১৮৯৭ চনৰ ১২ জুন তাৰিখে হোৱা ভূমিকম্পটোৱে সমগ্ৰ অসমৰ ক্ষতি সাধন কৰে। ইয়াৰ প্ৰাৱল্য আছিল ৮.১ ৰিখটাৰ স্কেল।.১
এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০,০০০ বৰ্গ মাইল (৩৯০,০০০ বৰ্গ কিঃমিঃ) অঞ্চলৰ ঘৰ-দুৱাৰ আদি ধ্বংস হয়। ইয়াৰ উপৰি ম্যানমাৰৰ পৰা নতুন দিল্লীলৈকে প্ৰায় ২,৫০,০০০বৰ্গ মাইল (৬,৫০,০০০ বৰ্গ কিঃমিঃ) জুৰি এই ভূমিকম্পৰ কম্পন অনুভৱ কৰা গৈছিল। ইয়াৰ ফলত প্ৰতিৱেশী দেশ ভূটানৰ বহু অট্টালিকা ধ্বংস হয়।২
এই ভূমিকম্পৰ ফলত প্ৰায় ১৫০০ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও বহু পৰিমাণৰ সা-সম্পত্তিৰ ক্ষয়-ক্ষতি হয়। লগতে অসমৰ কামৰূপ জিলাত Chandubi নামৰ এখন বিলৰ(Lake)সৃষ্টি হৈছিল। এই বিলখন Guwahati ৰ পৰা 64 km দূৰৈত অৱস্থিত।
পটভূমি
বহু গৱেষকৰ মতে অল্ডহাম চ্যুতিত এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল।৩ এই চ্যুতি ইণ্ডিয়ান প্লেটৰ অন্তৰ্গত শ্বিলঙ মালভূমিৰ উত্তৰ অংশত অৱস্থিত।৩১৪
লগতে চাওক
- অসমত হোৱা ভূমিকম্প (১৯৪৭)
- অসমত হোৱা ভূমিকম্প(১৮৯৭)
লগতে পঢ়ক
- Gahalaut V.K. and Chander R., A rupture model for the great earthquake of 1897, northeast India.
- Oldham, Richard D. 'Report on the great earthquake of 1897'. Geological Survey of India, Calcutta, 1899.
- Lee, W.H.K., and M. Meyers and N. Shimazaki. 'Historical Seismograms and Earthquakes of the World Academic Press, San Diego, 1988.
বাহ্যিক সংযোগ
- Tom LaTouche and the Great Assam Earthquake of 12 June 1897: Letters from the Epicenter (with photographs of damage at Shillong, Rowmari and Calcutta, detailed field report with diagrams, and mapping of the epicentre)
তথ্যসূত্ৰ
- ↑ Bilham and England, Plateau Pop-up during 1897 Assam Earthquake, Nature, 410, 806-809, 2001
- ↑ Kalita, Jugal. The Great Assam Earthquake of 1897. Assam Portal
- ↑ England, Philip; Bilham, Roger. (2015). The Shillong Plateau and the great 1897 Assam earthquake. Tectonics. পৃ. 1792–1812
- ↑ Hough, S.E. (2005). Revisiting the 1897 Shillong and 1905 Kangra earthquakes in northern India: Site response, Moho reflections and a triggered earthquake. Current Science. পৃ. 1632–1638
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমত হোৱা ভূমিকম্প (১৮৯৭)” প্ৰবন্ধৰ সংশোধন ৬১৬৯২৫ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।