীত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮২ বছৰ বয়সত মৃত্যু হয়৷ ১

তথ্যসূত্ৰ

  1. ↑ বিশিষ্ট অভিনেতা জ্ঞানদা বৰাৰ মৃত্যু
  2. ↑ দাস, উজ্জ্বল জ্যোতি. (২০২০). বৰেণ্য. তৰা প্ৰকাশন. পৃ. ৬৮
  3. ↑ বৰদলৈ, সপোনটি. (২০১৫). স্বৰাজোত্তৰ নগাঁৱত নাট্যচৰ্চা. মনপুৰ মৌচন্দা. পৃ. ৩১৭

সম্পৰ্কিত শ্ৰেণী

অসমীয়া অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানদা বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৫১৩৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।