অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

২০২৬ৰ উজনি অসমৰ বান

২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।

হালনাগাদ: ১ অক্টোবৰ ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

২০২৬ চনৰ ১৯ জুলাইত নাগালেণ্ডৰ মন জিলাত ডাৱৰ বিস্ফোৰণ ঘটি অসমৰ শিৱসাগৰ, চৰাইদেউ জিলা, যোৰহাট আৰু গোলাঘাট জিলাত জলপৃষ্ঠ বৃদ্ধি হয় আৰু বানৰ সৃষ্টি হয়১২৩বুলি কোৱা হৈছে যদিও আঞ্চলিক বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ সূত্ৰই নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱা নাই বুলি তথ্য প্ৰকাশ কৰে।৪

২০২৬ চনৰ ২৬ জুলাইলৈকে এই বানত ৬০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু ৭ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।৫৬৭৮৯

পটভূমি

শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাসমূহ অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত, বন্যাপ্ৰৱণ অঞ্চল। ব্ৰহ্মপুত্ৰ নদ নদীক এই অঞ্চলৰ ৫০ খনতকৈও অধিক উপনৈয়ে পানী যোগান ধৰে আৰু ইয়ে এই অঞ্চলৰ কৃষি কাৰ্য সুগম কৰা, জলাশয় পুনৰ্ভৰ্তি কৰা আৰু বিশ্বৰ অন্যতম চহকী প্লাৱনভূমিৰ পৰিৱেশ তন্ত্ৰ ৰক্ষা কৰে।১০

কাৰণ

বহু সূত্ৰই বান আৰু হঠাতে জলস্তৰ বৃদ্ধিৰ কাৰণ চুবুৰীয়া নাগালেণ্ডৰ পাহাৰত অত্যধিক বৰষুণৰ ফলত হোৱা বুলি উল্লেখ কৰিলেও কিছুমানে কয় যে এই অঞ্চলৰ বনাঞ্চল ধ্বংস আৰু খননেও ইয়াত ভূমিকা লৈছিল।১১ অসম-নাগালেণ্ডৰ সীমামূৰীয়া পাহাৰীয়া অঞ্চলত চলি থকা ব্যাপক ৰেট হোল কয়লা খনন, পাহাৰত হোৱা ভূমিস্খলন আৰু তাৰ ফলত হোৱা আকস্মিক জলপ্ৰৱাহে এই বানৰ সৃষ্টিৰ গুৰুত্বপূৰ্ণ কাৰণ বুলি অসমৰ ভূত্ত্ববিদ ড° শৈলেন বৰঠাকুৰে অভিযোগ কৰে।৪ অতিৰিক্ত পানীৰ বাবে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ - দিখৌ, দিছাং, জাঁজী, ধনশিৰি নৈ বিপদসীমা অতিক্ৰম কৰি দ্ৰুতগতিত ওফন্দি উঠিছিল।১২১০

ক্ষতি

২০২৬ চনৰ ২৬ জুলাইলৈকে এই বানত ৬৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ১০ লাখ লোক আক্ৰান্ত হৈছে। প্ৰায় ৩৭ হাজাৰ হেক্টৰ শস্য ভূমি ডুব যোৱাৰ ফলত কৃষি নিৰ্ভৰশীল অঞ্চলত জীৱিকাৰ যথেষ্ট ক্ষতি হৈছে। বহুতো পশুধনো জাহ গৈছে।১৩১৪

বিভিন্ন অঞ্চলৰ পৰা ঘৰ, পথ আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিৰ তথ্যও পোৱা গৈছে।১৫

২০২৬ চনৰ ২৮ জুলাইৰ পৰা পৰিস্থিতিৰ উন্নতি আৰম্ভ হৈছে।১৬

সাহায্যৰ প্ৰচেষ্টা

ভাৰতীয় সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী, ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী, আৰক্ষী আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ উদ্ধাৰ অভিযানে বিভিন্ন অংশৰ পৰা কেইবাজনো লোকক উলিয়াই অনাত সহায় কৰিছে।১৭

কৰ্তৃপক্ষৰ মতে, ৯০টা সাহায্য শিবিৰ কাৰ্যক্ষম হৈ আছিল, প্ৰায় ৩০,০০০ লোকক আশ্ৰয় প্ৰদান কৰাৰ বিপৰীতে আন ৯৪টা সাহায্য বিতৰণ কেন্দ্ৰই অত্যাৱশ্যকীয় সাহায্য যোগান ধৰিছিল।১৩

ৰাজ্য আৰু জাতিৰ বিভিন্ন প্ৰান্তৰ লোকে সাহায্য সামগ্ৰী প্ৰেৰণ কৰি ক্ষতিগ্ৰস্ত লোকসকলক স্বেচ্ছাই বিতৰণ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (2026-07-25). Why Assam is experiencing unprecedented flooding this year. The Indian Express
  2. ↑ Bureau, The Hindu. (2026-07-26). Assam flood toll 66, BJP seeks relief funds from party workers. The Hindu
  3. ↑ Assam Floods: Death Toll Climbs to 66; BJP Launches ₹12 Crore Relief Campaign. The Times of India
  4. ↑ ডাৱৰ বিস্ফৰণ নে আন কাৰণ
  5. ↑ desk, TNIE online. (2026-07-26). Assam flood situation improves slightly, but over 6.5 lakh people remain affected; death toll rises to 66. The New Indian Express
  6. ↑ Karmakar, Rahul. (2026-07-24). Flood toll climbs to 47 in Assam; over 7 lakh affected. The Hindu
  7. ↑ Digital Desk, Northeast Live. (2026-07-24). Assam Floods 2026: 50 Dead, Over 10 Lakh People Affected. Northeast Live
  8. ↑ (27 July 2026). Assam floods: Indian state faces worst deluge in years. www.bbc.com
  9. ↑ News, A. B. C. At least 50 people killed and 700,000 displaced by India floods after monsoon rains. ABC News
  10. ↑ (2026-07-28). Outlook Explains · Why Assam Floods Every Year Despite Decades Of Flood-Control Projects. Outlook India
  11. ↑ Unregulated Hill Construction Triggers Assam Floods. NEWire.in
  12. ↑ Assam floods · Mining, deforestation and excessive rains behind massive devastation: Experts. Deccan Herald
  13. ↑ (2026-07-28). PM Modi reviews Assam floods as over 4.45 lakh remain affected; Centre steps up relief. The Times of India
  14. ↑ (2026-07-28). Assam floods: Over 4.45 lakh affected across six districts; 631 villages inundated, Charaideo worst-hit. WION
  15. ↑ Tribune, The Assam. (2026-07-28). Assam floods: No fresh deaths over past 24 hrs, affected count falls to 4.45 lakh. assamtribune.com
  16. ↑ (2026-07-27). Assam flood situation improves as waters recede across affected districts. News on AIR
  17. ↑ (2026-07-27). Assam flood situation improves, two more deaths push toll to 68; over 5 lakh hit. Telegraph India

সম্পৰ্কিত শ্ৰেণী

দুৰ্যোগপ্ৰাকৃতিক দুৰ্যোগ২০২৬ চন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৬ৰ উজনি অসমৰ বান” প্ৰবন্ধৰ সংশোধন ৬৪০৬০২ (১ অক্টোবৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।