অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছুনামি

ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়।

হালনাগাদ: ২৮ জুলাই ২০২৩ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ
২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামিৰ থাইলেণ্ডত ৰূপ
২০০৪ চনৰ ভাৰত মহাসাগৰৰ ভূমিকম্প আৰু ছুনামিৰ থাইলেণ্ডত ৰূপছবি: David Rydevik (email: david.rydevikgmail.com), Stockholm, Sweden. · Public domain

ছুনামি (Tsunami)এটা জাপানী শব্দ। ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ। ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ। বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়। ছুনামি হ'ল প্ৰবল জলোচ্ছ্বাস। সকলো ছুনামি ভয়াবহ নহয়। সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়।<ref name="গ্ৰন্থ ১"১

ইতিহাস

২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়। ভাৰত মহাসাগৰৰ উপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প। ইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়। ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়।

সৃষ্টিৰ কাৰণ

সমুদ্ৰতলত সৃষ্টি হোৱা প্ৰবল ভূমিকম্পই ২০০৪ চনৰ ২৬ ডিচেম্বৰৰ ছুনামিৰ মূল কাৰণ। সমুদ্ৰগৰ্ভত থকা এখন ভূতাত্ত্বিক প্লেট - ইণ্ডিয়া প্লেটৰ লগত আৰু আন এখন প্লেট বাৰ্মা প্লেটৰ সংঘৰ্ষ হোৱাৰ ফলত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত ইণ্ডিয়া প্লেটখন বাৰ্মা প্লেটৰ কিছু তললৈ সোমাই গ'ল। সমুদ্ৰপৃষ্ঠৰ পানী উলম্বভাৱে ওপৰলৈ উঠি যোৱাৰ ফলত ছুনামিৰ সৃষ্টি হ'ল। মাজসমুদ্ৰত যি ছুনামিৰ বা প্ৰবল জলোচ্ছ্বাস সৃষ্টি হ'ল,সি অতি বেগেৰে (ঘণ্টাত ৮০০-১০০০ কিল'মিটাৰ বেগত) উপকূলৰ ফালে ধাবিত হৈ আহিল। সমুদ্ৰৰ মাজত কিন্তু তৰংগবোৰৰ দৈৰ্ঘ্য বেছি নাছিল। আনকি ঢৌবোৰৰ উচ্চতাও মাত্ৰ কেইফুটমানহে আছিল। কিন্তু উপকূলত আহি খুন্দা মৰাৰ সময়ত সেই একেবোৰ ঢৌৰে উচ্চতা হ'লগৈ ২০ ৰপৰা ৫৩ ফুট পৰ্যন্ত। ইয়াৰ কাৰণ হ'ল - উপকূলৰ ফালে সমুদ্ৰৰ গভীৰতা কমি অহাৰ ফলত ছুনামিৰ বেগ কিছু কমি আহে আৰু ঢৌৰ উচ্চতা বাঢ়ি যায়।

ক্ষতিগ্ৰস্ত অঞ্চল

প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ সাগৰৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়। "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত পৃথিৱীত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল। বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল। আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩। এইবোৰে চীন,জাপান,জাভা,পেৰু,চিলি,ইণ্ডোনেছিয়া,আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশত ধ্বংস কাৰ্য ঘটাইছিল আৰু বিভিন্ন ঠাইত একোবাৰত ১,২০০ৰ পৰা ৪,০০০ পৰ্যন্ত লোকৰ মৃত্যু হৈছিল। ২৬ ডিছেম্বৰৰ এই ছুনামিৰ ফলত সৃষ্টি হোৱা জলোচ্ছ্বাসে ১১খন দেশৰ অভাৱনীয় ক্ষতি কৰে। এই ১১খন দেশত চৰকাৰী হিচাপমতে মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ১,৬৫,০০০ জন। ইয়াৰ ভিতৰত ইণ্ডোনেছিয়াত মৃতকৰ সংখ্যা সৰ্বাধিক,৮০ হাজাৰ জন। শ্ৰীলংকাত ৩০ হাজাৰ,ভাৰতৰ তামিলনাডু,পুডুছেৰী,অন্ধ্ৰপ্ৰদেশ আৰু কেৰালাত মুঠ মৃতকৰ সংখ্যা ১৫,০০০ জন। আন্দামানত ৭,০০০ জন। ম্যানমাৰ,মালয়েছিয়া,থাইলেণ্ড,মালদ্বীপ আদিতো বহু লোকৰ মৃত্যু হয়। বহুলোকৰ সন্ধানেই পোৱা নগল।

১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপ
১৭৫৫চনত লিছবনত হোৱা ভূমিকম্প আৰু ছুনামিৰ ৰূপছবি: Unknown author · Public domain
সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায়
সাগৰীয় ঢৌসমূহ অগভীৰ অঞ্চললৈ আহিলে ইয়াৰ গতি কমে কিন্তু ঢৌৰ উচ্চতা বাঢ়ি যায়ছবি: Régis Lachaume · CC BY-SA 3.0
সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকে
সাগৰীয় ঢৌবোৰ পাৰৰ অঞ্চল পোৱালৈকে ক্ৰমান্বয়ে উচ্চতা বাঢ়ি গৈ থাকেছবি: -Ilhador- · Public domain

ধ্বংসলীলা

ছুনামিৰ পিছতেই বিপৰ্যস্ত দেশবোৰত খাদ্য,খোৱাপানী,আশ্ৰয় আদিৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছিল। এই ছুনামিত ভাৰতৰ ক্ষতি হয় প্ৰায় ৫ হাজাৰ কোটি টকা। ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬২ কিল'মিটাৰ ৰাজ্য আৰু জিলা পথৰ ৪৬২ কিল'মিটাৰ,৭খন দলং,৩৪টা পুল সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ছুনামিটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হয় শিশুসকল। মৃতকৰ ভিতৰত শিশুৰ সংখ্যাই সৰ্বাধিক। ইউনিচেফৰ এটা সমীক্ষাত দেশৰ ভিতৰত ইণ্ডোনেছিয়া,ভাৰত আৰু শ্ৰীলংকাতে ধন-জন হানি আতাইতকৈ বেছি।

ভাৰতৰ যি সাতখন ৰাজ্যত ছুনামিয়ে ধ্বংসলীলা চলালে সেইকেইখন হ'ল - ওড়িশা,পশ্চিমবংগ,অন্ধ্ৰপ্ৰদেশ,তামিলনাডু,পুডুছেৰী,কেৰালা আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জ। তাৰ ভিতৰত তামিলনাডু আৰু আন্দামান-নিকোবৰতে ক্ষয়-ক্ষতি সৰ্বাধিক।

তথ্যসূত্ৰ

  1. ↑ (২০১৩). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. পৃষ্ঠা ৬৪

সম্পৰ্কিত শ্ৰেণী

ভূগোলপ্ৰাকৃতিক দুৰ্যোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছুনামি” প্ৰবন্ধৰ সংশোধন ৩৭২৫৬৪ (২৮ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।